--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছানিয়া মিৰ্জা শেহতীয়াকৈ কেইবাটাও বিষয়ৰ বাবে চৰ্চাত আছে৷ বিশেষকৈ বিবাহ বিচ্ছেদৰ খবৰে সংবাদমাধ্যমত শিৰোনাম দখল কৰি থকাৰ মাজতে ছানিয়াই  গ্ৰেণ্ড শ্লেমৰ পৰা অৱসৰ লোৱাৰ কথাও ঘোষণা কৰিছে৷  ডুবাই অপেন খেলাৰ পিছতে  ছানিয়াই এই মাহতে টেনিছৰ পৰা অৱসৰ ল'ব। তাৰ পিছতো পিছে  ছানিয়া মিৰ্জাই খেলৰ জগত খনৰ পৰা একেবাৰে দূৰলৈ গুচি নাযায়। 

শেহতীয়া খবৰ অনুসৰি টেনিছৰ পৰা এইবাৰ ক্ৰিকেটৰ জগতত ভৰি থব ছানিয়াই৷ ভাৰতীয় টেনিছ খেলুৱৈগৰাকীয়ে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰত (আৰচিবি) চামিল হ’ব বুলি জনা গৈছে৷ । তেওঁ মহিলা ক্ৰিকেট দলটোৰ পৰামৰ্শদাতা হিচাপে কাম কৰিব।


আৰচিবিয়ে ইতিমধ্যে এই খবৰ নিশ্চিত কৰিছে৷  ছানিয়া টেনিছৰ পৰা পোনপটীয়াকৈ ক্ৰিকেটলৈ আহিছে ।এই কথাই তেওঁৰ অনুৰাগীসকলক আনন্দিত কৰি তোলা পৰিলক্ষিত হৈছে৷নিজৰ নতুন কেৰিয়াৰ সন্দৰ্ভত ছানিয়াই কয়  "মই প্ৰথমতে অলপ আচৰিত হৈছিলো যেতিয়া প্ৰথমে প্ৰস্তাৱটো পাইছিলো। যথেষ্ট উত্তেজিত অনুভৱ কৰিছিলো। মই যুৱতীসকলক বুজাব বিচাৰো যে ক্ৰীড়াক কেৰিয়াৰ হিচাপে বাছনি কৰিব পাৰি। আমি পৰৱৰ্তী প্ৰজন্মক নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ শিকাম আৰু ক'ম যে তেওঁলোকৰ সন্মুখত যিমানেই নাহক কিয় , তেওঁলোকে বাধা  অতিক্ৰম কৰি সপোনবোৰ পূৰণ কৰিব পাৰিব। "

ছানিয়াই ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ মহিলা ক্ৰিকেটাৰসকলক   খেলত  কেনেদৰেমানসিক  চাপৰ   মোকাবিলা কৰিব লাগে সেয়া  শিকাব বিচাৰে। তেওঁ কয় "মই প্ৰথমে সৰু ছোৱালীবোৰৰ সৈতে মানসিক সমস্যাৰ বিষয়ে কথা পাতিব বিচাৰো। মোৰ ২০ বছৰ ধৰি টেনিছ খেলাৰ যথেষ্ট অভিজ্ঞতা আছে। আশা কৰোঁ, আমি তেওঁলোকক মানসিকভাৱে শক্তিশালী কৰিব পাৰিম আৰু আত্মবিশ্বাসী কৰি গঢ়ি তুলিব পাৰিম।  মই তেওঁলোকক প্ৰত্যাহ্বানৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে সেয়া শিকাব বিচাৰো। "

উল্লেখ্য সোমবাৰৰ নিলামত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে এটা শক্তিশালী দল তৈয়াৰ কৰিছে। তেওঁলোকে স্মৃতি মান্ধানাক সৰ্বাধিক মূল্যত ক্ৰয় কৰিছে। ইয়াৰ উপৰি তেওঁলোকে এলিজ পেৰী, মেগান শ্বুট, ছফি ডেভাইন, ৰিচা ঘোষ, ডেন ভান নেইকাৰ্কৰ দৰে ক্ৰিকেটাৰসকলক নিজৰ দলত লৈছে। প্ৰাক্তন মহিলা ক্ৰিকেটাৰ ভি আৰ বনিতাও দলটোৰ সৈতে জড়িত হৈ আছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু