--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইলন মাস্কে টুইটাৰ ক্ৰয় কৰাৰ পিছতে  টুইটাৰৰ কৰ্মচাৰীৰ সংখ্যা  লক্ষ্যণীয়ভাবে  হ্ৰাস কৰিছে। টুইটাৰৰ হাজাৰ হাজাৰ  কৰ্মচাৰীয়ে তেওঁলোকৰ চাকৰি হেৰুৱাইছে। এনে পৰিস্থিতিত এজন আইৰিছ মহিলা কৰ্মচাৰীক পিছতে ইলন মাস্কে কোনো পধ্যেই চাকৰিৰ পৰা খেদিব নোৱাৰিব।  নিজৰ চাকৰিটো বচাই ৰাখিবলৈ মহিলা কৰ্মচাৰীগৰাকীয়ে যি কৰিব লাগে সেয়া সঠিক সময়তে কৰিছে।ফলস্বৰূপে মাস্কে বিচাৰিলেও  তেওঁৰ চাকৰিটো কাঢ়ি নিব নোৱাৰিব। বিষয়টো নো কি?

চাইনেড  মেকচুইনি আয়াৰলেণ্ডৰ টুইটাৰ কাৰ্যালয়ৰ এগৰাকী অভিজ্ঞ কৰ্মচাৰী। তেওঁ টুইটাৰৰ  উপ-সভাপতিৰ পদতো অধিষ্ঠিত হৈ আছে। কিন্তু কিছুদিন ধৰি তেওঁ টুইটাৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলা নাছিল। মাস্কে হাজাৰ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা খেদি দিয়াৰ সময়তে  মেকচুইনিয়ে চাকৰি হেৰুওৱাৰ ভয়ত  পোনপটীয়াকৈ আদালতলৈ গৈছিল । মেকচুইনিৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই আদালতে তেওঁক  চাকৰিত বাহাল ৰখাৰ   আদেশ জাৰি কৰিছে। অৰ্থাৎ মাস্কে এতিয়া তেওঁক কোনো পধ্যেই  চাকৰিৰ পৰা খেদিব নোৱাৰিব।

এই মাহৰ আৰম্ভণিতে মাস্কে সকলো টুইটাৰ কৰ্মচাৰীলৈ এটা ইমেইল প্ৰেৰণ কৰিছিল। কিন্তু মেকচুইনিয়ে সেই ইমেইলৰ কোনো সঁহাৰি দিয়া নাছিল। তেতিয়াৰে  পৰাই এনে প্ৰচাৰ চলোৱা হৈছিল যে  মেকচুইনি এতিয়া আৰু  টুইটাৰৰ কৰ্মচাৰী  হৈ থকা নাই। তেওঁক আনকি  কাৰ্যালয়ত প্ৰৱেশ কৰিবলৈ বাধা দিয়া হৈছিল। তেওঁৰ আভ্যন্তৰীণ আইটি প্ৰণালী বন্ধ কৰি দিয়াৰ লগতে  তেওঁৰ অফিচিয়েল ইমেইল আইডিও ব্লক কৰা  হৈছিল। প্ৰচাৰ চলোৱা হৈছিল  যে মেকচুইনিয়ে  তেওঁৰ চাকৰিটো এৰিবলৈ এক বিত্তীয় চুক্তিতো স্বাক্ষৰ কৰিছে। এনে সময়তে তেওঁ লৰালৰিকৈ আদালতৰ কাষ চাপিছিল।

কৰ্মীগৰাকীয়ে আদালতক কৈছিল যে মাস্কে ক্ৰয় কৰাৰ পিছত  টুইটাৰত কাম কৰাটো কঠিন হৈ পৰিছে। চুক্তি অনুসৰি   তেওঁ সপ্তাহত ৪০ ঘণ্টা কাম কৰিব লাগে। কিন্তু তেওঁ ৭৫ ঘণ্টাতকৈও অধিক সময় কাম কৰিবলগীয়া হৈছে। চাইনেড  মেকচুইনিৰ আবেদনৰ  পিছতে আদালতে  টুইটাৰ কৰ্মচাৰীগৰাকীক কোনোপধ্যে চাকৰিৰ পৰা বিদায় দিব নোৱািব বুলি স্পষ্ট কৰি দিয়ে।  








 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব