--°C
Loading...
Listen to Article
2 min read
80%

‘অপাৰেচন গংগা’ৰ মাজতে কিয় প্ৰধানমন্ত্ৰীৰ লক্ষ্য হৈ পৰিছে কংগ্ৰেছ

ডিজিটেল ডেস্ক: ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে মংগলবাৰে এগৰাকী ভাৰতীয় ছাত্ৰই মৃত্যুক সাৱটি লৈছে। ভাৰতে ‘অপাৰেচন গংগা’ৰ যোগেদি বহুতো ভাৰতীয় নাগৰিকক দেশলৈ ঘূৰাই আনিবলৈ সক্ষম হৈছে যদিও অধিকাংশ নাগৰিক এতিয়াও ইউক্ৰেইনৰ বিভিন্ন স্থানত আৱদ্ধ হৈ আছে। যুদ্ধৰ বীভিষিকাই অশান্ত কৰা দেশখনত প্ৰাণৰ সংশয়ত এতিয়াও ভুগি আছে সহস্ৰাধিক ভাৰতীয় নাগৰিকে ইয়াৰ মাজতে আত্মপ্ৰশংসাত গদ্ গদ্ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। লগতে ইয়াৰ সুযোগ গ্ৰহণ কৰি বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছকো আক্ৰমণ কৰিবলৈ এৰি নিদিলে মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ বৰ্ধিত শক্তিৰ বাবেই ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক সুৰক্ষিতভাৱে স্থানান্তৰ কৰিবলৈ সক্ষম হৈছে। উত্তৰ প্ৰদেশৰ সোনভদ্ৰাত এক নিৰ্বাচনী ৰেলী সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়। তেওঁ লগতে এইটোও কৈছিল যে ভাৰতে ইউক্ৰেইনত আৱদ্ধ নাগৰিকসকলক ঘূৰাই আনিবলৈ চেষ্টাৰ কোনো ধৰণৰ ত্ৰুটি নকৰিব। তেওঁ বিৰোধী কংগ্ৰেছকো আক্ৰমণ কৰি কয়, ‘যিসকলে দেশৰ সশস্ত্ৰ বাহিনীৰ সাহসিকতাক প্ৰশ্ন কৰে তেওঁলোকে কেতিয়াও দেশক শক্তিশালী কৰিব নোৱাৰে’। প্ৰধানমন্ত্ৰী মোডীয়ে শেহতীয়াকৈ ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক এখন সুৰক্ষিত দেশলৈ অনাৰ বিষয়ত তেওঁৰ মন্ত্ৰী আৰু বিষয়াসকলৰ সৈতে সঘনাই বৈঠকত মিলিত হৈছে বুলিও উল্লেখ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বুধবাৰে কয় যে ভাৰতে যোৱা ২৪ ঘণ্টাত যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা ইয়াৰ ১,৩৭৭ জন নাগৰিকক স্থানান্তৰ কৰাত সমৰ্থ হৈছে। চৰকাৰী এটা সূত্ৰ অনুসৰি সংকটগ্ৰস্ত ইউক্ৰেইনৰ চুবুৰীয়া দেশসমূহলৈ ৩১ খন বিমান প্ৰেৰণ কৰা হ'ব। ইয়াৰ দ্বাৰা দেশখনত আৱদ্ধ হৈ থকা ৬,৩০০ ৰো অধিক লোকক স্বদেশলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অপাৰেচন গঙ্গাৰ অধীনত এই বিমানসমূহ এয়াৰ ইণ্ডিয়া, এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ, ইণ্ডিগো, স্পাইচজেট আৰু ভাৰতীয় বায়ু সেনাই পৰিচালনা কৰিব বুলি তথ্য লাভ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক