--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বই তেওঁক ভয় কৰে। তেওঁৰ পাৰমাণৱিক অস্ত্ৰক লৈ চিন্তিত হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় সমাজ। কিন্তু উত্তৰ কোৰিয়াৰ প্ৰবল প্ৰত্যাপী শাসক কিম জং উনৰ দেশৰ বিৰুদ্ধে আছে চুৰিৰ চাঞ্চল্যকৰ অভিযোগ!

উত্তৰ কোৰিয়াই হাজাৰ হাজাৰ কোটি মূল্যৰ গাড়ী চুৰি কৰিছে। বহু বছৰ ধৰি আন্তঃৰাষ্ট্ৰীয় মহলত এনে অভিযোগ উত্থাপন হৈ আহিছে। বিশ্বৰ ইতিহাসত "বৃহত্তম গাড়ী চোৰ"ৰ উপাধিও লাভ কৰিছে উত্তৰ কোৰিয়াই। কিন্তু কিয়?

১৯৭০ চনত ছুইডেনৰ গাড়ী নিৰ্মাতা আৰু ব্যৱসায়ীসকলে উত্তৰ কোৰিয়াক আন্তঃৰাষ্ট্ৰীয় বজাৰত সম্ভাৱ্য দেশ হিচাপে গণ্য কৰিছিল। আৰ্থিকভাৱে দেশখন অতি চহকী আছিল। সেইবাবেই ছুইডেনৰ ব্যৱসায়ীসকলে উত্তৰ কোৰিয়াৰ সৈতে হাত মিলাবলৈ  চিন্তা কৰা নাছিল।

১৯৭৪ চনত বৰ্তমানৰ শাসক কিম জং উনৰ ককাক কিম ইল ছুঙে উত্তৰ কোৰিয়াত সামৰিক অভ্যুত্থান ঘটায়। সেই সময়ত কিমৰ ককাকে ছুইডেনৰ পৰা বহুত গাড়ী দেশখনলৈ আনিছিল।

সেই সময়ত ছুইডেনত ১৪৪খন মডেল ভলভো গাড়ী নিৰ্মাণ হৈছিল। উত্তৰ কোৰিয়াই ছুইডেনৰ পৰা ১০০০ খন ভলভো গাড়ী ধাৰলৈ আনিছিল। ১৯৭৪ চনত সেই গাড়ীবোৰ উত্তৰ কোৰিয়াৰ ৰাজধানী পিয়ংইয়াংলৈ অনা হৈছিল।

অভিযোগ অনুসৰি, উত্তৰ কোৰিয়াই এই ধাৰ ছুইডেনক পৰিশোধ নকৰিলে। ৪৯ বছৰৰ পাছতো কিমৰ দেশখনে সেই ১০০০খন গাড়ীৰ ধন পৰিশোধ কৰা নাই। এই ঘটনাক বিশ্ব ইতিহাসৰ সৰ্ববৃহৎ চৰকাৰী পৃষ্ঠপোষকতাত সংঘটিত গাড়ী চুৰি বুলি জানিব পৰা গৈছে।

শেহতীয়াকৈ ‘History Vids’ নামৰ এটা টুইটাৰ একাউণ্টে এটা ভিডিঅ’ পোষ্ট কৰিছিল। তাত উল্লেখ আছে, "১৯৭০ চনত উত্তৰ কোৰিয়াই ছুইডেনৰ পৰা ১০০০ ভলভো গাড়ী ক্ৰয় কৰিছিল। উত্তৰ কোৰিয়ালৈ গাড়ী প্ৰেৰণ কৰা হয়। কিন্তু আজিলৈকে এই ধন আদায় দিয়া হোৱা নাই। ই পৃথিৱীৰ আটাইতকৈ ডাঙৰ গাড়ী চুৰি।’’

সেই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অৱশ্যে ভিডিঅ’টোৰ সত্যতা এতিয়াও সন্দেহৰ আৱৰ্তত। বহুতে এই ভিডিঅ'টোক লৈ মন্তব্য কৰিছে।

বহুতে প্ৰশ্ন উত্থাপন কৰিছে যে ছুইডেনে টকা নোলোৱাকৈ কিয় উত্তৰ কোৰিয়ালৈ গাড়ীসমূহ প্ৰেৰণ কৰিছিল? উত্তৰ কোৰিয়াৰ বিৰুদ্ধে কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলিও বহুতে প্ৰশ্ন উত্থাপন কৰিছে।

কিন্তু জানিব পৰা মতে, ছুইডেনে কেতিয়াও ভবা নাছিল যে উত্তৰ কোৰিয়াই গাড়ী কিনিলে ফল দিব। ফ্ল’ৰিন আমেৰে নামৰ এজন সাংবাদিক  কয় যে ছুইডেনে কেতিয়াও আশা কৰা নাছিল যে উত্তৰ কোৰিয়াই নিজৰ কথাৰ নাৰাখিব। সেইবাবেই তেওঁলোকে এতিয়াও টকাৰ বাবে অপেক্ষা কৰি আছে।

৪৯ বছৰৰ পাছতো হাৰ মনা নাই ছুইডেনে। কেইবাটাও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ছুইডেনে এতিয়াও নিয়মিতভাৱে উত্তৰ কোৰিয়ালৈ গাড়ীকেইখনৰ বিল প্ৰেৰণ কৰি আহিছে।

ছুইডেনে বছৰত দুবাৰকৈ কিমৰ দেশক এই ধন দিবলৈ সোঁৱৰাই দিয়ে। অৱশ্যে ইয়াৰ বিশেষ লাভ নহয়।  ছুইডেনৰ সোঁৱৰণিৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে কিম জং উনৰ দেশে।

১৯৭৪ চনত ছুইডেনে উত্তৰ কোৰিয়াক যি মূল্যত এই গাড়ী বিক্ৰী কৰিছিল, সেই মূল্য এতিয়া যথেষ্ট বৃদ্ধি পাইছে। সুতৰ হাৰ আৰু অন্যান্য কৰকে ধৰি এতিয়া ১০০০খন ভলভো গাড়ীৰ মূল্য প্ৰায় ৩০ কোটি ইউৰো, যিটো ভাৰতীয় মুদ্ৰাত ২৬৭০ কোটি টকাৰ ওপৰত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ