--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ববিদ্যালয়, মহাবিদ্যালয়ত তিনি বছৰৰ বাবে অধ্যাপক হিচাবে নিযুক্তি দিয়া হ'ব বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ ব্যক্তিক ।বিশ্ববিদ্যালয় অনুদান আয়োগে (ইউজিচি) য়ে সোমবাৰে দেশৰ সকলো বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য, তথা মহাবিদ্যালয়ৰ অধ্যক্ষসকলে এখন বিশেষ পত্ৰ লিখিছে। পত্ৰ খনত বিশ্ববিদ্যালয় অনুদান আয়োগে অনুৰোধ জনাইছে  যে দেশৰ সকলো উচ্চ শিক্ষা প্ৰতিষ্ঠানে পেছাদাৰী আৰু উদ্যোগী লোকসকলক তেওঁলোকৰ তেনে প্ৰতিষ্ঠানসমূহত "বিশেষ অধ্যাপক" হিচাপে নিয়োগ কৰিব বিচাৰিছে।

ইয়াৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ পত্ৰ খনত কোৱা হৈছে। বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত "বিশেষ অনুশীলনৰ অধ্যাপক" নিয়োগৰ বাবে প্ৰস্তুত কৰা খচৰাত   আগষ্টত উচ্চ শিক্ষাৰ বিশ্ববিদ্যালয় অনুদান আয়োগে অনুমোদন জনাইছিল। নিৰ্দেশনাৱলীত কোৱা হৈছে যে অভিযান্ত্ৰিক, বিজ্ঞান আৰু প্ৰযুক্তি, উদ্যোগ, ব্যৱসায়, সামাজিক বিজ্ঞান,  সাহিত্য, সূক্ষ্ম কলা, অসামৰিক সেৱা, সশস্ত্ৰ বাহিনী, আইনী বৃত্তি আৰু ৰাজহুৱা প্ৰশাসনৰ দৰে বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ বৃত্তিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা বিশিষ্ট বিশেষজ্ঞসকল "বিশেষ অধ্যাপক" হিচাপে নিযুক্তি পাবলৈ যোগ্য।

 নিৰ্দেশনা অনুসৰি  "বিশেষ  অধ্যাপক" এজনে সৰ্বাধিক তিনি বছৰৰ বাবে এটা  প্ৰতিষ্ঠানত সেৱা আগবঢ়াব পাৰিব, প্ৰয়োজন সাপেক্ষে  অতিৰিক্ত বছৰৰ বাবে তেওঁলোকক ৰখাৰ সম্ভাৱনা আছে। কোনো পৰিস্থিতিত সেৱাৰ মুঠ দৈৰ্ঘ্য চাৰি বছৰ অতিক্ৰম কৰিব নোৱাৰিব ।

এই বিশেষজ্ঞসকলক এক নিৰ্ধাৰিত সময়ৰ বাবে নিযুক্তি দিয়া হ'ব । তেওঁলোকৰ কৰ্যকাল  অতিৰিক্ত বছৰলৈ বৃদ্ধি কৰিব পৰা যাব  আৰু তেওঁলোকৰ কামৰ ম্যাদ সৰ্বাধিক তিনি বছৰৰ হ'ব। লগতে কোৱা হৈছিল যে নিৰ্দিষ্ট প্ৰতিষ্ঠান এটাত এই বিশেষজ্ঞসকলৰ সংখ্যা কেতিয়াও কৰ্তৃত্বপ্ৰাপ্ত পদৰ ১০ শতাংশতকৈ বেছি হ'ব নালাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু