--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত পৰিচয়। বাৰ্তাৰ পৰা বন্ধুত্ব লাহে লাহে বাঢ়িবলৈ ধৰিলে। সেই বন্ধুত্বৰ পৰা প্ৰেম। সম্পৰ্কত সোমাই পৰাৰ পিছত দম্পতীহালে লগ পোৱাৰ সুযোগ পায়। কিন্তু লগ পোৱাটো বিপদজনক। ছোৱালীজনীয়ে প্ৰেমিকৰ বিৰুদ্ধেও মাৰপিট কৰাৰ এজাহাৰ দাখিল কৰে। সোমবাৰে কানপুৰত সংঘটিত হয় এই ঘটনা। যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰে। ২০ বছৰীয়া অভিযুক্তৰ নাম দিপেন্দ্ৰ সিং।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, বহুদিন পূৰ্বে ইনষ্টাগ্ৰামত এগৰাকী যুৱতীৰ সৈতে দীপেন্দ্ৰই কথা-বতৰা পাতিছিল। ছচিয়েল মিডিয়াৰ জৰিয়তে দুয়োৰে বন্ধুত্ব। বন্ধুত্বৰ পৰা প্ৰেমলৈ। কথা পাতি দিপেন্দ্ৰই সেই যুৱতীগৰাকীৰ লগত সম্পৰ্ক গঢ়ি তুলিলে। দুয়োজনে সম্পৰ্কত সোমাই প্ৰথমবাৰৰ বাবে লগ পোৱাৰ সিদ্ধান্ত লয়। পৰিকল্পনা অনুসৰি কাৰ্য্যও। কিন্তু প্ৰিয় মানুহজনক দেখি দিপেন্দ্ৰ আচৰিত হ’ল। ছ’চিয়েল মিডিয়াত দেখা যুৱতীগৰাকী আৰু সন্মুখত থিয় হৈ থকা ব্যক্তিজনৰ ছবিৰ মিল নাই।

জেৰাৰ সময়ত দিপেন্দ্ৰই আৰক্ষীক জনোৱা মতে, ছোৱালীজনীয়ে ছ’চিয়েল মিডিয়াত নাবালকৰ ছবি পোষ্ট কৰিছে। আচলতে তেওঁৰ বয়স ৪৫ বছৰ। তাইৰ প্ৰকৃত বয়স গম পোৱাৰ পিছত খঙত দীপেন্দ্ৰই ছোৱালীজনীক মাৰপিট কৰিবলৈ ধৰিলে। অভিযোগ মতে, তেওঁ ছোৱালীজনীৰ মূৰত মজিয়াত খুন্দা মাৰি থাকিল। ইয়াৰ পিছত ছোৱালীজনীৰ মোবাইলটো লৈ দীপেন্দ্ৰ পলাই গ’ল। লগে লগে ছোৱালীজনীয়ে ওচৰৰ থানালৈ গৈ দিপেন্দ্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। কিন্তু দীপেন্দ্ৰৰ সৈতে থকা সম্পৰ্কক লৈ তেওঁ আৰক্ষীক এৰাই চলিছিল। যুৱতীগৰাকীয়ে দিপেন্দ্ৰক অচিনাকি ব্যক্তি বুলি চিনাক্ত কৰে। সেই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে সত্যৰ বিষয়ে জানিব পাৰিলে। কানপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দিপেন্দ্ৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু