--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলীয়ে তেওঁলোকৰ দ্বিতীয় সন্তান জন্মৰ সময়ত পত্নী অনুষ্কা শৰ্মাৰ কাষত থাকিব বিচাৰিছিল। সেয়ে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ ছুটী গদিছিল ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে। কোহলীৰ বিৰুদ্ধে খেলাৰ সুযোগ নোপোৱাত হতাশ হৈছে জেমছ এণ্ডাৰছন। ইংলেণ্ডৰ প্ৰবীণ বলাৰগৰাকীয়ে এই বিষয়টোক লজ্জাজনক বুলি অভিহিত কৰে।

পাঁচটা টেষ্ট ছিৰিজত কোহলীৰ সৈতে ২২ গজৰ যুঁজ দিয়াৰ সুযোগ পোৱা নাই এণ্ডাৰছনে। সেই কথাত অলপ হতাশ হৈছে ইংৰাজ বলাৰগৰাকী। কোহলীক ১০ বাৰ আউট কৰিছিল এণ্ডাৰছনে। পুনৰ ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে তেওঁৰ বিৰুদ্ধে ৩৩১ ৰান সংগ্ৰহ কৰে। ৪১ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে দুয়োখন দেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া ছিৰিজত কোহলীৰ অনুপস্থিতি মানি ল’ব নোৱাৰে। 

এণ্ডাৰছনে কয় - ''সকলোৱে সদায় শ্ৰেষ্ঠ খেলুৱৈৰ বিৰুদ্ধে খেলিব বিচাৰে। এই ছিৰিজত কোহলীয়ে খেলা নাই সেয়া লজ্জাজনক। কেইবাবছৰ ধৰি আমাৰ মাজত এক ডাঙৰ যুঁজ চলি আছে। যে আমি উপভোগ কৰো। কেৱল মইয়েই নহয়, দল হিচাপে আমি বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈৰ বিৰুদ্ধে খেলি ভাল পাওঁ। এইবাৰ সেই সুযোগ নাপালোঁ।’’

প্ৰবীণ বেগী বলাৰগৰাকীয়ে কয়, ‘কোহলী এজন অতি ডাঙৰ খেলুৱৈ। তেওঁ নহয় বুলি আমাৰ সমৰ্থকসকলে সুখী হ’ব পাৰে। কিন্তু মোৰ দৃষ্টিভংগী বেলেগ। নিজকে পৰীক্ষা কৰিবলৈ আপুনি শ্ৰেষ্ঠৰ বিৰুদ্ধে খেলিব লাগিব। কোহলী এনেকুৱা এজন ব্যক্তি যাৰ লগত বছৰ বছৰ ধৰি বলিং কৰাটো মই প্ৰত্যাহ্বানজনক বুলি পাইছো। সঁচাকৈয়ে লজ্জাজনক কথা যে তেওঁ এই ছিৰিজত খেলা নাছিল।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী