--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই ধ্বংসস্তূপৰ মাজতেই গাজাত অস্থায়ী টেণ্টত অনাহাৰে-অনিদ্রাৰে জীবন কটাইছে হাজাৰ হাজাৰ সৰ্বস্বান্ত পেলেষ্টাইনীয়ে। এফালে ইজৰাইলৰ আক্ৰমণৰ বিভীষিকা, আনফালে নিজ ঠাইতেই হামাছৰ সন্ত্রাসবাদীৰ অত্যাচাৰৰ আতংক।

ডিজিটেল ডেস্ক : মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে মধ্যস্থতা কৰা শান্তি চুক্তিৰ প্ৰথম পৰ্যায়ৰ প্রক্রিয়া চলি থকাৰ মাজতে গাজাত ইজৰাইলী সেনাই বিধ্বংসী আক্রমণ চলায়েই আছে। গাজা ষ্ট্ৰিপত খান ইউনুছ, ডেইৰ আল-বালাহ, ৰাফাহ আদি চহৰত চাৰিওফালে কেৱল ধবংসস্তূপৰ পাহাৰ। এই ধ্বংসস্তূপবোৰ ইজৰাইলী সেনাৰ ভয়ংকৰ আক্ৰমণৰ ফলত সৃষ্টি হৈছে।


চলিত বৰ্ষৰ অক্টোবৰ মাহত ৰাষ্ট্ৰসংঘই প্রকাশ কৰা শেহতীয়া তথ্যত সমগ্র গাজাত ৬১ মিলিয়ন টনতকৈ অধিক ধ্বংসস্তূপ সিঁচৰতি হৈ আছে। এই ধ্বংসস্তূপৰ মাজতেই গাজাত অস্থায়ী টেণ্টত অনাহাৰে-অনিদ্রাৰে জীবন কটাইছে হাজাৰ হাজাৰ সৰ্বস্বান্ত পেলেষ্টাইনীয়ে। এফালে ইজৰাইলৰ আক্ৰমণৰ বিভীষিকা, আনফালে নিজ ঠাইতেই হামাছৰ সন্ত্রাসবাদীৰ অত্যাচাৰৰ আতংক।


হামাছ-ইজৰাইলৰ যুদ্ধৰ পূৰ্বে পেলেষ্টাইনৰ অঞ্চল গাজা আছিল নদন-বদন। গাজাৰ বাসিন্দাসকলো আছিল বিভিন্ন খণ্ডত কৰ্মৰত। কোনোবা যদি আছিল গৱেষক-চিকিৎসক, কোনো লোক আছিল শিল্পকর্মত অগ্রণী লোক। যুদ্ধৰ পূৰ্বে তেওঁলোকৰ প্রাত্যহিক জীবন আছিল অতি আড়ম্বৰপূর্ণ। কিন্তু নিয়তিৰ কি পৰিহাস, এখন দীঘলীয়া যুদ্ধই সমগ্র গাজাবাসীক সৰ্বস্বান্ত কৰিলে। সা-সম্পদ, নিজৰ প্রিয়জনক হেৰুৱাই এতিয়া চাৰিওফালে ধ্বংসস্তূপৰ মাজত পাৰ কৰিছে গাজাবাসীয়ে। বাষ্ট্রীয় সংবাদ মাধ্যম এন ডি টিভিয়ে চলোৱা শেহতীয়া চৰজমিন অনুসন্ধানত গাজাৰ বিভীষিকাময় পৰিস্থিতিৰ কৰুণ ছবি পোহৰলৈ আহিছে। গাজাৰ পৰা দক্ষিণে ডেইৰ আল-বালাহ চহৰ। এই চহৰখনত এতিয়া কেৱল পোৰা ৰবৰ আৰু সেমেকা মাটিৰ গোন্ধ। চাৰিওফালে ধ্বংসস্তূপৰ পাহাৰ। ইয়াৰ মাজতে এটা প্লাষ্টিকেৰে সজোৱা এটা টেণ্টত বাস কৰি আছে ৩৫ বছৰীয়া এছৰা ৰাবী মহম্মদ হোমেইডে। মহিলাগৰাকীৰ এটা ৫ বছৰীয়া পুত্র সন্তান, অৰৱা। তাৰ ক্ষীণকায় দেহটোৱে পিতৃ মাহমউড বালিড মহম্মদ আল-শেইখক সাবটি ধৰি আছে। প্রতি দুদিনৰ মূৰে মূৰে পানী খোৱা পৰিয়ালটোৰ বাবে পানীয়েই হৈছে এতিয়া প্রধান খাদ্য। পৰিয়ালটো এতিয়ালৈকে ১৮ বাৰ স্থানচ্যুত হৈছে। ইজৰাইলৰ গণহত্যা আৰম্ভ হোৱাৰ পৰাই তেওঁলোকে কথমপি প্রাণ বচাই আছে।


এছৰাই কয়- কেতিয়াবা আমি একেলগে থাকো, কেতিয়াবা আকৌ বিভিন্ন অঞ্চলত পৃথককৈ থাকিব লগা হয়। গাজাত এতিয়া কোনো অঞ্চলেই নিৰাপদ নহয় বুলি তেওঁ ক্ষোভউজাৰে। তেওঁলোকৰ হাতত এতিয়া কাম নাই, ধন নাই। যুদ্ধৰ পূৰ্বে এছৰাৰ ঘৰ নদন-বদন আছিল। তেওঁ এগৰাকী পার্গত হস্তশিল্পী আছিল। তেওঁৰ এখন বৃহৎ শিল্পকলাৰ বিপণী আছিল। তেওঁৰ শিল্প ডিজাইনে আন্তঃৰাষ্ট্ৰীয় বজাৰতো সমাদৰ লাভ কৰিছিল। ডিজিটেল মার্কেটিঙৰ জৰিয়তে তেওঁৰ শিল্পকর্ম বিদেশব বজাৰতো গৈছিল। উত্তৰ গাজাৰ জাবালিয়াত তেওঁৰ ঘৰ আছিল। ইজৰাইলৰ বোমা বর্ষণে তেওঁৰ ঘৰখন চূর্ণ-বিচূর্ণ কৰিছিল। গাজাৰ এতিয়া ৮০% ঘৰ ধবংসস্তু পত পৰিণত হৈছে। গাজাত এতিয়া চাৰিওফালে অভাব, কেৱল অভার। ৰাষ্ট্ৰসংঘই আগষ্টতে গাজাত দুর্ভিক্ষ হোৱা বুলি ঘোষণা কৰিছিল। খাদ্য নাই, ঔষধ নাই, থাকিবলৈ বাসস্থান নাই, এয়াই হৈছে গাজাৰ বৰ্তমানৰ বাস্তৱ পৰিৱেশ।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ