--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:সাপ, বেং বুলি কোনো কথা নাই। সকলো খায় তেওঁ। তেওঁৰ কোনো বস্তুক লৈ কোনো অসন্তুষ্টিও নাই। পাণ্ডৱবৰ্জিত ঠাইসমূহতো তেওঁ অবাধে বিচৰণ কৰি ফুৰে। কোনো ঠাইয়েই তেওঁৰ বাবে অগম্য নহয়। তেওঁ বেয়াৰ গ্ৰিলছ।  সেইগৰাকী বেয়াৰ গ্ৰিলছকে এইবাৰ ইউক্ৰেইনত দেখা গৈছে।

শেহতীয়াকৈ তেওঁ যুদ্ধবিধ্বস্ত দেশখনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছে। প্ৰাক্তন ব্ৰিটিছ কমাণ্ডো বেয়াৰ গ্ৰিলছে ইউক্ৰেইনৰ ৰাজধানী কিয়েভত জেলেনস্কিক সাক্ষাৎ কৰি যুদ্ধৰ বতৰা লৈছে। 'মেন ভাৰ্ছেছ ৱাইল্ড' খ্যাত টিভি শ্ব'ৰ সঞ্চালকজনে ইনষ্টাগ্ৰামত এই সাক্ষাতৰ কেইবাখনো ছবি শ্বেয়াৰ কৰিছে।

গ্ৰিলছে ইনষ্টাগ্ৰামত লিখিছে, "এই সপ্তাহত ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে কিছু সময় খৰচ কৰাৰ সৌভাগ্য হৈছে। এই অভিজ্ঞতা অভূতপূৰ্ব। দেশখনে যুদ্ধৰ মাজতে  শীতকালৰ সন্মুখীন হ'বলৈ গৈ আছে। কিন্তু আন্তঃগাঁথনিৰ ওপৰত নিৰন্তৰ আক্ৰমণৰ বাবে লাখ লাখ মানুহে জীয়াই থাকিবলৈ কঠোৰ সংগ্ৰাম কৰি থাকিবলগীয়া হৈছে। '

বেয়াৰ গ্ৰিলছে কয়  যে জেলেনস্কিৰ যুঁজখন  সোনকালেই টিভিৰ পৰ্দালৈ আহিব। ' আই গট ছ’ মাছ ম’ৰ' শীৰ্ষক কাৰ্যসূচীটোত বহুতো অজ্ঞাত তথ্য পোহৰলৈ আহিব। গ্ৰিলছে ইনষ্টাগ্ৰামত লিখিছে, "এই কাৰ্যসূচীত জেলেনস্কিৰ সম্পূৰ্ণ অজ্ঞাত দিশটো বিশ্বৰ সন্মুখত প্ৰতিভাত হ’ব। মই তেওঁৰ (জেলেনস্কি) পৰা জানিব বিচাৰো যে তেওঁ কেনেকৈ ইমান খিনি চম্ভালি থাকিব পাৰিছে।" 

ইফালে, বেয়াৰ গ্ৰিলছৰ পোষ্টৰ পিছতে  নেটিজেনসকলৰ মাজত উৎকণ্ঠাৰ সৃষ্টি  হৈছে। বহুলোকে গ্ৰিলছ-জেলেনস্কিৰ যুটিক একেলগে চাবলৈ যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিছে।মন কৰিবলগীয়া কথাটো হ’ল  'মেন ভাৰ্ছেছ  ৱাইল্ড' অনুষ্ঠানটোৰ জৰিয়তেই   বেয়াৰ গ্ৰিলচ বিশ্ব বিখ্যাত হৈ পৰিছে।

২০১৯ চনত প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে  'মেন ভাৰ্ছেছ  ৱাইল্ড'ত বিশেষ অতিথি হিচাপে উপস্থিত আছিল। এতিয়া  ৰাছিয়াৰ সৈতে যুদ্ধৰ সময়তে জেলেস্কিৰ সৈতে গ্ৰিলছৰ সাক্ষাতে  চৰ্চা লাভ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক