--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সম্প্ৰতি ডিজিটেল পদ্ধতিয়ে ধনৰ লেনদেনৰ ক্ষেত্ৰটো সহজ কৰি তুলিছে৷ ইয়াৰ মাজতে কিছুমান সমস্যাও দেখিবলৈ পোৱা গৈছে। যাৰ বাবে অনলাইন কেলেংকাৰী আৰু জালিয়াতিৰ খবৰ সঘনাই বাতৰিত প্ৰকাশ পায় আহিছে। শেহতীয়াকৈ জাম্পড ডিপ’জিট কেলেংকাৰী নামেৰে জনাজাত এক নতুন কেলেংকাৰীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ সেয়ে অনলাইন লেনদেনৰ ক্ষেত্ৰত সচেতন হোৱা উচিত।

জানিব পৰামতে প্ৰৱঞ্চকে ইউপিআই-লিংকড একাউণ্টলৈ সৰু সৰু জমা ধন প্ৰেৰণ কৰে আৰু আপোনাক বৃহৎ ধন উলিওৱাৰ অনুমোদন দিবলৈ ছলনা কৰে। যদি এনে কোনো অস্বাভাৱিক জমা ধন লক্ষ্য কৰে তেন্তে আপোনাৰ বেলেঞ্চ পৰীক্ষা কৰাৰ আগতে ১৫-৩০ মিনিট অপেক্ষা কৰিব লাগে। অস্বাভাৱিক লেনদেনৰ বিষয়ে তৎক্ষণাত www.cybercrime.gov.in ত ৰিপৰ্ট কৰিব লাগে।

এই বিশেষ কেলেংকাৰী সন্দৰ্ভত মাত্ৰ কেইদিনমান পূৰ্বে তামিলনাডু আৰক্ষীয়ে সতৰ্কবাণী জাৰি কৰিছিল। তেওঁলোকে অনলাইন ট্ৰেন্সফাৰ বা ধন লাভ কৰা ব্যক্তিসকলক সাৱধানতা অৱলম্বন কৰিবলৈ সকীয়াই দিছে, কিয়নো এই কেলেংকাৰীয়ে যথেষ্ট আৰ্থিক লোকচানৰ সম্ভাৱনা প্ৰকট কৰিছে।

উল্লেখ্য যে জাম্পড ডিপ’জিট কেলেংকাৰীত, প্ৰথমে ভুক্তভোগীৰ একাউণ্টত সামান্য ধন জমা কৰে। ইয়াৰ পিছত তেওঁলোকে ব্যক্তিজনৰ সৈতে যোগাযোগ কৰি ধনখিনি ভুলকৈ হস্তান্তৰ কৰা বুলি দাবী কৰে আৰু ধন ঘূৰাই দিবলৈ অনুৰোধ কৰে। অপ্ৰত্যাশিতভাৱে জমা ধনৰ কথা শুনিলে তেওঁলোকে প্ৰায়ে ইউ পি আই পিন দি একাউণ্ট পৰীক্ষা কৰে, যাৰ ফলত কেলেংকাৰীকাৰীয়ে তেওঁলোকৰ একাউণ্টৰ পৰা ধন চুৰি কৰিব পাৰে। 

কিন্তু শেহতীয়াকৈ ভাৰতীয় নেশ্যনেল পেমেণ্টছ কৰ্প’ৰেশ্যনে জাম্পড ডিপ’জিট কেলেংকাৰিৰ সন্দৰ্ভত স্পষ্টীকৰণ প্ৰদান কৰি কেইবাটাও কাৰিকৰী ভুল ধাৰণা উন্মোচন কৰে। তেওঁলোকে ইউ পি আইৰ মঞ্চত বিভিন্ন প্ৰতিবেদনত বৰ্ণনা কৰা ধৰণে কোনো ধৰণৰ প্ৰৱঞ্চনামূলক কাণ্ড দেখা পোৱা নাই বুলি সদৰি কৰিছে।

এনপিচিআইয়ে ব্যৱহাৰকাৰীসকলে যাতে ব্যৱস্থাটোৰ সুৰক্ষা বুজি পোৱাটো নিশ্চিত কৰিবলৈ কিছু কাৰিকৰী দিশৰ উপৰত আলোকপাত কৰি কয় যে কেৱল এটা ইউপিআই বা বেংকিং এপ্লিকেচনে স্বয়ংক্ৰিয়ভাৱে লেনদেনৰ অনুমোদন নিদিয়ে; ব্যৱহাৰকাৰীসকলে ইচ্ছাকৃতভাৱে পেমেণ্ট অনুৰোধলৈ নেভিগেট কৰিব লাগিব আৰু ‘পে’ বিকল্প নিৰ্বাচন কৰা পিছত যিকোনো লেনদেনৰ অনুমোদন কৰিবলৈ তেওঁলোকৰ ইউপিআই পিন প্ৰদান কৰিব লাগিব। অন্যথা কোনোধৰণৰ লেনদেন সম্পন্ন নহয়৷

তদুপৰি তেওঁলোকে আশ্বাস দিছিল যে কোনো  ব্যক্তিয়ে আন এজন ব্যক্তিৰ একাউণ্টৰ পৰা পোনপটীয়াকৈ ধন উলিয়াব নোৱাৰে। ইউপিআইয়ে ডিভাইচ-ভিত্তিক পেমেণ্ট চিষ্টেম হিচাপে কাম কৰে, পেমেণ্ট একাউণ্টসমূহক ব্যৱহাৰকাৰীৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰ আৰু ডিভাইচৰ সৈতে সুৰক্ষিতভাৱে সংযোগ কৰে। আৰু ইয়াৰ দ্বাৰা নিশ্চিত কৰা হয় যে কেৱল ব্যৱহাৰকাৰীয়েহে লেনদেন কৰিব পাৰে৷ ইয়াৰোপৰি আনকি জমা ধনৰাশিৰ পৰিমাণ অনুসন্ধানৰ বাবেও পিন প্ৰদান কৰাটো প্ৰয়োজনীয়, ই স্বয়ংক্ৰিয়ভাৱে কোনো ধৰণৰ লেদেনৰ অনুমোদন নিদিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু