--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই ধ্বংসস্তূপৰ মাজতেই গাজাত অস্থায়ী টেণ্টত অনাহাৰে-অনিদ্রাৰে জীবন কটাইছে হাজাৰ হাজাৰ সৰ্বস্বান্ত পেলেষ্টাইনীয়ে। এফালে ইজৰাইলৰ আক্ৰমণৰ বিভীষিকা, আনফালে নিজ ঠাইতেই হামাছৰ সন্ত্রাসবাদীৰ অত্যাচাৰৰ আতংক।

ডিজিটেল ডেস্ক : মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে মধ্যস্থতা কৰা শান্তি চুক্তিৰ প্ৰথম পৰ্যায়ৰ প্রক্রিয়া চলি থকাৰ মাজতে গাজাত ইজৰাইলী সেনাই বিধ্বংসী আক্রমণ চলায়েই আছে। গাজা ষ্ট্ৰিপত খান ইউনুছ, ডেইৰ আল-বালাহ, ৰাফাহ আদি চহৰত চাৰিওফালে কেৱল ধবংসস্তূপৰ পাহাৰ। এই ধ্বংসস্তূপবোৰ ইজৰাইলী সেনাৰ ভয়ংকৰ আক্ৰমণৰ ফলত সৃষ্টি হৈছে।


চলিত বৰ্ষৰ অক্টোবৰ মাহত ৰাষ্ট্ৰসংঘই প্রকাশ কৰা শেহতীয়া তথ্যত সমগ্র গাজাত ৬১ মিলিয়ন টনতকৈ অধিক ধ্বংসস্তূপ সিঁচৰতি হৈ আছে। এই ধ্বংসস্তূপৰ মাজতেই গাজাত অস্থায়ী টেণ্টত অনাহাৰে-অনিদ্রাৰে জীবন কটাইছে হাজাৰ হাজাৰ সৰ্বস্বান্ত পেলেষ্টাইনীয়ে। এফালে ইজৰাইলৰ আক্ৰমণৰ বিভীষিকা, আনফালে নিজ ঠাইতেই হামাছৰ সন্ত্রাসবাদীৰ অত্যাচাৰৰ আতংক।


হামাছ-ইজৰাইলৰ যুদ্ধৰ পূৰ্বে পেলেষ্টাইনৰ অঞ্চল গাজা আছিল নদন-বদন। গাজাৰ বাসিন্দাসকলো আছিল বিভিন্ন খণ্ডত কৰ্মৰত। কোনোবা যদি আছিল গৱেষক-চিকিৎসক, কোনো লোক আছিল শিল্পকর্মত অগ্রণী লোক। যুদ্ধৰ পূৰ্বে তেওঁলোকৰ প্রাত্যহিক জীবন আছিল অতি আড়ম্বৰপূর্ণ। কিন্তু নিয়তিৰ কি পৰিহাস, এখন দীঘলীয়া যুদ্ধই সমগ্র গাজাবাসীক সৰ্বস্বান্ত কৰিলে। সা-সম্পদ, নিজৰ প্রিয়জনক হেৰুৱাই এতিয়া চাৰিওফালে ধ্বংসস্তূপৰ মাজত পাৰ কৰিছে গাজাবাসীয়ে। বাষ্ট্রীয় সংবাদ মাধ্যম এন ডি টিভিয়ে চলোৱা শেহতীয়া চৰজমিন অনুসন্ধানত গাজাৰ বিভীষিকাময় পৰিস্থিতিৰ কৰুণ ছবি পোহৰলৈ আহিছে। গাজাৰ পৰা দক্ষিণে ডেইৰ আল-বালাহ চহৰ। এই চহৰখনত এতিয়া কেৱল পোৰা ৰবৰ আৰু সেমেকা মাটিৰ গোন্ধ। চাৰিওফালে ধ্বংসস্তূপৰ পাহাৰ। ইয়াৰ মাজতে এটা প্লাষ্টিকেৰে সজোৱা এটা টেণ্টত বাস কৰি আছে ৩৫ বছৰীয়া এছৰা ৰাবী মহম্মদ হোমেইডে। মহিলাগৰাকীৰ এটা ৫ বছৰীয়া পুত্র সন্তান, অৰৱা। তাৰ ক্ষীণকায় দেহটোৱে পিতৃ মাহমউড বালিড মহম্মদ আল-শেইখক সাবটি ধৰি আছে। প্রতি দুদিনৰ মূৰে মূৰে পানী খোৱা পৰিয়ালটোৰ বাবে পানীয়েই হৈছে এতিয়া প্রধান খাদ্য। পৰিয়ালটো এতিয়ালৈকে ১৮ বাৰ স্থানচ্যুত হৈছে। ইজৰাইলৰ গণহত্যা আৰম্ভ হোৱাৰ পৰাই তেওঁলোকে কথমপি প্রাণ বচাই আছে।


এছৰাই কয়- কেতিয়াবা আমি একেলগে থাকো, কেতিয়াবা আকৌ বিভিন্ন অঞ্চলত পৃথককৈ থাকিব লগা হয়। গাজাত এতিয়া কোনো অঞ্চলেই নিৰাপদ নহয় বুলি তেওঁ ক্ষোভউজাৰে। তেওঁলোকৰ হাতত এতিয়া কাম নাই, ধন নাই। যুদ্ধৰ পূৰ্বে এছৰাৰ ঘৰ নদন-বদন আছিল। তেওঁ এগৰাকী পার্গত হস্তশিল্পী আছিল। তেওঁৰ এখন বৃহৎ শিল্পকলাৰ বিপণী আছিল। তেওঁৰ শিল্প ডিজাইনে আন্তঃৰাষ্ট্ৰীয় বজাৰতো সমাদৰ লাভ কৰিছিল। ডিজিটেল মার্কেটিঙৰ জৰিয়তে তেওঁৰ শিল্পকর্ম বিদেশব বজাৰতো গৈছিল। উত্তৰ গাজাৰ জাবালিয়াত তেওঁৰ ঘৰ আছিল। ইজৰাইলৰ বোমা বর্ষণে তেওঁৰ ঘৰখন চূর্ণ-বিচূর্ণ কৰিছিল। গাজাৰ এতিয়া ৮০% ঘৰ ধবংসস্তু পত পৰিণত হৈছে। গাজাত এতিয়া চাৰিওফালে অভাব, কেৱল অভার। ৰাষ্ট্ৰসংঘই আগষ্টতে গাজাত দুর্ভিক্ষ হোৱা বুলি ঘোষণা কৰিছিল। খাদ্য নাই, ঔষধ নাই, থাকিবলৈ বাসস্থান নাই, এয়াই হৈছে গাজাৰ বৰ্তমানৰ বাস্তৱ পৰিৱেশ।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু