--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোবাইল ফোন চাৰ্জত দি কাৰো সৈতে সেই ফোনেৰে কথা পাতিব নালাগে বুলি বিভিন্ন সময়ত বহুজনে কৈ আহিছে। কিন্তু তেনে সতৰ্কবাণীলৈ বহুতেই গুৰুত্ব  নিদিয়াৰ বাবেই বহু সময়ত নানান অঘটনো ঘটি আহিছে। শেহতীয়াকৈ মোবাইল ফোন চাৰ্জত থকা অৱস্থাতে ফোন কৰাত ফোন বিস্ফোৰণ ঘটি এজন লোকৰ মৃত্যু ঘটিছে। এই শোকাৱহ ঘটনাটো উত্তৰ প্ৰদেশ উজ্জয়িনীত সংঘটিত হৈছে।


 এজন লোকে  তেওঁৰ বন্ধুক এটা অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাকলৈ   মোবাইল ফোনটো চাৰ্জত দিয়েই কথা পাতিছিল । হঠাতে ফোনটো প্ৰচণ্ড শব্দ কি  বিস্ফৰিত হয়।  লগে লগে ফোন কৰি থকা লোকজনো মাটিত ঢলি পৰে আৰু তেওঁৰ মৃত্যু হয়। মোবাইল ফোন বিস্ফোৰণত নিহত লোকজনক ৬৮ বছৰীয়া দয়াৰাম বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। তেওঁ ইন্দোৰত এটা অনুষ্ঠানত উপস্থিত থকাৰ কথা আছিল। ইতিমধ্যে ষ্টেচনত উপস্থিত হোৱা দিনেশেও দয়াৰামৰ বাবে টিকট বুক কৰিছিল। অৱশ্যে, তেওঁ অনুষ্ঠানটোত আৰু উপস্থিত হ’ব নোৱাৰিলে । ফোন কৰি থাকোতেই তেওঁৰ মৃত্যু ঘটে।



ঘটনাৰ খবৰ পোৱাৰ পিছতে  আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মোবাইল ফোনটোৰ অৱশিষ্ট উদ্ধাৰ কৰে। মৃতদেহৰ কাষত আন কোনো বিস্ফোৰক পোৱা যোৱা নাই।  বিস্ফোৰণটো কেনেকৈ সংঘটিত হ’ল সেই বিষয়ত ফৰেনচিক বিশেষজ্ঞসকলে অনুসন্ধান কৰি আছে  আৰক্ষীয়ে প্ৰকাশ কৰা মতে মোবাইল ফোনৰ  বেটাৰীৰ বিস্ফোৰণৰ ফলতে লোকজনৰ  মৃত্যু হ’ব পাৰে। মৰণোত্তৰ পৰীক্ষাৰ পিছত সকলো কথা জনা যাব বুলিও আৰক্ষীয়ে কৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু