--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইনষ্টাগ্ৰামে পুনৰ এক ডাঙৰ পৰিবৰ্তন আনিছে, যি বিশেষকৈ ক্ৰিয়েটৰ তথা ব্যৱহাৰকাৰীসকলৰ বাবে এক নতুন অভিজ্ঞতা সৃষ্টি কৰিব। এতিয়া ইনষ্টাগ্ৰামত ৩ মিনিটৰ দীঘল ৰিল আপলোড কৰিব পাৰিব, প্রফাইল গ্ৰীডৰ আকৃতি পৰিবর্তন কৰা হ’ব, আৰু বন্ধুসকলে পছন্দ কৰা ভিডিঅ’ সমূহ নতুন টেবত দেখা পাব।


ইনষ্টাগ্ৰামৰ মুখ্য বিষয়বস্তু হিচাপে ৰিল যথেষ্ট জনপ্ৰিয়। এতিয়ালৈকে ইনষ্টাগ্ৰামত ৯০ ছেকেণ্ডৰ দীঘল ৰিল আপলোড কৰাৰ সুবিধা আছিল, যাৰ বাবে বহুতো ক্ৰিয়েটৰে সময় কম পোৱাৰ অভিযোগ কৰিছিল। এই সমস্যাটোক লক্ষ্য কৰি ইনষ্টাগ্ৰামে এতিয়া ৩ মিনিটলৈ সময়সীমা বৃদ্ধি কৰিছে। ইনষ্টাগ্ৰামৰ মুখ্য কৰ্তৃপক্ষ এডাম মছেৰীয়ে সদ্য ঘোষিত এক ভিডিঅ’যোগে এই নতুন সুবিধাৰ কথা প্ৰকাশ কৰিছে। ইয়াৰ ফলত ক্ৰিয়েটৰসকলে নিজৰ গল্প, ভ্লগ, শিক্ষামূলক কন্টেন্ট, মিউজিক ভিডিঅ’ আদি অধিক ভালদৰে শ্বেয়াৰ কৰিব পাৰিব। ইউটিউবেও ইয়াৰ ‘Shorts’ ভিডিঅ’ৰ সময়সীমা ৩ মিনিটলৈ বৃদ্ধি কৰিছিল, আৰু এতিয়া ইনষ্টাগ্ৰামো সেই দিশে আগবাঢ়িছে।

ইনষ্টাগ্ৰামে এতিয়া প্রফাইল গ্ৰীডৰ আকৃতি পৰিবর্তন কৰাৰ ঘোষণা কৰিছে। বহুদিন ধৰি ইনষ্টাগ্ৰামৰ ফটো আৰু ভিডিঅ’সমূহ বৰ্গক্ষেত্ৰ  আকৃতিৰ আছিল, কিন্তু বৰ্তমান অধিকাংশ ভিডিঅ’ উলম্ব হোৱাত এই নতুন ব্যৱস্থা আনা হৈছে। নতুন গ্ৰীডৰ ফলত ভিডিঅ’ আৰু ফটোবোৰ অধিক দৃশ্যমান হ’ব, বিশেষকৈ ৰিল ভিডিঅ’ৰ ক্ষেত্ৰত।

ইনষ্টাগ্ৰামে বন্ধুসকলে লাইক কৰা, কমেণ্ট কৰা বা পচন্দ কৰা ভিডিঅ’সমূহৰ বাবে এক নতুন ‘Reels Feed’ যোগ কৰিছে। যি এই নতুন টেবটোৱে ব্যৱহাৰকাৰীক নিজৰ বন্ধুসকলৰ পছন্দ অনুসৰি নতুন ভিডিঅ’ বিচাৰিবলৈ সহায় কৰিব। ইয়াৰ আগতে, ‘Activity Feed’-ত বন্ধুসকলে কিহত লাইক আৰু কমেণ্ট কৰিছে সেইবোৰ দেখা পাব , কিন্তু এতিয়া সেইবোৰ ৰিল ফীড হিচাপে একেলগে দেখা যাব।


এই নতুন সুবিধাসমূহে ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীসকলৰ বাবে এক নতুন অভিজ্ঞতা আনিব বুলি আশা কৰা হৈছে। দীঘলীয়া ৰিল ভিডিঅ’, নতুন গ্ৰীড, আৰু বন্ধুসকলৰ পছন্দৰ ভিডিঅ’ সমূহ দেখা পোৱাৰ সুবিধাই ইনষ্টাগ্ৰামক অধিক আকর্ষণীয় কৰি তুলিব। বিশেষকৈ, ক্ৰিয়েটৰসকলৰ বাবে এইসমূহ এক ডাঙৰ সুবিধা হ’ব, কিয়নো সময়সীমা বৃদ্ধি হোৱাৰ ফলত তেওঁলোকৰ কন্টেন্টসমূহ অধিক ক্ৰিয়েটিভ আৰু বিস্তৃত হ’ব।

সামগ্ৰিকভাৱে চালে, ইনষ্টাগ্ৰামে এই তিনিটা সুবিধাৰ যোগেদি ক্ৰিয়েটৰসকলৰ বাবে অধিক সম্ভাৱনাময় এক প্লেটফৰ্ম ৰূপে আত্মপ্রকাশ কৰিব। এতিয়া মাথোঁ চাবলৈ বাকী, এই নতুন পৰিবৰ্তনসমূহে ইনষ্টাগ্ৰামক আগলৈ কিদৰে আগুৱাই নিব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ