--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোবাইল ফোন চাৰ্জত দি কাৰো সৈতে সেই ফোনেৰে কথা পাতিব নালাগে বুলি বিভিন্ন সময়ত বহুজনে কৈ আহিছে। কিন্তু তেনে সতৰ্কবাণীলৈ বহুতেই গুৰুত্ব  নিদিয়াৰ বাবেই বহু সময়ত নানান অঘটনো ঘটি আহিছে। শেহতীয়াকৈ মোবাইল ফোন চাৰ্জত থকা অৱস্থাতে ফোন কৰাত ফোন বিস্ফোৰণ ঘটি এজন লোকৰ মৃত্যু ঘটিছে। এই শোকাৱহ ঘটনাটো উত্তৰ প্ৰদেশ উজ্জয়িনীত সংঘটিত হৈছে।


 এজন লোকে  তেওঁৰ বন্ধুক এটা অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাকলৈ   মোবাইল ফোনটো চাৰ্জত দিয়েই কথা পাতিছিল । হঠাতে ফোনটো প্ৰচণ্ড শব্দ কি  বিস্ফৰিত হয়।  লগে লগে ফোন কৰি থকা লোকজনো মাটিত ঢলি পৰে আৰু তেওঁৰ মৃত্যু হয়। মোবাইল ফোন বিস্ফোৰণত নিহত লোকজনক ৬৮ বছৰীয়া দয়াৰাম বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। তেওঁ ইন্দোৰত এটা অনুষ্ঠানত উপস্থিত থকাৰ কথা আছিল। ইতিমধ্যে ষ্টেচনত উপস্থিত হোৱা দিনেশেও দয়াৰামৰ বাবে টিকট বুক কৰিছিল। অৱশ্যে, তেওঁ অনুষ্ঠানটোত আৰু উপস্থিত হ’ব নোৱাৰিলে । ফোন কৰি থাকোতেই তেওঁৰ মৃত্যু ঘটে।



ঘটনাৰ খবৰ পোৱাৰ পিছতে  আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মোবাইল ফোনটোৰ অৱশিষ্ট উদ্ধাৰ কৰে। মৃতদেহৰ কাষত আন কোনো বিস্ফোৰক পোৱা যোৱা নাই।  বিস্ফোৰণটো কেনেকৈ সংঘটিত হ’ল সেই বিষয়ত ফৰেনচিক বিশেষজ্ঞসকলে অনুসন্ধান কৰি আছে  আৰক্ষীয়ে প্ৰকাশ কৰা মতে মোবাইল ফোনৰ  বেটাৰীৰ বিস্ফোৰণৰ ফলতে লোকজনৰ  মৃত্যু হ’ব পাৰে। মৰণোত্তৰ পৰীক্ষাৰ পিছত সকলো কথা জনা যাব বুলিও আৰক্ষীয়ে কৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে