--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী অভিনেত্ৰীক অপমান কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল মুম্বাইৰ আন্ধেৰীৰ এজন যুৱক৷ দেওবাৰে ৩৫ বছৰীয়া যুৱকগৰাকীক গ্ৰেপ্তাৰ কৰা হয়৷ অৱশ্যে গ্ৰেপ্তাৰৰ পাছতে জামিন লাভ কৰিছে তেওঁ৷

আৰক্ষীয়ে জনোৱা মতে, চলিত বছৰৰ এপ্ৰিল মাহত এটা লাইভ ষ্ট্ৰিমিং এপত একাউণ্ট খুলিছিল ২৬ বৰ্ষীয় অভিনেত্ৰীগৰাকীয়ে৷ বাংলা আৰু হিন্দী ৱেব চিৰিজত অভিনয় কৰে তেওঁ৷ লাইভ ষ্ট্ৰিমিং এপটোত তেওঁৰ বহু অনুৰাগী আছিল৷

জুলাই মাহত অভিনেত্ৰীগৰাকীয়ে দেখে যে এজন যুৱকে তেওঁক অশালীন মেচেজ পঠাইছে৷ তাৰপাছতে যুৱকজনক ‘ব্লক’ কৰি দিয়ে তেওঁ৷

অভিনেত্ৰীগৰাকীয়ে অভিযোগ কৰা মতে, ‘ব্লক’ কৰাৰ পাছতে ইনষ্টাগ্ৰামতো যুৱকজনে আপত্তিজনক মেচেজ পঠাবলৈ ধৰে৷ ইনষ্টাগ্ৰামতো যুৱকজনক ‘ব্লক’ কৰে তেওঁ৷

তাৰপাছতো ক্ষান্ত নহ’ল যুৱকজন৷ এইবাৰ ‘টুইটাৰ’ৰ জৰিয়তে অশ্লীল মেচেজ পঠাব পৰে অভিনেত্ৰীক৷ ইনষ্টাগ্ৰামত অভিনেত্ৰীগৰাকীৰ নাম আৰু ছৱি ব্যৱহাৰ কৰি ভুৱা একাউণ্ট খোলাৰো অভিযোগ উঠে যুৱকজনৰ বিৰুদ্ধে৷ তদুপৰি অভিনেত্ৰীগৰাকীৰ ফোন নম্বৰো সংগ্ৰহ কৰি অপমান কৰা হৈছে বুলি অভিনেত্ৰীগৰাকীয়ে কয়৷

তাৰপাছতে মুম্বাইৰ ডিএন নগৰ থানাত অভিযোগ দাখিল কৰে অভিনেত্ৰীগৰাকীয়ে৷ তাৰপাছতে যুৱকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক