--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানী সীমা হাইদৰ আৰু ভাৰতীয় যুৱক শচীন মীনাৰ প্ৰেমৰ আলোচনা সকলোতে চৰ্চিত। সীমা আৰু শচীন যেতিয়া নেপাল হৈ ভাৰতলৈ আহিছিল, তেতিয়া দুয়োজনে ৰাবুপুৰা চহৰৰ এটা ভাড়া কোঠাত থাকিবলৈ আৰম্ভ কৰিছিল। শচীনে এদিন গম পালে যে সীমা বিড়িৰ প্ৰতি আসক্ত। এই কথা জনাৰ পাছত দুয়োৰে মাজত তীব্ৰ তৰ্ক হ’ল আৰু বিষয়টো কাজিয়ালৈকে উপনীত হ’ল। সীমাই শচীন কামলৈ যোৱাৰ পাছত বিড়ি খাইছিল।

মে’ মাহত যেতিয়া শচীন আৰু সীমা ভাড়াঘৰত থাকিছিল, তেতিয়া সীমা পাকিস্তানৰ পৰা অহা বুলি কোনেও সন্দেহ কৰা নাছিল। কাৰণ তেওঁ কাৰো লগত বেছি কথা পতা নাছিল। 

ঘৰৰ মালিক গিৰেন্দ্ৰই কয় যে সীমা আৰু শচীনৰ মাজত এসময়ত বহুত কাজিয়া হৈছিল। কাৰণ সীমাই বহুত ধূমপান কৰিছিল। সীমাই কয় যে তাইৰ বিড়িৰ প্ৰতি থকা আসক্তি বহুত পুৰণি। ইয়াৰ পিছত শচীনে এদিন খঙতে সীমাক প্ৰচণ্ড চৰ মাৰিছিল। ইয়াকে লৈ দুয়োৰে মাজত দুৰ্বাদল কাজিয়া হয়। তাৰপাছত ভাড়াঘৰৰ মালিকে শচীনক কয় যে যদি এনেকৈ কাজিয়া কৰিব মন যায়, তেন্তে কোঠাটো খালী কৰক।

লগতে ঘৰৰ মালিকে কয় যে তেওঁ নাজানে যে শচীনে যাৰ লগত থাকিছিল সেই মহিলাগৰাকী পাকিস্তানৰ। বাতৰি কাকতত এই খবৰটো পঢ়ি তেওঁ নিজেই আচৰিত হৈ পৰিছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী