--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউক্ৰেইনৰ   এগৰাকী শিল্পীয়ে অনুষ্ঠান পৰিবেশনৰ সময়তে ভাৰতীয় জাতীয় পতাকা খন দৰ্শকৰ ফালে দলিয়াই দিয়াৰ কথাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই ঘটনাৰ পিছতে পুনে আৰক্ষীয়ে ইউক্ৰেইনৰ গায়িকা উমা শান্তিৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকাক অপমান কৰাৰ অভিযোগত এখন এজাহাৰ পঞ্জীয়ন কৰিছে। 

দেওবাৰে নিশা গায়িকাগৰাকীয়ে তেওঁৰ বেণ্ডৰ প্ৰদৰ্শনৰ সময়ত  দৰ্শকৰ ফালে ত্ৰিৰংগা দলিয়াই দিছিল  বুলি অভিযোগ উঠিছে। এই সম্পৰ্কীয়  ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হৈছে। অৱশ্যে, প্ৰাগ নিউজ ডিজিটেলে ভিডিঅ'টোৰ সত্যতা প্ৰমাণিত কৰা নাই।আৰক্ষী সূত্ৰই জনোৱা অনুসৰি হাবিলদাৰ তানহাজী দেশমুখে উমাৰ বিৰুদ্ধে কোৰেগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। 


আৰক্ষী থানাৰ জ্যেষ্ঠ পৰিদৰ্শক বিষ্ণু তামহানে সংবাদ মাধ্যমক জনায় যে উমাৰ উপৰি অনুষ্ঠানটোৰ আয়োজক কাৰ্তিকৰ নামো এজাহাৰখনত উল্লেখ কৰা হৈছে। দুয়োজনকে মহাৰাষ্ট্ৰ আৰক্ষী আইনৰ ধাৰা ১১০ আৰু ৰাষ্ট্ৰীয় পতাকা আইনৰ  অধীনত অভিযুক্ত কৰা হৈছে। অৱশ্যে, উমা বা কাৰ্তিকক এতিয়ালৈকে আৰক্ষীয়ে নিজৰ জিম্মাত লোৱা হোৱা নাই।

'শান্তি পিপল' নামৰ  ইউক্ৰেইনৰ  বেণ্ডৰ মুখ্য গায়িকাগৰাকীয়ে নিজকে উমা শান্তি বুলি পৰিচয় দি আহিছে। তেওঁ পশ্চিমীয়া  সংগীতৰ সৈতে  বেদৰ সংযোগ ঘটাই সংগীত পৰিবেশন কৰি আহিছে। তেওঁৰ লাখ লাখ অনুৰাগী আছে। উমাই এসপ্তাহ আগতে ভাৰতলৈ আহিছিল আৰু  বাংগালুৰু তথা ভূপালত সংগীত পৰিবেন কৰে। স্বাধীনতা দিৱসৰ পূৰ্বে  দেওবাৰে নিশা পুনেৰ এখন ৰেষ্টুৰেণ্টত উমাৰ বেণ্ডৰ সংগীতানুষ্ঠান হৈছিল। সেই অনুষ্ঠানত তেওঁ দুয়োখন হাতত দুখন  ত্ৰিৰংগা লৈ মঞ্চত নৃত্য কৰা আৰম্ভ কৰিছিল আৰু এটা সময়ত পতাকা দুখন দৰ্শকৰ পিনে দলিয়াই দিছিল।  ২০  ছেকেণ্ডৰ এটা ভিডিঅ'ত সেই দৃশ্য বন্দী  হৈছিল।












FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস