--°C
Loading...
Listen to Article
2 min read
80%

‘অপাৰেচন গংগা’ৰ মাজতে কিয় প্ৰধানমন্ত্ৰীৰ লক্ষ্য হৈ পৰিছে কংগ্ৰেছ

ডিজিটেল ডেস্ক: ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে মংগলবাৰে এগৰাকী ভাৰতীয় ছাত্ৰই মৃত্যুক সাৱটি লৈছে। ভাৰতে ‘অপাৰেচন গংগা’ৰ যোগেদি বহুতো ভাৰতীয় নাগৰিকক দেশলৈ ঘূৰাই আনিবলৈ সক্ষম হৈছে যদিও অধিকাংশ নাগৰিক এতিয়াও ইউক্ৰেইনৰ বিভিন্ন স্থানত আৱদ্ধ হৈ আছে। যুদ্ধৰ বীভিষিকাই অশান্ত কৰা দেশখনত প্ৰাণৰ সংশয়ত এতিয়াও ভুগি আছে সহস্ৰাধিক ভাৰতীয় নাগৰিকে ইয়াৰ মাজতে আত্মপ্ৰশংসাত গদ্ গদ্ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। লগতে ইয়াৰ সুযোগ গ্ৰহণ কৰি বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছকো আক্ৰমণ কৰিবলৈ এৰি নিদিলে মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ বৰ্ধিত শক্তিৰ বাবেই ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক সুৰক্ষিতভাৱে স্থানান্তৰ কৰিবলৈ সক্ষম হৈছে। উত্তৰ প্ৰদেশৰ সোনভদ্ৰাত এক নিৰ্বাচনী ৰেলী সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়। তেওঁ লগতে এইটোও কৈছিল যে ভাৰতে ইউক্ৰেইনত আৱদ্ধ নাগৰিকসকলক ঘূৰাই আনিবলৈ চেষ্টাৰ কোনো ধৰণৰ ত্ৰুটি নকৰিব। তেওঁ বিৰোধী কংগ্ৰেছকো আক্ৰমণ কৰি কয়, ‘যিসকলে দেশৰ সশস্ত্ৰ বাহিনীৰ সাহসিকতাক প্ৰশ্ন কৰে তেওঁলোকে কেতিয়াও দেশক শক্তিশালী কৰিব নোৱাৰে’। প্ৰধানমন্ত্ৰী মোডীয়ে শেহতীয়াকৈ ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক এখন সুৰক্ষিত দেশলৈ অনাৰ বিষয়ত তেওঁৰ মন্ত্ৰী আৰু বিষয়াসকলৰ সৈতে সঘনাই বৈঠকত মিলিত হৈছে বুলিও উল্লেখ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বুধবাৰে কয় যে ভাৰতে যোৱা ২৪ ঘণ্টাত যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা ইয়াৰ ১,৩৭৭ জন নাগৰিকক স্থানান্তৰ কৰাত সমৰ্থ হৈছে। চৰকাৰী এটা সূত্ৰ অনুসৰি সংকটগ্ৰস্ত ইউক্ৰেইনৰ চুবুৰীয়া দেশসমূহলৈ ৩১ খন বিমান প্ৰেৰণ কৰা হ'ব। ইয়াৰ দ্বাৰা দেশখনত আৱদ্ধ হৈ থকা ৬,৩০০ ৰো অধিক লোকক স্বদেশলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অপাৰেচন গঙ্গাৰ অধীনত এই বিমানসমূহ এয়াৰ ইণ্ডিয়া, এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ, ইণ্ডিগো, স্পাইচজেট আৰু ভাৰতীয় বায়ু সেনাই পৰিচালনা কৰিব বুলি তথ্য লাভ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক