--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউক্ৰেইনৰ   এগৰাকী শিল্পীয়ে অনুষ্ঠান পৰিবেশনৰ সময়তে ভাৰতীয় জাতীয় পতাকা খন দৰ্শকৰ ফালে দলিয়াই দিয়াৰ কথাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই ঘটনাৰ পিছতে পুনে আৰক্ষীয়ে ইউক্ৰেইনৰ গায়িকা উমা শান্তিৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকাক অপমান কৰাৰ অভিযোগত এখন এজাহাৰ পঞ্জীয়ন কৰিছে। 

দেওবাৰে নিশা গায়িকাগৰাকীয়ে তেওঁৰ বেণ্ডৰ প্ৰদৰ্শনৰ সময়ত  দৰ্শকৰ ফালে ত্ৰিৰংগা দলিয়াই দিছিল  বুলি অভিযোগ উঠিছে। এই সম্পৰ্কীয়  ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হৈছে। অৱশ্যে, প্ৰাগ নিউজ ডিজিটেলে ভিডিঅ'টোৰ সত্যতা প্ৰমাণিত কৰা নাই।আৰক্ষী সূত্ৰই জনোৱা অনুসৰি হাবিলদাৰ তানহাজী দেশমুখে উমাৰ বিৰুদ্ধে কোৰেগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। 


আৰক্ষী থানাৰ জ্যেষ্ঠ পৰিদৰ্শক বিষ্ণু তামহানে সংবাদ মাধ্যমক জনায় যে উমাৰ উপৰি অনুষ্ঠানটোৰ আয়োজক কাৰ্তিকৰ নামো এজাহাৰখনত উল্লেখ কৰা হৈছে। দুয়োজনকে মহাৰাষ্ট্ৰ আৰক্ষী আইনৰ ধাৰা ১১০ আৰু ৰাষ্ট্ৰীয় পতাকা আইনৰ  অধীনত অভিযুক্ত কৰা হৈছে। অৱশ্যে, উমা বা কাৰ্তিকক এতিয়ালৈকে আৰক্ষীয়ে নিজৰ জিম্মাত লোৱা হোৱা নাই।

'শান্তি পিপল' নামৰ  ইউক্ৰেইনৰ  বেণ্ডৰ মুখ্য গায়িকাগৰাকীয়ে নিজকে উমা শান্তি বুলি পৰিচয় দি আহিছে। তেওঁ পশ্চিমীয়া  সংগীতৰ সৈতে  বেদৰ সংযোগ ঘটাই সংগীত পৰিবেশন কৰি আহিছে। তেওঁৰ লাখ লাখ অনুৰাগী আছে। উমাই এসপ্তাহ আগতে ভাৰতলৈ আহিছিল আৰু  বাংগালুৰু তথা ভূপালত সংগীত পৰিবেন কৰে। স্বাধীনতা দিৱসৰ পূৰ্বে  দেওবাৰে নিশা পুনেৰ এখন ৰেষ্টুৰেণ্টত উমাৰ বেণ্ডৰ সংগীতানুষ্ঠান হৈছিল। সেই অনুষ্ঠানত তেওঁ দুয়োখন হাতত দুখন  ত্ৰিৰংগা লৈ মঞ্চত নৃত্য কৰা আৰম্ভ কৰিছিল আৰু এটা সময়ত পতাকা দুখন দৰ্শকৰ পিনে দলিয়াই দিছিল।  ২০  ছেকেণ্ডৰ এটা ভিডিঅ'ত সেই দৃশ্য বন্দী  হৈছিল।












FOLLOW US F
POPULAR
FEATURE
TRENDY
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী