--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ যন্তৰ-মন্তৰত পুনৰ প্ৰতীবাদ সাব্যষ্ট কৰিছে দেশৰ তাৰকা মল্লযুঁজাৰুসকল। ভাৰতৰ মল্লযুঁজ ফেডাৰেচন (ডব্লিউ এফ আই) আৰু ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে এই প্ৰতিবাদ চলিছে। 

অলিম্পিক পদক বিজয়ী বজৰংগ পুনিয়া আৰু সাক্ষী মালিক আৰু কমনৱেলথ গেমছৰ পদক বিজয়ী বিনেশ ফ’গাটকে ধৰি ভাৰতৰ শীৰ্ষ আন্তঃৰাষ্ট্ৰীয় মল্লযুঁজাৰুসকলে ইয়াত অংশ লৈছে। 

উল্লেখ্য যে তিনিমাহ পূৰ্বে ভাৰতৰ মল্লযুঁজ ফেডাৰেচন (ডব্লিউ এফ আই) আৰু ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে কেতবোৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছিল। জন্তৰ মন্তৰত তাৰ প্ৰতিবাদ সাব্যস্ত কৰি আলোড়নৰ সৃষ্টি কৰিছিল দেশৰ তাৰকা মল্লযুঁজাৰুসকলে।

উক্ত প্ৰতিবাদৰ পিছত হোৱা আলোচনাৰ সময়ত নিৰ্ধাৰণ কৰা চৰ্ত পূৰণ নকৰাৰ অভিযোগত মল্লযুঁজাৰুসকল আজি পুনৰ যন্তৰ-মন্তৰত ধৰ্মঘটত বহিছে।

আজি সংবাদ মাধ্যমৰ আগত সাক্ষী মালিক আৰু বিনেশ ফ’গাটে কয় যে নাবালিকাকে ধৰি কেইবাগৰাকীও মহিলা মল্লযুঁজাৰুৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত দিল্লী আৰক্ষীয়ে ব্রিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰাত ব্যর্থ হোৱাৰ বাবে তেওঁলোকে যন্তৰ মন্তৰলৈ পুনৰ আহিবলৈ বাধ্য হৈছে৷

মল্লযুঁজাৰুসকলৰ অভিযোগ মতে, শুকুৰবাৰে নতুন দিল্লীৰ কন’ট প্লেচ থানাত অভিযোগ দাখিল কৰা হৈছিল যদিও এতিয়াও এফআইআৰ দাখিল কৰা হোৱা নাই।

বিগত জানুৱাৰী মাহত মল্লযুঁজাৰুসকলে প্ৰতিবাদ সাব্যস্ত কৰি ডব্লিউ এফ আইৰ সভাপতি ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল আৰু তেওঁৰ পদত্যাগৰ দাবী জনাইছিল৷ লগতে মল্লযুঁজাৰুসকলক মানসিকভাৱে হাৰাশাস্তি কৰাৰ লগতে মল্লযুঁজাৰুসকলে ইয়াৰ বিৰুদ্ধে মাত মাতিবলৈ চেষ্টা কৰাৰ সময়ত তেওঁলোকক মৃত্যুৰ ভাবুকি দিয়া বুলিও অভিযোগ তুলিছিল।

তদুপৰি ডব্লিউ এফ আই ধনৰ অপব্যৱহাৰত জড়িত থকাৰ অভিযোগো উত্থাপন কৰিছিল মল্লযুঁজাৰুসকলে। বিনেশ ফ’গাট, বজৰং পুনিয়া, সাক্ষী মালিক আৰু ৰবি কুমাৰ দহিয়াৰ দৰে খেলুৱৈয়ে জানুৱাৰী মাহত ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰক সাক্ষাৎ কৰিছিল। ক্ৰীড়া মন্ত্ৰালয়ে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলৰ অভিযোগৰ পাছতে মেৰী কমৰ নেতৃত্বত এখন তদাৰকী সমিতি গঠন কৰি এই অভিযোগৰ তদন্ত কৰে।

কমিটীক প্ৰতিবেদন দাখিল কৰিবলৈ চাৰি সপ্তাহৰ সময়সীমা দিয়া হৈছিল যদিও সেই সময়সীমা কেইবাবাৰো বৃদ্ধি কৰা হৈছিল। আজি প্ৰতিবাদী মল্লযুঁজাৰুসকলে তদাৰকী সমিতিৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ লগতে ডব্লিউ এফ আই আৰু ইয়াৰ সভাপতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

“যোৱা তিনিমাহ ধৰি আমি কমিটীৰ মানুহ, ক্ৰীড়া মন্ত্ৰালয়ৰ লোকৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰি আহিছো। আমাৰ ফোনকল কোনেও গ্ৰহণ কৰা নাই, আমি যুঁজি যাম, যন্তৰ মন্তৰতে প্ৰতিবাদ অব্যাহত ৰাখিম। আমি ন্যায় লাভ নকৰা পৰ্যন্ত যুঁজ দিম।”- সংবাদ মাধ্যমৰ আগত আজি এইদৰে কয় বিনেশ ফ’গাটে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন