--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন জনপ্ৰতিনিধি৷যাৰ সদনত দেখা কুৰুচিপূৰ্ণ অংগসঞ্চলনে আকৰ্ষণ কৰে প্ৰতিজন অসমীয়াৰ দৃষ্টি৷বৰ্তমান চলি আছে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন৷আজি আছিল অধিৱেশন চতুৰ্থ দিন৷সদনৰ মজিয়াত গত তিনি দিনৰ তুলনাত গম্ভীৰ ৰূপত দেখা গৈছিল কংগ্ৰেছ তথা বিৰোধীক৷কিন্তু তেনেতে ঘটিল এক অঘটন৷

দৰাচলতে আজি অসম বিধানসভা উত্তাল হৈ পৰিছিল ধৰ্মপুৰ সমষ্টিৰ বিধায়ক তথা বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ এক বিশেষ কাৰ্যত৷যেতিয়া সদনৰ মজিয়াত সংখ্যালঘু উন্নয়নৰ বাবে ব্যয় হোৱা ধনৰ  কথা আলোচনা কৰা হৈছিল,সেই সময়ত বিৰোধীৰ দ্বাৰা কৰা প্ৰশ্নত দিশহাৰা হৈ পৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী৷আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক  অখিল গগৈৰ এই সন্দৰ্ভত কৰা এটা প্ৰশ্নত বুঢ়া আঙুলি দেখুৱাই ৰাজ্যৰ জ্যেষ্ঠ জনপ্ৰতিনিধি চন্দ্ৰমোহন পাটোৱাৰী-এ৷যাৰ পাছত পাটোৱাৰীৰ এই কাৰ্যত ক্ষুব্ধ হৈ একাংশ বিৰোধী বিধায়কে সদন ত্যাগ কৰে৷তদুপৰি আজি সদনৰ মজিয়াত অসহায় ৰূপত দেখা গ’ল পাটোৱাৰীক৷দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই  আজি সদনৰ মাজতে গছ ধ্বংস কৰাৰ প্ৰসংগ উত্থাপন কৰি  আমচাং অভয়াৰণ্যৰ পয়ালগা অৱস্থাৰ কথা অৱতাৰণা কৰে৷আৰু সেই প্ৰশ্নটো পাটোৱাৰীয়ে বেৰে চালে কোবোৱা উত্তৰ দিয়ে৷যাক লৈ বিধানসভাত অতুল বৰাই অসন্তুষ্টিও ব্যক্ত কৰে৷


আজি বিধানসভাৰ মজিয়াত মন্ত্ৰীজনৰ ব্যৱহাৰ দেখি হতচকিত হৈ পৰিছে অসমবাসী৷কাৰণ এজন মন্ত্ৰীৰ পৰা সদনত এনে ব্যৱহাৰ মুঠেই গ্ৰহণযোগ্য নহয়৷ভৱিষ্যতৰ বাবে সংসদীয় গণতন্ত্ৰত যাতে চন্দ্ৰমোহন পাটোৱাৰীৰ এই ব্যৱহাৰৰ দৰে অনুৰূপ ঘটনাৰ পুনৰাবৃত্তি নঘটে সকলোৱে তাৰে অন্তঃকৰণেৰে কামনা কৰিছে ৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু