--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন জনপ্ৰতিনিধি৷যাৰ সদনত দেখা কুৰুচিপূৰ্ণ অংগসঞ্চলনে আকৰ্ষণ কৰে প্ৰতিজন অসমীয়াৰ দৃষ্টি৷বৰ্তমান চলি আছে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন৷আজি আছিল অধিৱেশন চতুৰ্থ দিন৷সদনৰ মজিয়াত গত তিনি দিনৰ তুলনাত গম্ভীৰ ৰূপত দেখা গৈছিল কংগ্ৰেছ তথা বিৰোধীক৷কিন্তু তেনেতে ঘটিল এক অঘটন৷

দৰাচলতে আজি অসম বিধানসভা উত্তাল হৈ পৰিছিল ধৰ্মপুৰ সমষ্টিৰ বিধায়ক তথা বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ এক বিশেষ কাৰ্যত৷যেতিয়া সদনৰ মজিয়াত সংখ্যালঘু উন্নয়নৰ বাবে ব্যয় হোৱা ধনৰ  কথা আলোচনা কৰা হৈছিল,সেই সময়ত বিৰোধীৰ দ্বাৰা কৰা প্ৰশ্নত দিশহাৰা হৈ পৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী৷আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক  অখিল গগৈৰ এই সন্দৰ্ভত কৰা এটা প্ৰশ্নত বুঢ়া আঙুলি দেখুৱাই ৰাজ্যৰ জ্যেষ্ঠ জনপ্ৰতিনিধি চন্দ্ৰমোহন পাটোৱাৰী-এ৷যাৰ পাছত পাটোৱাৰীৰ এই কাৰ্যত ক্ষুব্ধ হৈ একাংশ বিৰোধী বিধায়কে সদন ত্যাগ কৰে৷তদুপৰি আজি সদনৰ মজিয়াত অসহায় ৰূপত দেখা গ’ল পাটোৱাৰীক৷দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই  আজি সদনৰ মাজতে গছ ধ্বংস কৰাৰ প্ৰসংগ উত্থাপন কৰি  আমচাং অভয়াৰণ্যৰ পয়ালগা অৱস্থাৰ কথা অৱতাৰণা কৰে৷আৰু সেই প্ৰশ্নটো পাটোৱাৰীয়ে বেৰে চালে কোবোৱা উত্তৰ দিয়ে৷যাক লৈ বিধানসভাত অতুল বৰাই অসন্তুষ্টিও ব্যক্ত কৰে৷


আজি বিধানসভাৰ মজিয়াত মন্ত্ৰীজনৰ ব্যৱহাৰ দেখি হতচকিত হৈ পৰিছে অসমবাসী৷কাৰণ এজন মন্ত্ৰীৰ পৰা সদনত এনে ব্যৱহাৰ মুঠেই গ্ৰহণযোগ্য নহয়৷ভৱিষ্যতৰ বাবে সংসদীয় গণতন্ত্ৰত যাতে চন্দ্ৰমোহন পাটোৱাৰীৰ এই ব্যৱহাৰৰ দৰে অনুৰূপ ঘটনাৰ পুনৰাবৃত্তি নঘটে সকলোৱে তাৰে অন্তঃকৰণেৰে কামনা কৰিছে ৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ