--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ যন্তৰ-মন্তৰত পুনৰ প্ৰতীবাদ সাব্যষ্ট কৰিছে দেশৰ তাৰকা মল্লযুঁজাৰুসকল। ভাৰতৰ মল্লযুঁজ ফেডাৰেচন (ডব্লিউ এফ আই) আৰু ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে এই প্ৰতিবাদ চলিছে। 

অলিম্পিক পদক বিজয়ী বজৰংগ পুনিয়া আৰু সাক্ষী মালিক আৰু কমনৱেলথ গেমছৰ পদক বিজয়ী বিনেশ ফ’গাটকে ধৰি ভাৰতৰ শীৰ্ষ আন্তঃৰাষ্ট্ৰীয় মল্লযুঁজাৰুসকলে ইয়াত অংশ লৈছে। 

উল্লেখ্য যে তিনিমাহ পূৰ্বে ভাৰতৰ মল্লযুঁজ ফেডাৰেচন (ডব্লিউ এফ আই) আৰু ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে কেতবোৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছিল। জন্তৰ মন্তৰত তাৰ প্ৰতিবাদ সাব্যস্ত কৰি আলোড়নৰ সৃষ্টি কৰিছিল দেশৰ তাৰকা মল্লযুঁজাৰুসকলে।

উক্ত প্ৰতিবাদৰ পিছত হোৱা আলোচনাৰ সময়ত নিৰ্ধাৰণ কৰা চৰ্ত পূৰণ নকৰাৰ অভিযোগত মল্লযুঁজাৰুসকল আজি পুনৰ যন্তৰ-মন্তৰত ধৰ্মঘটত বহিছে।

আজি সংবাদ মাধ্যমৰ আগত সাক্ষী মালিক আৰু বিনেশ ফ’গাটে কয় যে নাবালিকাকে ধৰি কেইবাগৰাকীও মহিলা মল্লযুঁজাৰুৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত দিল্লী আৰক্ষীয়ে ব্রিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰাত ব্যর্থ হোৱাৰ বাবে তেওঁলোকে যন্তৰ মন্তৰলৈ পুনৰ আহিবলৈ বাধ্য হৈছে৷

মল্লযুঁজাৰুসকলৰ অভিযোগ মতে, শুকুৰবাৰে নতুন দিল্লীৰ কন’ট প্লেচ থানাত অভিযোগ দাখিল কৰা হৈছিল যদিও এতিয়াও এফআইআৰ দাখিল কৰা হোৱা নাই।

বিগত জানুৱাৰী মাহত মল্লযুঁজাৰুসকলে প্ৰতিবাদ সাব্যস্ত কৰি ডব্লিউ এফ আইৰ সভাপতি ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল আৰু তেওঁৰ পদত্যাগৰ দাবী জনাইছিল৷ লগতে মল্লযুঁজাৰুসকলক মানসিকভাৱে হাৰাশাস্তি কৰাৰ লগতে মল্লযুঁজাৰুসকলে ইয়াৰ বিৰুদ্ধে মাত মাতিবলৈ চেষ্টা কৰাৰ সময়ত তেওঁলোকক মৃত্যুৰ ভাবুকি দিয়া বুলিও অভিযোগ তুলিছিল।

তদুপৰি ডব্লিউ এফ আই ধনৰ অপব্যৱহাৰত জড়িত থকাৰ অভিযোগো উত্থাপন কৰিছিল মল্লযুঁজাৰুসকলে। বিনেশ ফ’গাট, বজৰং পুনিয়া, সাক্ষী মালিক আৰু ৰবি কুমাৰ দহিয়াৰ দৰে খেলুৱৈয়ে জানুৱাৰী মাহত ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰক সাক্ষাৎ কৰিছিল। ক্ৰীড়া মন্ত্ৰালয়ে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলৰ অভিযোগৰ পাছতে মেৰী কমৰ নেতৃত্বত এখন তদাৰকী সমিতি গঠন কৰি এই অভিযোগৰ তদন্ত কৰে।

কমিটীক প্ৰতিবেদন দাখিল কৰিবলৈ চাৰি সপ্তাহৰ সময়সীমা দিয়া হৈছিল যদিও সেই সময়সীমা কেইবাবাৰো বৃদ্ধি কৰা হৈছিল। আজি প্ৰতিবাদী মল্লযুঁজাৰুসকলে তদাৰকী সমিতিৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ লগতে ডব্লিউ এফ আই আৰু ইয়াৰ সভাপতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

“যোৱা তিনিমাহ ধৰি আমি কমিটীৰ মানুহ, ক্ৰীড়া মন্ত্ৰালয়ৰ লোকৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰি আহিছো। আমাৰ ফোনকল কোনেও গ্ৰহণ কৰা নাই, আমি যুঁজি যাম, যন্তৰ মন্তৰতে প্ৰতিবাদ অব্যাহত ৰাখিম। আমি ন্যায় লাভ নকৰা পৰ্যন্ত যুঁজ দিম।”- সংবাদ মাধ্যমৰ আগত আজি এইদৰে কয় বিনেশ ফ’গাটে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে