--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাপ যিমানেই বিষাক্ত নহওঁক কিয়, খালী হাতেৰেই ধৰে তেওঁ। বিষাক্ত সাপৰ সৈতে কিমন যে খেলা নেদেখুৱায় তেওঁ। সাপ ধৰাটো ভাতৰ লগত পানী খোৱাৰ দৰেই তেনেই সহজ কাম তেওঁৰ বাবে।কিন্তু জীৱনটো সাপৰ সৈতেই খেলা কৰি কটোৱা লোক জনৰ মৃত্যু হ’ল সৰ্প দংশনতেই।

চুৰুৰ গোগামেডি অঞ্চলৰ এখন দোকানৰ বাহিৰত এডাল বিষাক্ত গোখৰো ওলাইছিল। লগে লগে খবৰ দিয়া হৈছিল ৰাজস্থানৰ 'স্নেকমেন' হিচাবে পৰিচিত বিনোদক।  সাপডাল ধৰিবলৈ বিনোদ নামৰ লোকজন সেই ঠাইলৈ  দৌৰি আহিছিল কেইমিনিটমান চেষ্টা কৰাৰ পিছত বিনোদে সাপডাল বেগ এটাৰ ভিতৰত  ভৰাবলৈ সক্ষম হৈছিল। 

সাপ ধৰাটো বিনোদৰ এটা বৃত্তি আছিল। তেওঁক অঞ্চলটোত 'স্নেকমেন' বুলি জনা গৈছিল। ৰাজস্থানৰ চুৰু জিলাৰ বিনোদ তিৱাৰীয়ে তেওঁৰ জীৱনকালত ধৰিব নোৱাৰা কোনো সাপ নাই। কিন্তু সিদিনা ধৰা  সাপডালে হঠাতে তেওঁক দংশন কৰে।সাপডালে  কামোৰাৰ ফলত ৪৫ বছৰীয়া বিনোদৰ কিছুসময় পিছতে তেওঁৰ মৃত্যু হয়।

বিনোদে অলপ অন্যমনস্ক হোৱাৰ লগে লগে সাপডালে আঙুলিত কামুৰিছিল। কেইমিনিটমানৰ ভিতৰতে বিনোদৰ মৃত্যু হয়। গোটেই ঘটনাটো দোকানৰ বাহিৰত এটা চিচিটিভি কেমেৰাত ধৰা বন্দী হৈ ৰয়।

স্থানীয় বাসিন্দাসকলে কয়  যে সাপ ধৰাটো বিনোদৰ বৃত্তি আৰু আসক্তি আছিল। তেওঁ বিভিন্ন ঠাইৰ পৰা সাপ ধৰিছিল আৰু সেইবোৰ অৰণ্যত এৰি দিছিল। এদিনৰ সাপৰ কামোৰতেএ তেওঁৰ মৃত্যু হ’ব বুলি কোনেও ভবা নাছিল।অঞ্চলটোৰ মানুহে বিনোদক বহুত ভাল পাইছিল। সেয়ে  অঞ্চলটোৰ বহু সংখ্যক লোক তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থকা পৰিলক্ষিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী