--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বত যেন তৃতীয় যুদ্ধৰ আৰম্ভণি হৈছে। ৰাছিয়াই ২৪ ফেব্ৰুৱাৰীত হঠাতে আক্ৰমণ কৰে ইউক্ৰেইনৰ ওপৰত। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পাছতেই ৰাছিয়াৰ সেনাই আক্ৰমণ কৰিছে ইউক্ৰেইনক। আকাশমাৰ্গৰ পৰা ৰাছিয়াৰ সেনাই ইউক্ৰেইনত আৰম্ভ কৰিছে ধাৰাসাৰ বোমাবৰ্ষণ। ৰাষ্ট্ৰপতি পুটিনৰ নিৰ্দেশৰ প্ৰায় ৩০ মিনিটৰ ভিতৰতে ৰকেট আক্ৰমণ আৰম্ভ কৰে ৰাছিয়াৰ সেনাই। ইউক্ৰেইনৰ সেনাক অতি সোনকালে আত্মসমৰ্পণ কৰিবলৈ সকিয়নি দিছে ৰাছিয়াই। ইফালে ইউক্ৰেইনত আৱদ্ধ হৈ আছে প্ৰায় ২০ হাজাৰ ভাৰতীয়। বৃহস্পতিবাৰে পুৱা ৰাছিয়াই যুদ্ধ ঘোষণা কৰাৰ পিছতেই ইউক্ৰেইনে আকাশীপথ বন্ধ কৰি দিয়ে। ইয়াৰ ফলত ইউক্ৰেইনত আৱদ্ধ হৈ পৰা ভাৰতীয়সকলক দেশলৈ ওভতাই অনাৰ পথ বন্ধ হৈ পৰে। ইউক্ৰেইনত যিসকল আৱদ্ধ হৈ আছে তেওঁলোকক ওভতাই অনাৰ বাবে ভাৰত চৰকাৰে বিকল্প উপায়ৰ সন্ধান কৰিছে। কিন্তু সেই উপায় অৱলম্বন কৰি আৱদ্ধ ভাৰতীয়সকলকলক উদ্ধাৰ কৰাৰ আগলৈকে তেওঁলোকক সাৱধানে থকাৰ পৰামৰ্শ দিয়া হৈছে। পৰিস্থিতিৰ অধিক অৱনতি ঘটিলে গুগল মেপ চাই নিৰাপদ আশ্ৰয় বিচাৰি ল’বলৈ ভাৰতীয়সকলক পৰামৰ্শ দিছে ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে। ভাৰতীয় দূতাবাসৰ পৰা জাৰি কৰা এক নিৰ্দেশনাত কোৱা হৈছে যে ইউক্ৰেইনৰ সুৰংগ মেট্ৰ’ ষ্টেশ্যনসমূহ বোমা আক্ৰমণৰ পৰা সুৰক্ষিত থকাৰ ক্ষেত্ৰত উপযোগী হ’ব পাৰে। কোনো ভাৰতীয় যাতে অপ্ৰয়োজনত ঘৰৰ বাহিৰলৈ ওলাই নাহে তাৰবাবে বাৰে বাৰে আহ্বান জনাইছে ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে। আৰু পঢ়কঃ আজিৰ দিনটো শুভ নে অশুভ? কি কয় ৰাশিফলে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ