--°C
Loading...
Listen to Article
2 min read
80%

লক্ষ্ণৌ : তেওঁৰ এঘাৰ বছৰীয়া ভগ্নীয়ে এখন হাৰিব ধৰা এখন যুঁজত মৃত্যুৰ মুখামুখি হৈছে। ভনীয়েকৰ যন্ত্ৰণাকাতৰ মুখখন, ক্ৰমশঃ শেঁতা হৈ আহিব ধৰা শৰীৰটো, লাহে লাহে শক্তিহীন হৈ অহা ছটফটনিটো দেখি থিৰেৰে থাকিব পৰা নাই তাই। কিন্তু কৰিবই বা কি? হাস্পতালৰ বিছনাত মৃত্যুৰে মৰণপণ যুঁজ কৰি থকা ভনীয়েকৰ বাবে একো কৰিব নোৱাৰি তাই হৈ পৰিছে অস্থিৰ আৰু একপ্ৰকাৰ হিতাহিত জ্ঞানশূন্য। চিকিতসকৰ পৰা নাৰ্ছলৈকে সকলোকে কৰযোৰে প্ৰাৰ্থনা কৰিছে তাইক সুস্থ কৰি তোলক, তাইক বচাওক, তাইক হাৰি যাবলৈ নিদিব এই যুঁজত। কিন্তু ফল ধৰা নাই একোৱেই। তাৰ চকুৰ সন্মুখতে লাহে লাহে নিশ্চল হৈ আহিছে তাইৰ মৰমী ভগ্নীৰ শৰীৰ।

অৱশেষত তাই বাছি লৈছে চৰম পন্থা। হাস্পতালৰ বিছনাত ভগ্নীৰ যুঁজখনত অলপ শক্তি যোগোৱাৰ বাবে তাই ৰাজপথলৈ ওলাই আহিছে আৰু এগৰাকী জ্যেষ্ঠ বিষয়াৰ গাড়ীৰ আগত দীঘল হৈ পৰিছে। ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ফিৰোজাবাদত। সোমবাৰে সন্ধিয়াৰ ভাগত এই কৰুণ ঘটনা সংঘটিত হয়। ফিৰোজাবাদৰ এখন চৰকাৰী হাস্পতালৰ বিছনাত ডেংগুত আক্ৰান্ত ভনীয়েকে উপযুক্ত চিকিতসা নোপোৱা বুলি অভিযোগ কৰি ২০ বছৰীয়া নিকিতা কুশ্বৱাহাই ৰাজপথলৈ ওলাই আহিছে আৰু ফিৰোজাবাদৰ ডেংগুজনিত স্বাস্থ্য সংকটৰ বুজ ল’বলৈ অহা বিষয়া এগৰাকীৰ গাড়ীৰ আগত পৰি গৈছে। নিজক এক ভয়ংকৰ বিপদৰ মাজলৈ ঠেলি দি তাই চিঞৰি চিঞৰি কৈছে, ছাৰ… তাইক বছাওক… ছাৰ তাইৰ কাৰণে কিবা এটা কৰক, নহ’লে তাই মৰি থাকিব… ছাৰ তাইৰ উপযু্ক্ত চিকিতসাৰ ব্যৱস্থা কৰাওক। এই ঘটনাৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে আৰু উত্তৰ প্ৰদেশৰ স্বাস্থ্য খণ্ডৰ এক নগ্ন ৰূপ তুলি ধৰিছে।

২০ বছৰীয়া যুৱতীগৰাকীয়ে তাইৰ ভনীয়েকে হাস্পতালখনত উপযুক্ত সুশ্ৰুষা নোপোৱাৰো অভিযোগ তোলে বিষয়াগৰাকীৰ আগত। এই অবাঞ্চিত পৰিস্থিতিৰ মাজতে এগৰাকী আৰক্ষী বিষয়া আৰু আয়ুক্তগৰাকীয়ে গাড়ীৰ পৰা নামি আহি নিকিতাক বুজাবলৈ চেষ্টা কৰা দেখা যায়। অৱশেষত দুগৰাকী মহিলা আৰক্ষীয়ে তেওঁক তাৰপৰা টানি আঁতৰাই লৈ যায়। কিন্তু নিকিতাই নিজৰ সৰ্বস্ব উজাৰি দিও ৰক্ষা কৰিব নোৱাৰিলে ভনীয়েকক। এই ঘটনাৰ কেইঘণ্টামানৰ পাছতে ১১ বছৰীয়া কিশোৰী বৈষ্ণৱী কুশ্বৱাহাৰ হাস্পতালৰ বিছনাতে মৃত্যু হয়। নিকিতাই তেওঁৰ ভগ্নীয়ে উপযুক্ত চিকিতসা লাভ নকৰা বুলি অভিযোগ কৰিছে আৰু চিকিতসকৰ নিলম্বনৰ দাবী তুলিছে। তাৰ বিপৰীতে হাস্পতালখনে প্ৰকাশ কৰে যে, কিশোৰীগৰাকীক ৰক্ষা কৰাৰ বাবে সম্ভৱপৰ সকলোখিনি কৰা হৈছে। ‘কিশোৰীগৰাকীৰ অৱস্থা অতি সংকটজনক আছিল তেওঁৰ লিভাৰ ডাঙৰ হৈ গৈছিল, পাকস্থলীত পানী জমা হৈছিল।

তেওঁৰ অৱস্থা অধিক শোচনীয় হৈ পৰাৰ লগে লগে তেওঁক ভেণ্টিলেটৰলৈও স্থানান্তৰ কৰা হৈছিল। আমাৰ সাধ্যৰ ভিতৰত থকা সকলোখিনি আমি কৰিছিলোঁ কিন্তু তাইক বচাব নোৱাৰিলোঁ।‘ ফিৰোজাবাদ মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষ ডাঃ সংগীতা আনেজাই এইকথা প্ৰকাশ কৰে। কেৱল নিকিতা, বৈষ্ণৱীৰ কাহিনীয়েই নহয়, ফিৰোজাবাদত এতিয়া এনে পৰিস্থিতি তথা দৃশ্য সুলভ হৈ পৰিছে। আগ্ৰাৰ পৰা ৫০ কিলোমিটাৰ আৰু ৰাজধানী লক্ষ্ণৌৰ পৰা ৩২০ কিলোমিটাৰ আঁতৰৰ চহৰখনত এতিয়া ডেংগুৱে সৃষ্টি কৰিছে আতংকৰ। সোমবাৰে মৃত্যু হোৱা বৈষ্ণৱীকে ধৰি সোমবাৰলৈ শতাধিক লোকৰ ডেংগুত মৃত্যু হৈছে। মঙবাৰে পুৱাও ডেংগুত আক্ৰান্ত এগৰাকী কিশোৰীক দুবাহুৰে সাবটি পিতৃয়ে হাস্পতাললৈ নিয়াৰ সময়তে তেওঁৰ দুবাহুৰ মাজতে কিশোৰীগৰাকীৰ মৃত্যু হোৱাৰ দুৰ্ভাগ্যজনক ঘটনা ঘটিছে। ৰাজ্যখনত আন কেইবাখনো ঠাইত এতিয়া ডেংগুৱে ত্ৰাসৰ সৃষ্টি কৰিছে। সৃষ্টি কৰিছে মৃত্যু মিছিল। কেৱল ফিৰোজাবাদতে ১২হাজাৰ লোক আক্ৰান্ত হৈছে ডেংগুত। মৃত্যু হৈছে শতাধিকৰ। ইয়াৰে আধাতকৈ অধিক হৈছে শিশু।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি