--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট খেলৰ পূৰ্বে ৰোহিত শৰ্মা, বিৰাট কোহলীৰ বাবে সুখবৰ। ক্ৰিকেটৰ সকলো ফৰ্মেটতে শীৰ্ষত উপনীত হ’ল টীম ইণ্ডিয়া। তাৰ লগে লগে সৃষ্টি হ’ল অনন্য ইতিহাসৰ।

ইতিমধ্যে এদিনীয়া ক্ৰিকেট আৰু টি-২০ত এক নম্বৰ স্থানত আছিল ভাৰত। এইবাৰ টেষ্টত শীৰ্ষ স্থান দখল কৰে। অষ্ট্ৰেলিয়াৰ পৰা শীৰ্ষস্থান আঁজুৰি আনি ৰোহিতবাহিনীয়ে এক নম্বৰ স্থান দখল কৰে।

নাগপুৰত অষ্ট্ৰেলিয়াক এটা ইনিংছ আৰু ১৩২ ৰানত পৰাস্ত কৰে ভাৰতে। ফলত তেওঁলোকে ৰেংকিঙৰ উপৰলৈ উঠিবলৈ সক্ষম হ’ল। বুধবাৰে প্ৰকাশিত ৰেংকিঙত ভাৰতৰ ৰেটিং হৈছে ১১৫। দ্বিতীয় স্থানত থকা অষ্ট্ৰেলিয়াতকৈ ৪ ৰেটিং পইণ্ট বেছি ৰোহিতবাহিনীৰ। ভাৰতৰ পইণ্ট ৩৬৯০। অষ্ট্ৰেলিয়াৰ পইণ্ট ৩২৩১।

এই তালিকাত তৃতীয় স্থানত আছে ইংলেণ্ড। ৪৯৭৩ পইণ্টেৰে সৰ্বাধিক পইণ্ট লাভ কৰিছে বেন ষ্ট’কছবাহিনীয়ে। কিন্তু তেওঁলোকৰ ৰেটিং পইণ্ট ১০৬। চতুৰ্থ স্থানত থকা নিউজিলেণ্ডৰ ২৭০৪ পইণ্ট আৰু ১০০ ৰেটিং। টেষ্ট ৰেংকিঙত পঞ্চম স্থানত আছে দক্ষিণ আফ্ৰিকা। তেওঁলোকৰ পইণ্ট হৈছে ২৪৫৬। ৰেটিং ৮৫।

টেষ্ট ৰেংকিঙত এক নম্বৰ স্থানত থকাৰ পাছতো বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত দ্বিতীয় স্থানত আছে ভাৰত। ৰোহিতৰ পইণ্ট শতাংশ ৬১.৬৭। শীৰ্ষত অষ্ট্ৰেলিয়াৰ পইণ্ট শতাংশ ৭০.৮৩। ভাৰত-অষ্ট্ৰেলিয়া টেষ্ট শৃংখলাৰ ওপৰত নিৰ্ভৰ কৰিব কোন দুটা দলে ফাইনেলত খেলিব। তাৰ বাবে ভাৰতে অষ্ট্ৰেলিয়াক কমেও ২-০ বা ৩-১ গ’লত পৰাস্ত কৰাটো প্ৰয়োজন।

এদিনীয়া ৰেংকিঙতো শীৰ্ষত আছে ভাৰত। তেওঁলোকৰ পইণ্ট হৈছে ৫০১০। ৰেটিং ১১৪। এই ফৰ্মেটত অষ্ট্ৰেলিয়াও দ্বিতীয় স্থানত আছে। তেওঁলোকৰ ৩৫৭২ পইণ্ট আৰু ১১২ ৰেটিং। নিউজিলেণ্ড তিনি নম্বৰত আছে। তেওঁলোকৰ পইণ্ট হৈছে ৩২২৯। ৰেটিং ১১১। এই তালিকাত ইংলেণ্ড আৰু পাকিস্তান ক্ৰমে চতুৰ্থ আৰু পাঁচ নম্বৰ স্থানত আছে। ইংলেণ্ডে ৩৬৫৬ পইণ্ট আৰু ১১১ ৰেটিং। আনহাতে বাবৰ আজমবাহিনীৰ পইণ্ট ২৬৪৯ আৰু ৰেটিং ১০৬।

ক্ৰিকেটৰ চুটি ফৰ্মেট টি২০তো শীৰ্ষত আছে ৰোহিত। ভাৰত পইণ্ট ১৮৪৪৫। তেওঁলোকৰ ৰেটিং হৈছে ২৬৭। টি-২০ত দ্বিতীয় স্থানত আছে ইংলেণ্ড। তেওঁলোকৰ পইণ্ট হৈছে ১৩০২৯। ৰেটিং ২৬৬। এই তালিকাত পাকিস্তান তৃতীয় স্থানত আছে। বাবৰবাহিনীৰ পইণ্ট ১৪১৬৮। ৰেটিং ২৫৮।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু