--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰথম বলতে আউট বিৰাট কোহলী! ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে বাংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত  চলি থকা  আই পি এলৰ মেচখনৰ ইনিংছ মুকলি কৰিবলৈ আহিয়ে গ’ল্ডেন ডাকৰ সন্মুখিন হ’বলগা হয় কিং কোহলী।

স্পীড ষ্টাৰ ট্ৰেণ্ট ব’ল্টৰ এটা দূৰ্দান্ত বলত এলবিডব্লিউ হয় কোহলী। আইপিএলত কোহলীৰ এয়া দশমটো ডাক। ইয়াৰে ৭টা গ’ল্ডেন ডাক।

উল্লেখ্য যে বাংগালুৰুৰ নিয়মীয়া অধিনায়ক ফাফ ডু প্লেছিছৰ ফিটনেছৰ অনিশ্বয়তাৰ বাবে বিৰাট কোহলীয়ে অধিনায়কত্ব অব্যাহত ৰাখিছে। ২০২১ চনত এই ভূমিকা ত্যাগ কৰিছিল কোহলীয়ে। চলিত সপ্তাহৰ আৰম্ভণিতে পঞ্জাব কিংছৰ বিৰুদ্ধে অধিনায়কত্বৰ ভূমিকা পালন কৰে তেওঁ। মেচখনত জয়ী হয়। তাৰপাছতে পিছত কোহলীক ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধেও নেতৃত্ব দিবলৈ কোৱা হয়।

ৰাজস্থানৰ অধিনায়ক সঞ্জু চেমছনে টছত জয়লাভ কৰি বেংগালুৰুত প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত মেচখনৰ প্ৰথম অভাৰৰ প্ৰথমটো বলতে কোহলী আউট হয়।। ব’ল্টে নিজৰ ট্ৰেডমাৰ্ক ইনছুইংগাৰেৰে কোহলীক এলবিডব্লিউ কৰে। কোহলীয়ে ফ্লিক শ্বট খেলিবলৈ বিচাৰিছিল, কিন্তু ব্যৰ্থ হয়।

আনহাতে, ২০১৯ চনৰ বিশ্বকাপতো নিউজিলেণ্ডৰ স্পীডষ্টাৰ ট্ৰেণ্ট ব’ল্টে কোহলীক শূণ্য ৰাণতে আউট কৰিছিল।  বিশ্বকাপৰ ছেমি ফাইনেল মেচখনত ভাৰত আৰু নিউজিলেণ্ড মুখামুখি হৈছিল। তেতিয়া কোহলীক প্ৰথমটো বলতে আউট কৰিছিল ব’ল্টে।

ইয়াৰ দ্বাৰা ব’ল্টে আই পি এলত ১০০ সংখ্যক উইকেট লাভ কৰে। এই ১০০টা উইকেটৰ ভিতৰত ৪৬টা পাৱাৰপ্লেত আৰু ২১টা প্ৰথম অভাৰত লাভ কৰিছে তেওঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব