--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী অভিনেত্ৰীক অপমান কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল মুম্বাইৰ আন্ধেৰীৰ এজন যুৱক৷ দেওবাৰে ৩৫ বছৰীয়া যুৱকগৰাকীক গ্ৰেপ্তাৰ কৰা হয়৷ অৱশ্যে গ্ৰেপ্তাৰৰ পাছতে জামিন লাভ কৰিছে তেওঁ৷

আৰক্ষীয়ে জনোৱা মতে, চলিত বছৰৰ এপ্ৰিল মাহত এটা লাইভ ষ্ট্ৰিমিং এপত একাউণ্ট খুলিছিল ২৬ বৰ্ষীয় অভিনেত্ৰীগৰাকীয়ে৷ বাংলা আৰু হিন্দী ৱেব চিৰিজত অভিনয় কৰে তেওঁ৷ লাইভ ষ্ট্ৰিমিং এপটোত তেওঁৰ বহু অনুৰাগী আছিল৷

জুলাই মাহত অভিনেত্ৰীগৰাকীয়ে দেখে যে এজন যুৱকে তেওঁক অশালীন মেচেজ পঠাইছে৷ তাৰপাছতে যুৱকজনক ‘ব্লক’ কৰি দিয়ে তেওঁ৷

অভিনেত্ৰীগৰাকীয়ে অভিযোগ কৰা মতে, ‘ব্লক’ কৰাৰ পাছতে ইনষ্টাগ্ৰামতো যুৱকজনে আপত্তিজনক মেচেজ পঠাবলৈ ধৰে৷ ইনষ্টাগ্ৰামতো যুৱকজনক ‘ব্লক’ কৰে তেওঁ৷

তাৰপাছতো ক্ষান্ত নহ’ল যুৱকজন৷ এইবাৰ ‘টুইটাৰ’ৰ জৰিয়তে অশ্লীল মেচেজ পঠাব পৰে অভিনেত্ৰীক৷ ইনষ্টাগ্ৰামত অভিনেত্ৰীগৰাকীৰ নাম আৰু ছৱি ব্যৱহাৰ কৰি ভুৱা একাউণ্ট খোলাৰো অভিযোগ উঠে যুৱকজনৰ বিৰুদ্ধে৷ তদুপৰি অভিনেত্ৰীগৰাকীৰ ফোন নম্বৰো সংগ্ৰহ কৰি অপমান কৰা হৈছে বুলি অভিনেত্ৰীগৰাকীয়ে কয়৷

তাৰপাছতে মুম্বাইৰ ডিএন নগৰ থানাত অভিযোগ দাখিল কৰে অভিনেত্ৰীগৰাকীয়ে৷ তাৰপাছতে যুৱকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু