--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰযুক্তিয়ে মানুহক ক’ৰ পৰা ক’লৈ নিছে সেয়া ভাবিলেও আচৰিত লাগে। উত্তৰ প্ৰদেশৰ চুলতানপুৰত ঘটিছে   এক হৃদয় বিদাৰক ঘটনা।  এজন স্বামীয়ে তেওঁৰ পত্নীক  সন্তানৰ সন্মুখত শ্বাসৰুদ্ধ কৰি হত্যা কৰিছে।পত্নীৰ অপৰাধ হ’ল  ইনষ্টাগ্ৰামত স্বামীতকৈ তেওঁৰ ফলোৱাৰ বেছি  । এই ঘটনাৰ পিছতে মহিলাগৰাকীৰ পিতৃয়ে অভিযুক্ত স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে লোকজনক  নিজৰ জিম্মাত লৈছে  আৰু অনুসন্ধান আৰম্ভ কৰিছে।

কোৱা হৈছে যে লোকজনে তেওঁৰ পত্নীক তেওঁৰ চৰিত্ৰৰ বিষয়ে সন্দেহ কৰিছিল, যাৰ বাবেই তেওঁ এই ঘটনাটো সংঘটিত কৰিছে। জানিব পৰা মতে ইনষ্টাগ্ৰামত বহুতেই মহিলাগৰাকীক  অনুসৰণ কৰিছিল। ইয়াৰ উপৰি মহিলাগৰাকীয়ে তেওঁৰ স্বামীক ইনষ্টাগ্ৰামত ব্ল’ক কৰিছিল। 

আৰক্ষীয়ে জনোৱা অনুসৰি, উন্নাও জিলাৰ ৰাহুল মিশ্ৰাই ২০০৮ চনত ৰায়বৰেলী জিলাৰ মনিকা গুপ্তাৰ সৈতে প্ৰেমৰ সূত্ৰে বিবাহপাশত আৱদ্ধ হৈছিল। ৰাহুলে পিছত  তেওঁৰ পৰিয়ালৰ সৈতে লক্ষ্ণৌলৈ স্থানান্তৰিত হৈছিল। দেওবাৰে নিশা তেওঁ তেওঁৰ গাড়ীৰে ৰায়বৰেলীলৈ ৰাওনা হৈছিল। সেই সময়তে  স্বামী আৰু পত্নীৰ মাজত তৰ্ক আৰম্ভ  হৈছিল আৰু ৰাহুলে তেওঁৰ দুই সন্তানৰ সন্মুখত তেওঁৰ পত্নীক শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল।

একে সময়তে, পত্নীক হত্যা কৰাৰ পিছত, ৰাহুল গাড়ীতে  বহি আছিল। গাওঁৰক্ষী বাহিনীৰ  টহলদাৰী দলে ঘটনাটোৰ বিষয়ে জানিব পাৰি   আৰক্ষীক অৱগত কৰিছিল। আৰক্ষীৰ আগমনৰ পিছত ৰাহুলে গাড়ীৰ দুৱাৰ খুলি দিছিল। মহিলাগৰাকীৰ পিতৃৰ অভিযোগ আৰু শিশুসকলৰ ভাষ্য অনুসৰি ৰাহুলৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে  আৰু তেওঁক জিম্মাত লোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস