--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইলন মাস্কে টুইটাৰ ক্ৰয় কৰাৰ পিছতে  টুইটাৰৰ কৰ্মচাৰীৰ সংখ্যা  লক্ষ্যণীয়ভাবে  হ্ৰাস কৰিছে। টুইটাৰৰ হাজাৰ হাজাৰ  কৰ্মচাৰীয়ে তেওঁলোকৰ চাকৰি হেৰুৱাইছে। এনে পৰিস্থিতিত এজন আইৰিছ মহিলা কৰ্মচাৰীক পিছতে ইলন মাস্কে কোনো পধ্যেই চাকৰিৰ পৰা খেদিব নোৱাৰিব।  নিজৰ চাকৰিটো বচাই ৰাখিবলৈ মহিলা কৰ্মচাৰীগৰাকীয়ে যি কৰিব লাগে সেয়া সঠিক সময়তে কৰিছে।ফলস্বৰূপে মাস্কে বিচাৰিলেও  তেওঁৰ চাকৰিটো কাঢ়ি নিব নোৱাৰিব। বিষয়টো নো কি?

চাইনেড  মেকচুইনি আয়াৰলেণ্ডৰ টুইটাৰ কাৰ্যালয়ৰ এগৰাকী অভিজ্ঞ কৰ্মচাৰী। তেওঁ টুইটাৰৰ  উপ-সভাপতিৰ পদতো অধিষ্ঠিত হৈ আছে। কিন্তু কিছুদিন ধৰি তেওঁ টুইটাৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলা নাছিল। মাস্কে হাজাৰ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা খেদি দিয়াৰ সময়তে  মেকচুইনিয়ে চাকৰি হেৰুওৱাৰ ভয়ত  পোনপটীয়াকৈ আদালতলৈ গৈছিল । মেকচুইনিৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই আদালতে তেওঁক  চাকৰিত বাহাল ৰখাৰ   আদেশ জাৰি কৰিছে। অৰ্থাৎ মাস্কে এতিয়া তেওঁক কোনো পধ্যেই  চাকৰিৰ পৰা খেদিব নোৱাৰিব।

এই মাহৰ আৰম্ভণিতে মাস্কে সকলো টুইটাৰ কৰ্মচাৰীলৈ এটা ইমেইল প্ৰেৰণ কৰিছিল। কিন্তু মেকচুইনিয়ে সেই ইমেইলৰ কোনো সঁহাৰি দিয়া নাছিল। তেতিয়াৰে  পৰাই এনে প্ৰচাৰ চলোৱা হৈছিল যে  মেকচুইনি এতিয়া আৰু  টুইটাৰৰ কৰ্মচাৰী  হৈ থকা নাই। তেওঁক আনকি  কাৰ্যালয়ত প্ৰৱেশ কৰিবলৈ বাধা দিয়া হৈছিল। তেওঁৰ আভ্যন্তৰীণ আইটি প্ৰণালী বন্ধ কৰি দিয়াৰ লগতে  তেওঁৰ অফিচিয়েল ইমেইল আইডিও ব্লক কৰা  হৈছিল। প্ৰচাৰ চলোৱা হৈছিল  যে মেকচুইনিয়ে  তেওঁৰ চাকৰিটো এৰিবলৈ এক বিত্তীয় চুক্তিতো স্বাক্ষৰ কৰিছে। এনে সময়তে তেওঁ লৰালৰিকৈ আদালতৰ কাষ চাপিছিল।

কৰ্মীগৰাকীয়ে আদালতক কৈছিল যে মাস্কে ক্ৰয় কৰাৰ পিছত  টুইটাৰত কাম কৰাটো কঠিন হৈ পৰিছে। চুক্তি অনুসৰি   তেওঁ সপ্তাহত ৪০ ঘণ্টা কাম কৰিব লাগে। কিন্তু তেওঁ ৭৫ ঘণ্টাতকৈও অধিক সময় কাম কৰিবলগীয়া হৈছে। চাইনেড  মেকচুইনিৰ আবেদনৰ  পিছতে আদালতে  টুইটাৰ কৰ্মচাৰীগৰাকীক কোনোপধ্যে চাকৰিৰ পৰা বিদায় দিব নোৱািব বুলি স্পষ্ট কৰি দিয়ে।  








 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক