--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছানিয়া মিৰ্জা শেহতীয়াকৈ কেইবাটাও বিষয়ৰ বাবে চৰ্চাত আছে৷ বিশেষকৈ বিবাহ বিচ্ছেদৰ খবৰে সংবাদমাধ্যমত শিৰোনাম দখল কৰি থকাৰ মাজতে ছানিয়াই  গ্ৰেণ্ড শ্লেমৰ পৰা অৱসৰ লোৱাৰ কথাও ঘোষণা কৰিছে৷  ডুবাই অপেন খেলাৰ পিছতে  ছানিয়াই এই মাহতে টেনিছৰ পৰা অৱসৰ ল'ব। তাৰ পিছতো পিছে  ছানিয়া মিৰ্জাই খেলৰ জগত খনৰ পৰা একেবাৰে দূৰলৈ গুচি নাযায়। 

শেহতীয়া খবৰ অনুসৰি টেনিছৰ পৰা এইবাৰ ক্ৰিকেটৰ জগতত ভৰি থব ছানিয়াই৷ ভাৰতীয় টেনিছ খেলুৱৈগৰাকীয়ে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰত (আৰচিবি) চামিল হ’ব বুলি জনা গৈছে৷ । তেওঁ মহিলা ক্ৰিকেট দলটোৰ পৰামৰ্শদাতা হিচাপে কাম কৰিব।


আৰচিবিয়ে ইতিমধ্যে এই খবৰ নিশ্চিত কৰিছে৷  ছানিয়া টেনিছৰ পৰা পোনপটীয়াকৈ ক্ৰিকেটলৈ আহিছে ।এই কথাই তেওঁৰ অনুৰাগীসকলক আনন্দিত কৰি তোলা পৰিলক্ষিত হৈছে৷নিজৰ নতুন কেৰিয়াৰ সন্দৰ্ভত ছানিয়াই কয়  "মই প্ৰথমতে অলপ আচৰিত হৈছিলো যেতিয়া প্ৰথমে প্ৰস্তাৱটো পাইছিলো। যথেষ্ট উত্তেজিত অনুভৱ কৰিছিলো। মই যুৱতীসকলক বুজাব বিচাৰো যে ক্ৰীড়াক কেৰিয়াৰ হিচাপে বাছনি কৰিব পাৰি। আমি পৰৱৰ্তী প্ৰজন্মক নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ শিকাম আৰু ক'ম যে তেওঁলোকৰ সন্মুখত যিমানেই নাহক কিয় , তেওঁলোকে বাধা  অতিক্ৰম কৰি সপোনবোৰ পূৰণ কৰিব পাৰিব। "

ছানিয়াই ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ মহিলা ক্ৰিকেটাৰসকলক   খেলত  কেনেদৰেমানসিক  চাপৰ   মোকাবিলা কৰিব লাগে সেয়া  শিকাব বিচাৰে। তেওঁ কয় "মই প্ৰথমে সৰু ছোৱালীবোৰৰ সৈতে মানসিক সমস্যাৰ বিষয়ে কথা পাতিব বিচাৰো। মোৰ ২০ বছৰ ধৰি টেনিছ খেলাৰ যথেষ্ট অভিজ্ঞতা আছে। আশা কৰোঁ, আমি তেওঁলোকক মানসিকভাৱে শক্তিশালী কৰিব পাৰিম আৰু আত্মবিশ্বাসী কৰি গঢ়ি তুলিব পাৰিম।  মই তেওঁলোকক প্ৰত্যাহ্বানৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে সেয়া শিকাব বিচাৰো। "

উল্লেখ্য সোমবাৰৰ নিলামত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে এটা শক্তিশালী দল তৈয়াৰ কৰিছে। তেওঁলোকে স্মৃতি মান্ধানাক সৰ্বাধিক মূল্যত ক্ৰয় কৰিছে। ইয়াৰ উপৰি তেওঁলোকে এলিজ পেৰী, মেগান শ্বুট, ছফি ডেভাইন, ৰিচা ঘোষ, ডেন ভান নেইকাৰ্কৰ দৰে ক্ৰিকেটাৰসকলক নিজৰ দলত লৈছে। প্ৰাক্তন মহিলা ক্ৰিকেটাৰ ভি আৰ বনিতাও দলটোৰ সৈতে জড়িত হৈ আছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক