--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড ছুপাৰষ্টাৰ ছলমান খানৰ ঘৰ গেলাক্সি এপাৰ্টমেণ্টৰ বাহিৰত কৰা গুলীচালনাই সকলোতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এই গোচৰত আৰক্ষীৰ জিম্মাত থকা এক অভিযুক্তই জিম্মাত থকা অৱস্থাতে আত্মহত্যা কৰিছে। 

যোৱা ২৬ এপ্ৰিলত পঞ্জাৱৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৩২ বছৰীয়া অনুজ থাপনক। মুম্বাই আৰক্ষীয়ে জনোৱা মতে, বুধবাৰে পুৱা ১১ বজাত থাপনে আৰক্ষীৰ লকআপৰ কাষতে থকা বাথৰুমলৈ গৈ এই পদক্ষেপ গ্ৰহণ কৰে। চিকিৎসালয়ত তেওঁক মৃত ঘোষণা কৰে চিকিৎসকে। মহাৰাষ্ট্ৰৰ চি আই ডিয়ে এই সন্দৰ্ভত তদন্ত কৰি আছে।

উল্লেখ্য যে যোৱা ১৪ এপ্ৰিলত অভিনেতা ছলমান খানৰ মুম্বাইস্থিত ঘৰৰ বাহিৰত গুলীচালনাত ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰ অনুজ আৰু আন এজন অভিযুক্ত সোণু সুভাষ চন্দৰে যোগান ধৰিছিল বুলি অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছতে দুয়োগৰাকী অভিযুক্তকে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

আনহাতে গুলীচালনাৰ অভিযোগত বিকি গুপ্তা আৰু সাগৰ পাল নামৰ আন দুজন অভিযুক্তকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু দুয়ো সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে। চাৰিওজন অভিযুক্ত প্ৰত্যক্ষ বা পৰোক্ষভাৱে কাৰাগাৰত থকা গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে।


মুম্বাই আৰক্ষীয়ে জনোৱা মতে অনুজ থাপনে কিয় আত্মহত্যা কৰিলে তদন্ত চলি আছে।

ইফালে পৰিয়ালৰ লোকে অভিযোগ কৰি যে কয় যে অনুজে আত্মহত্যা কৰা নাই, আৰক্ষীৰ জিম্মাত নিৰ্যাতনৰ বাবে তেওঁৰ মৃত্যু হৈছে। তেওঁলোকে কয়, ‘এয়া আত্মহত্যা নহয়, হত্যাহে। এই বিষয়ে মহাৰাষ্ট্ৰৰ বাহিৰৰ কোনো এজেন্সীয়ে তদন্ত কৰিব লাগে।'' 

মৃত অনুজৰ ভাতৃ অভিষেক থাপনে কয় যে ‘‘আমি দৰিদ্ৰ পৰিয়ালৰ। ‘মোৰ ভাই অনুজ ট্ৰাক কণ্ডাক্টৰ আছিল। তেওঁ আত্মহত্যা কৰা নাই, তেওঁক হত্যা কৰা হৈছে। তেওঁৰ বাবে ন্যায়ৰ দাবী জনাইছো।''


FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement