--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাপ যিমানেই বিষাক্ত নহওঁক কিয়, খালী হাতেৰেই ধৰে তেওঁ। বিষাক্ত সাপৰ সৈতে কিমন যে খেলা নেদেখুৱায় তেওঁ। সাপ ধৰাটো ভাতৰ লগত পানী খোৱাৰ দৰেই তেনেই সহজ কাম তেওঁৰ বাবে।কিন্তু জীৱনটো সাপৰ সৈতেই খেলা কৰি কটোৱা লোক জনৰ মৃত্যু হ’ল সৰ্প দংশনতেই।

চুৰুৰ গোগামেডি অঞ্চলৰ এখন দোকানৰ বাহিৰত এডাল বিষাক্ত গোখৰো ওলাইছিল। লগে লগে খবৰ দিয়া হৈছিল ৰাজস্থানৰ 'স্নেকমেন' হিচাবে পৰিচিত বিনোদক।  সাপডাল ধৰিবলৈ বিনোদ নামৰ লোকজন সেই ঠাইলৈ  দৌৰি আহিছিল কেইমিনিটমান চেষ্টা কৰাৰ পিছত বিনোদে সাপডাল বেগ এটাৰ ভিতৰত  ভৰাবলৈ সক্ষম হৈছিল। 

সাপ ধৰাটো বিনোদৰ এটা বৃত্তি আছিল। তেওঁক অঞ্চলটোত 'স্নেকমেন' বুলি জনা গৈছিল। ৰাজস্থানৰ চুৰু জিলাৰ বিনোদ তিৱাৰীয়ে তেওঁৰ জীৱনকালত ধৰিব নোৱাৰা কোনো সাপ নাই। কিন্তু সিদিনা ধৰা  সাপডালে হঠাতে তেওঁক দংশন কৰে।সাপডালে  কামোৰাৰ ফলত ৪৫ বছৰীয়া বিনোদৰ কিছুসময় পিছতে তেওঁৰ মৃত্যু হয়।

বিনোদে অলপ অন্যমনস্ক হোৱাৰ লগে লগে সাপডালে আঙুলিত কামুৰিছিল। কেইমিনিটমানৰ ভিতৰতে বিনোদৰ মৃত্যু হয়। গোটেই ঘটনাটো দোকানৰ বাহিৰত এটা চিচিটিভি কেমেৰাত ধৰা বন্দী হৈ ৰয়।

স্থানীয় বাসিন্দাসকলে কয়  যে সাপ ধৰাটো বিনোদৰ বৃত্তি আৰু আসক্তি আছিল। তেওঁ বিভিন্ন ঠাইৰ পৰা সাপ ধৰিছিল আৰু সেইবোৰ অৰণ্যত এৰি দিছিল। এদিনৰ সাপৰ কামোৰতেএ তেওঁৰ মৃত্যু হ’ব বুলি কোনেও ভবা নাছিল।অঞ্চলটোৰ মানুহে বিনোদক বহুত ভাল পাইছিল। সেয়ে  অঞ্চলটোৰ বহু সংখ্যক লোক তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থকা পৰিলক্ষিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু