ডিজিটেল ডেস্কঃ ইউক্ৰেইনক সম্পূৰ্ণৰূপে ধ্বংস কৰাই যেন ৰাছিয়াৰ লক্ষ্য৷ সেয়ে ৰাছিয়াই ব্যৱহাৰ কৰিছে বিশ্বৰ আটাইতকৈ শক্তিশালী অস্ত্ৰবিধ৷ পৃথিৱীৰ কোনো মিছাইল প্ৰতিৰক্ষা প্ৰণালীৰে এই 'মৃত্যু দূত'ক বাধা দিয়াৰ ক্ষমতা নাই। ৰাছিয়াই ব্যৱহাৰ কৰা এই মিছাইলবিধ ইউক্ৰেইনৰ যুদ্ধত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছে৷ মিছাইল বিধৰ নাম জিৰকন মিছাইল । কিয়েভ বিজ্ঞান-গৱেষণা প্ৰতিষ্ঠানৰ মুৰব্বী আলেকজেণ্ডাৰ ৰুভিনে এই কথা প্ৰকাশ কৰিছে৷
ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱা ৰক্তক্ষয়ী যুদ্ধৰ দুবছৰ হ'ল। মস্কোৱে শেহতীয়া মাহবোৰত ইউক্ৰেইনৰ ওপৰত আক্ৰমণ তীব্ৰতৰ কৰিছে। ৰাছিয়াৰ বাহিনীয়ে আক্ৰমণ তীব্ৰতৰ কৰিবলৈ নতুন অস্ত্ৰ ব্যৱহাৰ কৰিবলৈ লৈছে। ৰাছিয়াই প্ৰথমবাৰৰ বাবে জিৰকন মিছাইল ব্যৱহাৰ কৰিছে। যোৱা সপ্তাহত কিয়েভত ৰাছিয়াৰ 'ব্ৰহ্মাস্ত্ৰ' দুৰ্ঘটনাগ্ৰস্ত হৈছিল। সামৰিক বিশ্লেষকসকলৰ মতে, যদি কিয়েভৰ ওপৰত জিৰকন মিছাইল আক্ৰমণ প্ৰমাণিত হয়, তেন্তে এই মিছাইলৰ মোকাবিলা কৰাটো ভৱিষ্যতে ইউক্ৰেইনৰ বায়ু সেনাৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিব।
আলেকজেণ্ডাৰ ৰুভিনে টেলিগ্ৰামত ৰাছিয়াৰ এই আক্ৰমণৰ কথা ঘোষণা কৰে। মিছাইলৰ টুকুৰাবোৰ পৰীক্ষা কৰাৰ পিছত এয়া জিৰকন মিছাইল বুলি নিশ্চিত কৰা হয়৷ মিছাইলটোৱে ৭ ফেব্ৰুৱাৰীত ইউক্ৰেইনৰ ভূখণ্ডত আঘাত কৰিছিল। ৰুভিনে মিছাইলটোৰ বিভিন্ন টুকুৰা একত্ৰিত কৰি এটা ভিডিঅ' মুকলি কৰিছে। তেওঁ মিছাইলটোৰ কেইবাটাও অংশ চিনাক্ত কৰি দাবী কৰিছে যে সেই উপাদানবোৰ ৩এম২২ জিৰকন মিছাইলৰ অংশ আছিল। অৱশ্যে ৰাছিয়াই এতিয়ালৈকে এই মিছাইল আক্ৰমণৰ বিষয়ে মুখ খোলা নাই। ৭ ফেব্ৰুৱাৰীৰ আক্ৰমণত কমেও পাঁচজন লোক নিহত হৈছিল। কেইবাটাও ঘৰ আৰু বৈদ্যুতিক আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হৈছিল।
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ২০১৯ চনত প্ৰথমবাৰৰ বাবে এই মিছাইলটোৰ কথা ৰাজহুৱা কৰিছিল। তেওঁ দাবী কৰিছিল যে এই মিছাইল 'অজেয়' । জিৰকন মিছাইলে মেক-৯ (প্ৰতি ঘণ্টাত ৯,০০০ কিলোমিটাৰ) সৰ্বাধিক গতিত ১,০০০ কিলোমিটাৰ দূৰত্বৰ লক্ষ্যত আঘাত কৰিবলৈ সক্ষম। এই মিছাইলবোৰ ৰাছিয়াৰ যুদ্ধজাহাজ আৰু চাবমেৰিনত মোতায়েন কৰা হ’ব।
২০২১ চনৰ জুলাই মাহত ৰাছিয়াৰ সামৰিক বাহিনীয়ে জিৰকন হাইপাৰচনিক ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ কৰিছিল। যোৱা দুবছৰত ৰাছিয়াই এই 'ব্ৰহ্মাস্ত্ৰ' ব্যৱহাৰ কৰা নাছিল। কিন্তু এইবাৰ মস্কোৱে ইউক্ৰেইনৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ এই অস্তৰ ব্যৱহাৰ কৰিছে বুলি ধাৰণা কৰা হৈছে৷
এয়া লক্ষণীয় যে দিন পাৰ হোৱাৰ লগে লগে এই যুদ্ধই অধিক ভয়ানক ৰূপ লৈছে। ইপিনে ইউক্ৰেইনৰ সেনায়ো ৰাছিয়ান সেনাৰ প্ৰতিটো আক্ৰমণৰ তীব্ৰ সঁহাৰি দিছে। দুবছৰৰ পাছতো যুদ্ধৰ সমাধান হোৱা নাই।