--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰথম বলতে আউট বিৰাট কোহলী! ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে বাংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত  চলি থকা  আই পি এলৰ মেচখনৰ ইনিংছ মুকলি কৰিবলৈ আহিয়ে গ’ল্ডেন ডাকৰ সন্মুখিন হ’বলগা হয় কিং কোহলী।

স্পীড ষ্টাৰ ট্ৰেণ্ট ব’ল্টৰ এটা দূৰ্দান্ত বলত এলবিডব্লিউ হয় কোহলী। আইপিএলত কোহলীৰ এয়া দশমটো ডাক। ইয়াৰে ৭টা গ’ল্ডেন ডাক।

উল্লেখ্য যে বাংগালুৰুৰ নিয়মীয়া অধিনায়ক ফাফ ডু প্লেছিছৰ ফিটনেছৰ অনিশ্বয়তাৰ বাবে বিৰাট কোহলীয়ে অধিনায়কত্ব অব্যাহত ৰাখিছে। ২০২১ চনত এই ভূমিকা ত্যাগ কৰিছিল কোহলীয়ে। চলিত সপ্তাহৰ আৰম্ভণিতে পঞ্জাব কিংছৰ বিৰুদ্ধে অধিনায়কত্বৰ ভূমিকা পালন কৰে তেওঁ। মেচখনত জয়ী হয়। তাৰপাছতে পিছত কোহলীক ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধেও নেতৃত্ব দিবলৈ কোৱা হয়।

ৰাজস্থানৰ অধিনায়ক সঞ্জু চেমছনে টছত জয়লাভ কৰি বেংগালুৰুত প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত মেচখনৰ প্ৰথম অভাৰৰ প্ৰথমটো বলতে কোহলী আউট হয়।। ব’ল্টে নিজৰ ট্ৰেডমাৰ্ক ইনছুইংগাৰেৰে কোহলীক এলবিডব্লিউ কৰে। কোহলীয়ে ফ্লিক শ্বট খেলিবলৈ বিচাৰিছিল, কিন্তু ব্যৰ্থ হয়।

আনহাতে, ২০১৯ চনৰ বিশ্বকাপতো নিউজিলেণ্ডৰ স্পীডষ্টাৰ ট্ৰেণ্ট ব’ল্টে কোহলীক শূণ্য ৰাণতে আউট কৰিছিল।  বিশ্বকাপৰ ছেমি ফাইনেল মেচখনত ভাৰত আৰু নিউজিলেণ্ড মুখামুখি হৈছিল। তেতিয়া কোহলীক প্ৰথমটো বলতে আউট কৰিছিল ব’ল্টে।

ইয়াৰ দ্বাৰা ব’ল্টে আই পি এলত ১০০ সংখ্যক উইকেট লাভ কৰে। এই ১০০টা উইকেটৰ ভিতৰত ৪৬টা পাৱাৰপ্লেত আৰু ২১টা প্ৰথম অভাৰত লাভ কৰিছে তেওঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement