--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বই তেওঁক ভয় কৰে। তেওঁৰ পাৰমাণৱিক অস্ত্ৰক লৈ চিন্তিত হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় সমাজ। কিন্তু উত্তৰ কোৰিয়াৰ প্ৰবল প্ৰত্যাপী শাসক কিম জং উনৰ দেশৰ বিৰুদ্ধে আছে চুৰিৰ চাঞ্চল্যকৰ অভিযোগ!

উত্তৰ কোৰিয়াই হাজাৰ হাজাৰ কোটি মূল্যৰ গাড়ী চুৰি কৰিছে। বহু বছৰ ধৰি আন্তঃৰাষ্ট্ৰীয় মহলত এনে অভিযোগ উত্থাপন হৈ আহিছে। বিশ্বৰ ইতিহাসত "বৃহত্তম গাড়ী চোৰ"ৰ উপাধিও লাভ কৰিছে উত্তৰ কোৰিয়াই। কিন্তু কিয়?

১৯৭০ চনত ছুইডেনৰ গাড়ী নিৰ্মাতা আৰু ব্যৱসায়ীসকলে উত্তৰ কোৰিয়াক আন্তঃৰাষ্ট্ৰীয় বজাৰত সম্ভাৱ্য দেশ হিচাপে গণ্য কৰিছিল। আৰ্থিকভাৱে দেশখন অতি চহকী আছিল। সেইবাবেই ছুইডেনৰ ব্যৱসায়ীসকলে উত্তৰ কোৰিয়াৰ সৈতে হাত মিলাবলৈ  চিন্তা কৰা নাছিল।

১৯৭৪ চনত বৰ্তমানৰ শাসক কিম জং উনৰ ককাক কিম ইল ছুঙে উত্তৰ কোৰিয়াত সামৰিক অভ্যুত্থান ঘটায়। সেই সময়ত কিমৰ ককাকে ছুইডেনৰ পৰা বহুত গাড়ী দেশখনলৈ আনিছিল।

সেই সময়ত ছুইডেনত ১৪৪খন মডেল ভলভো গাড়ী নিৰ্মাণ হৈছিল। উত্তৰ কোৰিয়াই ছুইডেনৰ পৰা ১০০০ খন ভলভো গাড়ী ধাৰলৈ আনিছিল। ১৯৭৪ চনত সেই গাড়ীবোৰ উত্তৰ কোৰিয়াৰ ৰাজধানী পিয়ংইয়াংলৈ অনা হৈছিল।

অভিযোগ অনুসৰি, উত্তৰ কোৰিয়াই এই ধাৰ ছুইডেনক পৰিশোধ নকৰিলে। ৪৯ বছৰৰ পাছতো কিমৰ দেশখনে সেই ১০০০খন গাড়ীৰ ধন পৰিশোধ কৰা নাই। এই ঘটনাক বিশ্ব ইতিহাসৰ সৰ্ববৃহৎ চৰকাৰী পৃষ্ঠপোষকতাত সংঘটিত গাড়ী চুৰি বুলি জানিব পৰা গৈছে।

শেহতীয়াকৈ ‘History Vids’ নামৰ এটা টুইটাৰ একাউণ্টে এটা ভিডিঅ’ পোষ্ট কৰিছিল। তাত উল্লেখ আছে, "১৯৭০ চনত উত্তৰ কোৰিয়াই ছুইডেনৰ পৰা ১০০০ ভলভো গাড়ী ক্ৰয় কৰিছিল। উত্তৰ কোৰিয়ালৈ গাড়ী প্ৰেৰণ কৰা হয়। কিন্তু আজিলৈকে এই ধন আদায় দিয়া হোৱা নাই। ই পৃথিৱীৰ আটাইতকৈ ডাঙৰ গাড়ী চুৰি।’’

সেই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অৱশ্যে ভিডিঅ’টোৰ সত্যতা এতিয়াও সন্দেহৰ আৱৰ্তত। বহুতে এই ভিডিঅ'টোক লৈ মন্তব্য কৰিছে।

বহুতে প্ৰশ্ন উত্থাপন কৰিছে যে ছুইডেনে টকা নোলোৱাকৈ কিয় উত্তৰ কোৰিয়ালৈ গাড়ীসমূহ প্ৰেৰণ কৰিছিল? উত্তৰ কোৰিয়াৰ বিৰুদ্ধে কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলিও বহুতে প্ৰশ্ন উত্থাপন কৰিছে।

কিন্তু জানিব পৰা মতে, ছুইডেনে কেতিয়াও ভবা নাছিল যে উত্তৰ কোৰিয়াই গাড়ী কিনিলে ফল দিব। ফ্ল’ৰিন আমেৰে নামৰ এজন সাংবাদিক  কয় যে ছুইডেনে কেতিয়াও আশা কৰা নাছিল যে উত্তৰ কোৰিয়াই নিজৰ কথাৰ নাৰাখিব। সেইবাবেই তেওঁলোকে এতিয়াও টকাৰ বাবে অপেক্ষা কৰি আছে।

৪৯ বছৰৰ পাছতো হাৰ মনা নাই ছুইডেনে। কেইবাটাও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ছুইডেনে এতিয়াও নিয়মিতভাৱে উত্তৰ কোৰিয়ালৈ গাড়ীকেইখনৰ বিল প্ৰেৰণ কৰি আহিছে।

ছুইডেনে বছৰত দুবাৰকৈ কিমৰ দেশক এই ধন দিবলৈ সোঁৱৰাই দিয়ে। অৱশ্যে ইয়াৰ বিশেষ লাভ নহয়।  ছুইডেনৰ সোঁৱৰণিৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে কিম জং উনৰ দেশে।

১৯৭৪ চনত ছুইডেনে উত্তৰ কোৰিয়াক যি মূল্যত এই গাড়ী বিক্ৰী কৰিছিল, সেই মূল্য এতিয়া যথেষ্ট বৃদ্ধি পাইছে। সুতৰ হাৰ আৰু অন্যান্য কৰকে ধৰি এতিয়া ১০০০খন ভলভো গাড়ীৰ মূল্য প্ৰায় ৩০ কোটি ইউৰো, যিটো ভাৰতীয় মুদ্ৰাত ২৬৭০ কোটি টকাৰ ওপৰত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন