--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা এবছৰ ধৰি এগৰাকী 'ৰহস্যাময়ী' নাৰীৰ স’তে দেখা পোৱা গৈছে বিল গেটছক। বহুবাৰ  বিশ্বৰ শীৰ্ষস্থানৰ অন্যতম চহকী ব্যক্তিজন আশে-পাশে দেখা গৈছে তেওঁক। কিন্তু পৰিচয় জানিব পৰা হোৱা নাছিল।

শেহতীয়াকৈ  সকলো ৰহস্যৰ ওৰ পৰিছে। জনা গ’ল যে ৬৭ বৰ্ষীয় বিল গেটছৰ ‘নতুন প্ৰেম’ৰ নাম প'লা হাৰ্ড।

জানুৱাৰী মাহত অষ্ট্ৰেলিয়াত দুয়োকে একেলগে দেখা গৈছিল। মেলবৰ্ণত অষ্ট্ৰেলিয়ান অ’পেন চাবলৈ গৈছিল দুয়ো। মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপকজনৰ ঠিক কাষতে প’লাৰ বহি আছিল।

খেলৰ অন্তত দুয়োজনে একেলগে খোজ কাঢ়িবলৈ ওলাই যায় মেলবৰ্ণ চহৰত। দুয়ো খোজত খোজ মিলাই খোজ কঢ়াৰ ধৰণটোৱে গভীৰ বন্ধুত্বৰ ইংগিত দাঙি ধৰিছিল।

সংবাদ সংস্থা ‘ডেইলী মেইল’ই প’লাৰ বিষয়ে এক প্ৰতিবেদন প্ৰকাশ কৰিছে। বিল আৰু প’লাৰ এজন বন্ধুৰ উদ্ধৃতিৰে সংবাদ সংস্থাটোৱে কয় যে, “এতিয়া দুয়োকে পৃথক কৰিব পৰা নাযাব।’’

বিল-প’লাৰ একেজন বন্ধুৱেই ক’লে, “সংবাদ মাধ্যমে প’লাক ৰহস্যময়ী বুলি কৈছে, কিন্তু এতিয়া আৰু এটা কথাত কোনো ৰহস্য নাই৷ দুয়োজনেই প্ৰেমৰ সম্পৰ্কত আৱ্দধ।’’

প’লা বিলতকৈ ৭ বছৰ সৰু। এতিয়া তেওঁৰ বয়স ৬০ বছৰ। এসময়ত এটা সুনামধন্য কোম্পানীৰ মুখ্য প্ৰযুক্তি বিষয়া প’লা এতিয়া এগৰাকী ইভেণ্ট প্লেনাৰ। বিভিন্ন কৰ্পৰেট অনুষ্ঠানৰ আয়োজন কৰি আহিছে তেওঁ। অৱসৰৰ সময়ত সমাজ কল্যাণৰ কামো কৰে। বহু সংগঠনক আৰ্থিকভাৱে সহায় কৰে।

২০২১ চনত বিলে প্ৰাক্তন পত্নী মেলিণ্ডা গেটছৰ সৈতে সম্পৰ্কৰ অন্ত পেলায়। ২০২১ চনত প’লাইও স্বামীক হেৰুৱাইছিল। কেন্সাৰ ৰোগত আক্ৰান্ত প’লাৰ স্বামী মাৰ্ক হাৰ্ড আছিল অৰেকলৰ প্ৰাক্তন চিইঅ’। ২০২১ চনত মাৰ্কৰ মৃত্যু হয়। যদিও মাৰ্কৰ মৃত্যুৰ আগতে বিল আৰু প’লাই ইজনে সিজনক চিনি পাইছিল।

অৰেকলৰ পূৰ্বে মাৰ্ক কম্পিউটাৰ আৰু প্ৰিণ্টাৰ নিৰ্মাতা কোম্পানী হিউলেট-পেকাৰ্ডৰ চিইঅ’ আছিল। কিন্তু ২০১০ চনত যৌন নিৰ্যাতনৰ অভিযোগৰ বাবে সেই কোম্পানী এৰিবলগীয়া হৈছিল। মাৰ্ক আৰু প’লা তেতিয়াও একেলগে আছিল।

আনহাতে, বিল গেটছৰ বিৰুদ্ধেও তেওঁ কোম্পানীৰ এজন অভিযন্তাই যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। ২০২১ চনত বিলে মেলিণ্ডাৰ সৈতে বিচ্ছেদৰ  সময়তো বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক থকাৰ কথা স্বীকাৰ কৰিছিল। আনকি এটা সূত্ৰই কয় যে বিলে তেওঁৰ কোম্পানীটোৰ এজন কৰ্মচাৰীকো বিশেষ প্ৰস্তাৱ আগবঢ়াইছিল।

খবৰ অনুসৰি, বিবাহ বিচ্ছেদৰ পিছতে বিলে প’লাৰ প্ৰেমত পৰে। প’লা আজীৱন টেনিছ অনুৰাগী। কলেজীয়া জীৱনত মাৰ্ক আছিল এজন নিপুণ টেনিছ খেলুৱৈও। খবৰ অনুসৰি, প’লা আৰু বিলক বহুবাৰ টেনিছ মেচৰ গেলেৰীত একেলগে দেখা গৈছে।

প’লা দুগৰাকী কন্যা সন্তানৰ মাতৃ। আনহাতে বিল তিনিটা সন্তানৰ পিতৃ। বিল পৃথিৱীৰ আটাইতকৈ ধনী মানুহ হ’লেও ধনৰ ক্ষেত্ৰত প’লাও বহু পিছ পৰি থকা নাই। মৃত্যুৰ সময়ত মাৰ্কৰ সম্পত্তিৰ মূল্য আছিল ৫০ কোটি ডলাৰ। এই সকলোবোৰ এতিয়া প’লাৰ নামত।

বিল গেটছ আৰু প’লা- দুয়োজনেই পুৰণি সম্পৰ্কৰ পৰা এতিয়া মুক্ত। এই বয়সত দুজন মানুহে প্ৰেম বিচাৰি পালেনো কি ক্ষতি ! সেয়ে দুয়োজনে নিবিড় অন্তৰংগ মুহূৰ্ত কটাই আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন