--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সম্প্ৰতি ডিজিটেল পদ্ধতিয়ে ধনৰ লেনদেনৰ ক্ষেত্ৰটো সহজ কৰি তুলিছে৷ ইয়াৰ মাজতে কিছুমান সমস্যাও দেখিবলৈ পোৱা গৈছে। যাৰ বাবে অনলাইন কেলেংকাৰী আৰু জালিয়াতিৰ খবৰ সঘনাই বাতৰিত প্ৰকাশ পায় আহিছে। শেহতীয়াকৈ জাম্পড ডিপ’জিট কেলেংকাৰী নামেৰে জনাজাত এক নতুন কেলেংকাৰীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ সেয়ে অনলাইন লেনদেনৰ ক্ষেত্ৰত সচেতন হোৱা উচিত।

জানিব পৰামতে প্ৰৱঞ্চকে ইউপিআই-লিংকড একাউণ্টলৈ সৰু সৰু জমা ধন প্ৰেৰণ কৰে আৰু আপোনাক বৃহৎ ধন উলিওৱাৰ অনুমোদন দিবলৈ ছলনা কৰে। যদি এনে কোনো অস্বাভাৱিক জমা ধন লক্ষ্য কৰে তেন্তে আপোনাৰ বেলেঞ্চ পৰীক্ষা কৰাৰ আগতে ১৫-৩০ মিনিট অপেক্ষা কৰিব লাগে। অস্বাভাৱিক লেনদেনৰ বিষয়ে তৎক্ষণাত www.cybercrime.gov.in ত ৰিপৰ্ট কৰিব লাগে।

এই বিশেষ কেলেংকাৰী সন্দৰ্ভত মাত্ৰ কেইদিনমান পূৰ্বে তামিলনাডু আৰক্ষীয়ে সতৰ্কবাণী জাৰি কৰিছিল। তেওঁলোকে অনলাইন ট্ৰেন্সফাৰ বা ধন লাভ কৰা ব্যক্তিসকলক সাৱধানতা অৱলম্বন কৰিবলৈ সকীয়াই দিছে, কিয়নো এই কেলেংকাৰীয়ে যথেষ্ট আৰ্থিক লোকচানৰ সম্ভাৱনা প্ৰকট কৰিছে।

উল্লেখ্য যে জাম্পড ডিপ’জিট কেলেংকাৰীত, প্ৰথমে ভুক্তভোগীৰ একাউণ্টত সামান্য ধন জমা কৰে। ইয়াৰ পিছত তেওঁলোকে ব্যক্তিজনৰ সৈতে যোগাযোগ কৰি ধনখিনি ভুলকৈ হস্তান্তৰ কৰা বুলি দাবী কৰে আৰু ধন ঘূৰাই দিবলৈ অনুৰোধ কৰে। অপ্ৰত্যাশিতভাৱে জমা ধনৰ কথা শুনিলে তেওঁলোকে প্ৰায়ে ইউ পি আই পিন দি একাউণ্ট পৰীক্ষা কৰে, যাৰ ফলত কেলেংকাৰীকাৰীয়ে তেওঁলোকৰ একাউণ্টৰ পৰা ধন চুৰি কৰিব পাৰে। 

কিন্তু শেহতীয়াকৈ ভাৰতীয় নেশ্যনেল পেমেণ্টছ কৰ্প’ৰেশ্যনে জাম্পড ডিপ’জিট কেলেংকাৰিৰ সন্দৰ্ভত স্পষ্টীকৰণ প্ৰদান কৰি কেইবাটাও কাৰিকৰী ভুল ধাৰণা উন্মোচন কৰে। তেওঁলোকে ইউ পি আইৰ মঞ্চত বিভিন্ন প্ৰতিবেদনত বৰ্ণনা কৰা ধৰণে কোনো ধৰণৰ প্ৰৱঞ্চনামূলক কাণ্ড দেখা পোৱা নাই বুলি সদৰি কৰিছে।

এনপিচিআইয়ে ব্যৱহাৰকাৰীসকলে যাতে ব্যৱস্থাটোৰ সুৰক্ষা বুজি পোৱাটো নিশ্চিত কৰিবলৈ কিছু কাৰিকৰী দিশৰ উপৰত আলোকপাত কৰি কয় যে কেৱল এটা ইউপিআই বা বেংকিং এপ্লিকেচনে স্বয়ংক্ৰিয়ভাৱে লেনদেনৰ অনুমোদন নিদিয়ে; ব্যৱহাৰকাৰীসকলে ইচ্ছাকৃতভাৱে পেমেণ্ট অনুৰোধলৈ নেভিগেট কৰিব লাগিব আৰু ‘পে’ বিকল্প নিৰ্বাচন কৰা পিছত যিকোনো লেনদেনৰ অনুমোদন কৰিবলৈ তেওঁলোকৰ ইউপিআই পিন প্ৰদান কৰিব লাগিব। অন্যথা কোনোধৰণৰ লেনদেন সম্পন্ন নহয়৷

তদুপৰি তেওঁলোকে আশ্বাস দিছিল যে কোনো  ব্যক্তিয়ে আন এজন ব্যক্তিৰ একাউণ্টৰ পৰা পোনপটীয়াকৈ ধন উলিয়াব নোৱাৰে। ইউপিআইয়ে ডিভাইচ-ভিত্তিক পেমেণ্ট চিষ্টেম হিচাপে কাম কৰে, পেমেণ্ট একাউণ্টসমূহক ব্যৱহাৰকাৰীৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰ আৰু ডিভাইচৰ সৈতে সুৰক্ষিতভাৱে সংযোগ কৰে। আৰু ইয়াৰ দ্বাৰা নিশ্চিত কৰা হয় যে কেৱল ব্যৱহাৰকাৰীয়েহে লেনদেন কৰিব পাৰে৷ ইয়াৰোপৰি আনকি জমা ধনৰাশিৰ পৰিমাণ অনুসন্ধানৰ বাবেও পিন প্ৰদান কৰাটো প্ৰয়োজনীয়, ই স্বয়ংক্ৰিয়ভাৱে কোনো ধৰণৰ লেদেনৰ অনুমোদন নিদিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ