--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা এবছৰ ধৰি এগৰাকী 'ৰহস্যাময়ী' নাৰীৰ স’তে দেখা পোৱা গৈছে বিল গেটছক। বহুবাৰ  বিশ্বৰ শীৰ্ষস্থানৰ অন্যতম চহকী ব্যক্তিজন আশে-পাশে দেখা গৈছে তেওঁক। কিন্তু পৰিচয় জানিব পৰা হোৱা নাছিল।

শেহতীয়াকৈ  সকলো ৰহস্যৰ ওৰ পৰিছে। জনা গ’ল যে ৬৭ বৰ্ষীয় বিল গেটছৰ ‘নতুন প্ৰেম’ৰ নাম প'লা হাৰ্ড।

জানুৱাৰী মাহত অষ্ট্ৰেলিয়াত দুয়োকে একেলগে দেখা গৈছিল। মেলবৰ্ণত অষ্ট্ৰেলিয়ান অ’পেন চাবলৈ গৈছিল দুয়ো। মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপকজনৰ ঠিক কাষতে প’লাৰ বহি আছিল।

খেলৰ অন্তত দুয়োজনে একেলগে খোজ কাঢ়িবলৈ ওলাই যায় মেলবৰ্ণ চহৰত। দুয়ো খোজত খোজ মিলাই খোজ কঢ়াৰ ধৰণটোৱে গভীৰ বন্ধুত্বৰ ইংগিত দাঙি ধৰিছিল।

সংবাদ সংস্থা ‘ডেইলী মেইল’ই প’লাৰ বিষয়ে এক প্ৰতিবেদন প্ৰকাশ কৰিছে। বিল আৰু প’লাৰ এজন বন্ধুৰ উদ্ধৃতিৰে সংবাদ সংস্থাটোৱে কয় যে, “এতিয়া দুয়োকে পৃথক কৰিব পৰা নাযাব।’’

বিল-প’লাৰ একেজন বন্ধুৱেই ক’লে, “সংবাদ মাধ্যমে প’লাক ৰহস্যময়ী বুলি কৈছে, কিন্তু এতিয়া আৰু এটা কথাত কোনো ৰহস্য নাই৷ দুয়োজনেই প্ৰেমৰ সম্পৰ্কত আৱ্দধ।’’

প’লা বিলতকৈ ৭ বছৰ সৰু। এতিয়া তেওঁৰ বয়স ৬০ বছৰ। এসময়ত এটা সুনামধন্য কোম্পানীৰ মুখ্য প্ৰযুক্তি বিষয়া প’লা এতিয়া এগৰাকী ইভেণ্ট প্লেনাৰ। বিভিন্ন কৰ্পৰেট অনুষ্ঠানৰ আয়োজন কৰি আহিছে তেওঁ। অৱসৰৰ সময়ত সমাজ কল্যাণৰ কামো কৰে। বহু সংগঠনক আৰ্থিকভাৱে সহায় কৰে।

২০২১ চনত বিলে প্ৰাক্তন পত্নী মেলিণ্ডা গেটছৰ সৈতে সম্পৰ্কৰ অন্ত পেলায়। ২০২১ চনত প’লাইও স্বামীক হেৰুৱাইছিল। কেন্সাৰ ৰোগত আক্ৰান্ত প’লাৰ স্বামী মাৰ্ক হাৰ্ড আছিল অৰেকলৰ প্ৰাক্তন চিইঅ’। ২০২১ চনত মাৰ্কৰ মৃত্যু হয়। যদিও মাৰ্কৰ মৃত্যুৰ আগতে বিল আৰু প’লাই ইজনে সিজনক চিনি পাইছিল।

অৰেকলৰ পূৰ্বে মাৰ্ক কম্পিউটাৰ আৰু প্ৰিণ্টাৰ নিৰ্মাতা কোম্পানী হিউলেট-পেকাৰ্ডৰ চিইঅ’ আছিল। কিন্তু ২০১০ চনত যৌন নিৰ্যাতনৰ অভিযোগৰ বাবে সেই কোম্পানী এৰিবলগীয়া হৈছিল। মাৰ্ক আৰু প’লা তেতিয়াও একেলগে আছিল।

আনহাতে, বিল গেটছৰ বিৰুদ্ধেও তেওঁ কোম্পানীৰ এজন অভিযন্তাই যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। ২০২১ চনত বিলে মেলিণ্ডাৰ সৈতে বিচ্ছেদৰ  সময়তো বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক থকাৰ কথা স্বীকাৰ কৰিছিল। আনকি এটা সূত্ৰই কয় যে বিলে তেওঁৰ কোম্পানীটোৰ এজন কৰ্মচাৰীকো বিশেষ প্ৰস্তাৱ আগবঢ়াইছিল।

খবৰ অনুসৰি, বিবাহ বিচ্ছেদৰ পিছতে বিলে প’লাৰ প্ৰেমত পৰে। প’লা আজীৱন টেনিছ অনুৰাগী। কলেজীয়া জীৱনত মাৰ্ক আছিল এজন নিপুণ টেনিছ খেলুৱৈও। খবৰ অনুসৰি, প’লা আৰু বিলক বহুবাৰ টেনিছ মেচৰ গেলেৰীত একেলগে দেখা গৈছে।

প’লা দুগৰাকী কন্যা সন্তানৰ মাতৃ। আনহাতে বিল তিনিটা সন্তানৰ পিতৃ। বিল পৃথিৱীৰ আটাইতকৈ ধনী মানুহ হ’লেও ধনৰ ক্ষেত্ৰত প’লাও বহু পিছ পৰি থকা নাই। মৃত্যুৰ সময়ত মাৰ্কৰ সম্পত্তিৰ মূল্য আছিল ৫০ কোটি ডলাৰ। এই সকলোবোৰ এতিয়া প’লাৰ নামত।

বিল গেটছ আৰু প’লা- দুয়োজনেই পুৰণি সম্পৰ্কৰ পৰা এতিয়া মুক্ত। এই বয়সত দুজন মানুহে প্ৰেম বিচাৰি পালেনো কি ক্ষতি ! সেয়ে দুয়োজনে নিবিড় অন্তৰংগ মুহূৰ্ত কটাই আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ