--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে চিকিৎসা বিজ্ঞানৰ বিদ্যাৰ্থীসকলে তেওঁলোকৰ কেৰিয়াৰৰ মাজভাগতে অধ্যয়ন বন্ধ কৰি ভাৰতলৈ উভতি আহিবলৈ বাধ্য হৈছিল। সেইসকল শিক্ষাৰ্থীৰ ভৱিষ্যত সেয়ে প্ৰায় অন্ধকাৰ হৈ পৰিছিল। বহুতে আশা কৰিছিল যে কেন্দ্ৰীয় চৰকাৰে হয়তো সেইসকল শিক্ষাৰ্থীৰ বাবে কিবা এটা কৰিব।

 শেহতীয়াকৈ পশ্চিমবংগৰ টিএমচিয়ে দাবী কৰিছিল যে কেন্দ্ৰই তেওঁলোকৰ অসম্পূৰ্ণ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত চাকৰি পোৱাৰ বিষয়টো চোৱা-চিতা কৰিব লাগে। বংগৰ মুখ্যমন্ত্ৰীয়ে নিজেই কেন্দ্ৰৰ ওচৰত একেই দাবী কৰিছিল। তৃণমূলৰ সাংসদ সুদীপ বন্দোপাধ্যায়েও সংসদত বিষয়টো উত্থাপন কৰিছিল। সাংসদগৰাকীয়ে  জানিব বিচাৰিছিল যে কেন্দ্ৰই শিক্ষাৰ্থীসকলক কিমান সহায় কৰিব পাৰে। 

এইবাৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই তেওঁলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত কেন্দ্ৰই স্পষ্ট কৰি দিছে যে ভাৰতীয় চিকিৎসা পৰিষদ আৰু সংশ্লিষ্ট অন্যান্য নিয়ামক সংস্থাৰ নিয়ম অনুসৰি এই শিক্ষাৰ্থীসকলক সহায় কৰিবলৈ কেন্দ্ৰৰ বিশেষ একো কৰিবলগীয়া নাই। এই সন্দৰ্ভত  নিয়মৰ কথা উল্লেখ কৰি মাণ্ডৱিয়াই কেন্দ্ৰৰ দায়বদ্ধতাৰ কথা কয়।

তিনিটা নিয়ামক সংস্থাৰ নিয়ম - ৰাষ্ট্ৰীয় চিকিৎসা পৰিষদ (এনএমচি) আইন ২০১৯, ভাৰতীয় চিকিৎসা পৰিষদ (আইএমচি) আইন, ১৯৫৬ আৰু বিদেশী স্নাতক অনুজ্ঞা নিয়মাৱলীৰ স্ক্ৰীণিং পৰীক্ষা নিয়মাৱলী ২০০২ ত স্পষ্টভাৱে কোৱা হৈছে যে বিদেশৰ যিকোনো বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক ভাৰতীয় প্ৰতিষ্ঠানত অধ্যয়ন কৰিবলৈ অনুমতি দিব নোৱাৰি, বা তেওঁলোকক বিদেশৰ প্ৰতিষ্ঠানৰ পৰা স্থানান্তৰো কৰিব নোৱাৰি। কেন্দ্ৰীয় মন্ত্ৰী মান্দাৱিয়াই পত্ৰখনত এইকথা উল্লেখ কৰিছে। এই সন্দৰ্ভত, তেওঁ স্পষ্ট কৰি দিছে যে ৰাছিয়া -ইউক্ৰেইনৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত দেশলৈ উভতি আহিব লগা চিকিৎসা বিদ্যাৰ্থীসকলে সংশ্লিষ্ট বিশ্ববিদ্যালয়তেই পঢ়া-শুনা সম্পূৰ্ণ কৰিব লাগিব আৰু তাৰ পৰাই প্ৰমাণপত্ৰ প্ৰাপ্ত কৰিব লাগিব।

মান্দাৱিয়াই লগতে কয় যে ভাৰতৰ চিকিৎসা প্ৰতিষ্ঠানসমূহৰ নিয়ম অনুসৰি, যদি কোনোবাই বিদেশৰ পৰা চিকিৎসা বিজ্ঞানৰ পৰীক্ষাত উত্তীৰ্ণ হৈ দেশলৈ উভতি অহাৰ পিছত অনুশীলন কৰিব বিচাৰে, তেন্তে তেওঁ বিদেশী চিকিৎসা বিদ্যাৰ্থী স্নাতক পৰীক্ষাত বহিব লাগিব। যদি তেওঁ উত্তীৰ্ণ হয় তেন্তে তেওঁ  ভাৰতত চিকিৎসা সেৱা কৰাৰ সুযোগ পাব। প্ৰথমতে, সম্ভাৱ্য চিকিৎসকসকলে দুবছৰীয়া বাধ্যতামূলক  চিকিৎসা ইন্টাৰ্ণশ্বিপ কৰিব লাগিব। তেওঁলোকে ভাৰতৰ চিকিৎসা ব্যৱস্থাৰ সৈতে  সম্পূৰ্ণৰূপে অভ্যস্ত হোৱাৰ পিছতহে চিকিৎসা বৃত্তিত প্ৰৱেশ কৰিবলৈ অনুমতি লাভ কৰিব। 
















FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ