--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ববিদ্যালয়, মহাবিদ্যালয়ত তিনি বছৰৰ বাবে অধ্যাপক হিচাবে নিযুক্তি দিয়া হ'ব বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ ব্যক্তিক ।বিশ্ববিদ্যালয় অনুদান আয়োগে (ইউজিচি) য়ে সোমবাৰে দেশৰ সকলো বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য, তথা মহাবিদ্যালয়ৰ অধ্যক্ষসকলে এখন বিশেষ পত্ৰ লিখিছে। পত্ৰ খনত বিশ্ববিদ্যালয় অনুদান আয়োগে অনুৰোধ জনাইছে  যে দেশৰ সকলো উচ্চ শিক্ষা প্ৰতিষ্ঠানে পেছাদাৰী আৰু উদ্যোগী লোকসকলক তেওঁলোকৰ তেনে প্ৰতিষ্ঠানসমূহত "বিশেষ অধ্যাপক" হিচাপে নিয়োগ কৰিব বিচাৰিছে।

ইয়াৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ পত্ৰ খনত কোৱা হৈছে। বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত "বিশেষ অনুশীলনৰ অধ্যাপক" নিয়োগৰ বাবে প্ৰস্তুত কৰা খচৰাত   আগষ্টত উচ্চ শিক্ষাৰ বিশ্ববিদ্যালয় অনুদান আয়োগে অনুমোদন জনাইছিল। নিৰ্দেশনাৱলীত কোৱা হৈছে যে অভিযান্ত্ৰিক, বিজ্ঞান আৰু প্ৰযুক্তি, উদ্যোগ, ব্যৱসায়, সামাজিক বিজ্ঞান,  সাহিত্য, সূক্ষ্ম কলা, অসামৰিক সেৱা, সশস্ত্ৰ বাহিনী, আইনী বৃত্তি আৰু ৰাজহুৱা প্ৰশাসনৰ দৰে বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ বৃত্তিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা বিশিষ্ট বিশেষজ্ঞসকল "বিশেষ অধ্যাপক" হিচাপে নিযুক্তি পাবলৈ যোগ্য।

 নিৰ্দেশনা অনুসৰি  "বিশেষ  অধ্যাপক" এজনে সৰ্বাধিক তিনি বছৰৰ বাবে এটা  প্ৰতিষ্ঠানত সেৱা আগবঢ়াব পাৰিব, প্ৰয়োজন সাপেক্ষে  অতিৰিক্ত বছৰৰ বাবে তেওঁলোকক ৰখাৰ সম্ভাৱনা আছে। কোনো পৰিস্থিতিত সেৱাৰ মুঠ দৈৰ্ঘ্য চাৰি বছৰ অতিক্ৰম কৰিব নোৱাৰিব ।

এই বিশেষজ্ঞসকলক এক নিৰ্ধাৰিত সময়ৰ বাবে নিযুক্তি দিয়া হ'ব । তেওঁলোকৰ কৰ্যকাল  অতিৰিক্ত বছৰলৈ বৃদ্ধি কৰিব পৰা যাব  আৰু তেওঁলোকৰ কামৰ ম্যাদ সৰ্বাধিক তিনি বছৰৰ হ'ব। লগতে কোৱা হৈছিল যে নিৰ্দিষ্ট প্ৰতিষ্ঠান এটাত এই বিশেষজ্ঞসকলৰ সংখ্যা কেতিয়াও কৰ্তৃত্বপ্ৰাপ্ত পদৰ ১০ শতাংশতকৈ বেছি হ'ব নালাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক