--°C
Loading...
Listen to Article
2 min read
80%

লক্ষ্ণৌ : তেওঁৰ এঘাৰ বছৰীয়া ভগ্নীয়ে এখন হাৰিব ধৰা এখন যুঁজত মৃত্যুৰ মুখামুখি হৈছে। ভনীয়েকৰ যন্ত্ৰণাকাতৰ মুখখন, ক্ৰমশঃ শেঁতা হৈ আহিব ধৰা শৰীৰটো, লাহে লাহে শক্তিহীন হৈ অহা ছটফটনিটো দেখি থিৰেৰে থাকিব পৰা নাই তাই। কিন্তু কৰিবই বা কি? হাস্পতালৰ বিছনাত মৃত্যুৰে মৰণপণ যুঁজ কৰি থকা ভনীয়েকৰ বাবে একো কৰিব নোৱাৰি তাই হৈ পৰিছে অস্থিৰ আৰু একপ্ৰকাৰ হিতাহিত জ্ঞানশূন্য। চিকিতসকৰ পৰা নাৰ্ছলৈকে সকলোকে কৰযোৰে প্ৰাৰ্থনা কৰিছে তাইক সুস্থ কৰি তোলক, তাইক বচাওক, তাইক হাৰি যাবলৈ নিদিব এই যুঁজত। কিন্তু ফল ধৰা নাই একোৱেই। তাৰ চকুৰ সন্মুখতে লাহে লাহে নিশ্চল হৈ আহিছে তাইৰ মৰমী ভগ্নীৰ শৰীৰ।

অৱশেষত তাই বাছি লৈছে চৰম পন্থা। হাস্পতালৰ বিছনাত ভগ্নীৰ যুঁজখনত অলপ শক্তি যোগোৱাৰ বাবে তাই ৰাজপথলৈ ওলাই আহিছে আৰু এগৰাকী জ্যেষ্ঠ বিষয়াৰ গাড়ীৰ আগত দীঘল হৈ পৰিছে। ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ফিৰোজাবাদত। সোমবাৰে সন্ধিয়াৰ ভাগত এই কৰুণ ঘটনা সংঘটিত হয়। ফিৰোজাবাদৰ এখন চৰকাৰী হাস্পতালৰ বিছনাত ডেংগুত আক্ৰান্ত ভনীয়েকে উপযুক্ত চিকিতসা নোপোৱা বুলি অভিযোগ কৰি ২০ বছৰীয়া নিকিতা কুশ্বৱাহাই ৰাজপথলৈ ওলাই আহিছে আৰু ফিৰোজাবাদৰ ডেংগুজনিত স্বাস্থ্য সংকটৰ বুজ ল’বলৈ অহা বিষয়া এগৰাকীৰ গাড়ীৰ আগত পৰি গৈছে। নিজক এক ভয়ংকৰ বিপদৰ মাজলৈ ঠেলি দি তাই চিঞৰি চিঞৰি কৈছে, ছাৰ… তাইক বছাওক… ছাৰ তাইৰ কাৰণে কিবা এটা কৰক, নহ’লে তাই মৰি থাকিব… ছাৰ তাইৰ উপযু্ক্ত চিকিতসাৰ ব্যৱস্থা কৰাওক। এই ঘটনাৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে আৰু উত্তৰ প্ৰদেশৰ স্বাস্থ্য খণ্ডৰ এক নগ্ন ৰূপ তুলি ধৰিছে।

২০ বছৰীয়া যুৱতীগৰাকীয়ে তাইৰ ভনীয়েকে হাস্পতালখনত উপযুক্ত সুশ্ৰুষা নোপোৱাৰো অভিযোগ তোলে বিষয়াগৰাকীৰ আগত। এই অবাঞ্চিত পৰিস্থিতিৰ মাজতে এগৰাকী আৰক্ষী বিষয়া আৰু আয়ুক্তগৰাকীয়ে গাড়ীৰ পৰা নামি আহি নিকিতাক বুজাবলৈ চেষ্টা কৰা দেখা যায়। অৱশেষত দুগৰাকী মহিলা আৰক্ষীয়ে তেওঁক তাৰপৰা টানি আঁতৰাই লৈ যায়। কিন্তু নিকিতাই নিজৰ সৰ্বস্ব উজাৰি দিও ৰক্ষা কৰিব নোৱাৰিলে ভনীয়েকক। এই ঘটনাৰ কেইঘণ্টামানৰ পাছতে ১১ বছৰীয়া কিশোৰী বৈষ্ণৱী কুশ্বৱাহাৰ হাস্পতালৰ বিছনাতে মৃত্যু হয়। নিকিতাই তেওঁৰ ভগ্নীয়ে উপযুক্ত চিকিতসা লাভ নকৰা বুলি অভিযোগ কৰিছে আৰু চিকিতসকৰ নিলম্বনৰ দাবী তুলিছে। তাৰ বিপৰীতে হাস্পতালখনে প্ৰকাশ কৰে যে, কিশোৰীগৰাকীক ৰক্ষা কৰাৰ বাবে সম্ভৱপৰ সকলোখিনি কৰা হৈছে। ‘কিশোৰীগৰাকীৰ অৱস্থা অতি সংকটজনক আছিল তেওঁৰ লিভাৰ ডাঙৰ হৈ গৈছিল, পাকস্থলীত পানী জমা হৈছিল।

তেওঁৰ অৱস্থা অধিক শোচনীয় হৈ পৰাৰ লগে লগে তেওঁক ভেণ্টিলেটৰলৈও স্থানান্তৰ কৰা হৈছিল। আমাৰ সাধ্যৰ ভিতৰত থকা সকলোখিনি আমি কৰিছিলোঁ কিন্তু তাইক বচাব নোৱাৰিলোঁ।‘ ফিৰোজাবাদ মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষ ডাঃ সংগীতা আনেজাই এইকথা প্ৰকাশ কৰে। কেৱল নিকিতা, বৈষ্ণৱীৰ কাহিনীয়েই নহয়, ফিৰোজাবাদত এতিয়া এনে পৰিস্থিতি তথা দৃশ্য সুলভ হৈ পৰিছে। আগ্ৰাৰ পৰা ৫০ কিলোমিটাৰ আৰু ৰাজধানী লক্ষ্ণৌৰ পৰা ৩২০ কিলোমিটাৰ আঁতৰৰ চহৰখনত এতিয়া ডেংগুৱে সৃষ্টি কৰিছে আতংকৰ। সোমবাৰে মৃত্যু হোৱা বৈষ্ণৱীকে ধৰি সোমবাৰলৈ শতাধিক লোকৰ ডেংগুত মৃত্যু হৈছে। মঙবাৰে পুৱাও ডেংগুত আক্ৰান্ত এগৰাকী কিশোৰীক দুবাহুৰে সাবটি পিতৃয়ে হাস্পতাললৈ নিয়াৰ সময়তে তেওঁৰ দুবাহুৰ মাজতে কিশোৰীগৰাকীৰ মৃত্যু হোৱাৰ দুৰ্ভাগ্যজনক ঘটনা ঘটিছে। ৰাজ্যখনত আন কেইবাখনো ঠাইত এতিয়া ডেংগুৱে ত্ৰাসৰ সৃষ্টি কৰিছে। সৃষ্টি কৰিছে মৃত্যু মিছিল। কেৱল ফিৰোজাবাদতে ১২হাজাৰ লোক আক্ৰান্ত হৈছে ডেংগুত। মৃত্যু হৈছে শতাধিকৰ। ইয়াৰে আধাতকৈ অধিক হৈছে শিশু।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু