--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড ছুপাৰষ্টাৰ ছলমান খানৰ ঘৰ গেলাক্সি এপাৰ্টমেণ্টৰ বাহিৰত কৰা গুলীচালনাই সকলোতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এই গোচৰত আৰক্ষীৰ জিম্মাত থকা এক অভিযুক্তই জিম্মাত থকা অৱস্থাতে আত্মহত্যা কৰিছে। 

যোৱা ২৬ এপ্ৰিলত পঞ্জাৱৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৩২ বছৰীয়া অনুজ থাপনক। মুম্বাই আৰক্ষীয়ে জনোৱা মতে, বুধবাৰে পুৱা ১১ বজাত থাপনে আৰক্ষীৰ লকআপৰ কাষতে থকা বাথৰুমলৈ গৈ এই পদক্ষেপ গ্ৰহণ কৰে। চিকিৎসালয়ত তেওঁক মৃত ঘোষণা কৰে চিকিৎসকে। মহাৰাষ্ট্ৰৰ চি আই ডিয়ে এই সন্দৰ্ভত তদন্ত কৰি আছে।

উল্লেখ্য যে যোৱা ১৪ এপ্ৰিলত অভিনেতা ছলমান খানৰ মুম্বাইস্থিত ঘৰৰ বাহিৰত গুলীচালনাত ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰ অনুজ আৰু আন এজন অভিযুক্ত সোণু সুভাষ চন্দৰে যোগান ধৰিছিল বুলি অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছতে দুয়োগৰাকী অভিযুক্তকে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

আনহাতে গুলীচালনাৰ অভিযোগত বিকি গুপ্তা আৰু সাগৰ পাল নামৰ আন দুজন অভিযুক্তকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু দুয়ো সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে। চাৰিওজন অভিযুক্ত প্ৰত্যক্ষ বা পৰোক্ষভাৱে কাৰাগাৰত থকা গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে।


মুম্বাই আৰক্ষীয়ে জনোৱা মতে অনুজ থাপনে কিয় আত্মহত্যা কৰিলে তদন্ত চলি আছে।

ইফালে পৰিয়ালৰ লোকে অভিযোগ কৰি যে কয় যে অনুজে আত্মহত্যা কৰা নাই, আৰক্ষীৰ জিম্মাত নিৰ্যাতনৰ বাবে তেওঁৰ মৃত্যু হৈছে। তেওঁলোকে কয়, ‘এয়া আত্মহত্যা নহয়, হত্যাহে। এই বিষয়ে মহাৰাষ্ট্ৰৰ বাহিৰৰ কোনো এজেন্সীয়ে তদন্ত কৰিব লাগে।'' 

মৃত অনুজৰ ভাতৃ অভিষেক থাপনে কয় যে ‘‘আমি দৰিদ্ৰ পৰিয়ালৰ। ‘মোৰ ভাই অনুজ ট্ৰাক কণ্ডাক্টৰ আছিল। তেওঁ আত্মহত্যা কৰা নাই, তেওঁক হত্যা কৰা হৈছে। তেওঁৰ বাবে ন্যায়ৰ দাবী জনাইছো।''


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু