--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত পৰিচয়। বাৰ্তাৰ পৰা বন্ধুত্ব লাহে লাহে বাঢ়িবলৈ ধৰিলে। সেই বন্ধুত্বৰ পৰা প্ৰেম। সম্পৰ্কত সোমাই পৰাৰ পিছত দম্পতীহালে লগ পোৱাৰ সুযোগ পায়। কিন্তু লগ পোৱাটো বিপদজনক। ছোৱালীজনীয়ে প্ৰেমিকৰ বিৰুদ্ধেও মাৰপিট কৰাৰ এজাহাৰ দাখিল কৰে। সোমবাৰে কানপুৰত সংঘটিত হয় এই ঘটনা। যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰে। ২০ বছৰীয়া অভিযুক্তৰ নাম দিপেন্দ্ৰ সিং।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, বহুদিন পূৰ্বে ইনষ্টাগ্ৰামত এগৰাকী যুৱতীৰ সৈতে দীপেন্দ্ৰই কথা-বতৰা পাতিছিল। ছচিয়েল মিডিয়াৰ জৰিয়তে দুয়োৰে বন্ধুত্ব। বন্ধুত্বৰ পৰা প্ৰেমলৈ। কথা পাতি দিপেন্দ্ৰই সেই যুৱতীগৰাকীৰ লগত সম্পৰ্ক গঢ়ি তুলিলে। দুয়োজনে সম্পৰ্কত সোমাই প্ৰথমবাৰৰ বাবে লগ পোৱাৰ সিদ্ধান্ত লয়। পৰিকল্পনা অনুসৰি কাৰ্য্যও। কিন্তু প্ৰিয় মানুহজনক দেখি দিপেন্দ্ৰ আচৰিত হ’ল। ছ’চিয়েল মিডিয়াত দেখা যুৱতীগৰাকী আৰু সন্মুখত থিয় হৈ থকা ব্যক্তিজনৰ ছবিৰ মিল নাই।

জেৰাৰ সময়ত দিপেন্দ্ৰই আৰক্ষীক জনোৱা মতে, ছোৱালীজনীয়ে ছ’চিয়েল মিডিয়াত নাবালকৰ ছবি পোষ্ট কৰিছে। আচলতে তেওঁৰ বয়স ৪৫ বছৰ। তাইৰ প্ৰকৃত বয়স গম পোৱাৰ পিছত খঙত দীপেন্দ্ৰই ছোৱালীজনীক মাৰপিট কৰিবলৈ ধৰিলে। অভিযোগ মতে, তেওঁ ছোৱালীজনীৰ মূৰত মজিয়াত খুন্দা মাৰি থাকিল। ইয়াৰ পিছত ছোৱালীজনীৰ মোবাইলটো লৈ দীপেন্দ্ৰ পলাই গ’ল। লগে লগে ছোৱালীজনীয়ে ওচৰৰ থানালৈ গৈ দিপেন্দ্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। কিন্তু দীপেন্দ্ৰৰ সৈতে থকা সম্পৰ্কক লৈ তেওঁ আৰক্ষীক এৰাই চলিছিল। যুৱতীগৰাকীয়ে দিপেন্দ্ৰক অচিনাকি ব্যক্তি বুলি চিনাক্ত কৰে। সেই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে সত্যৰ বিষয়ে জানিব পাৰিলে। কানপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দিপেন্দ্ৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ