--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বত যেন তৃতীয় যুদ্ধৰ আৰম্ভণি হৈছে। ৰাছিয়াই ২৪ ফেব্ৰুৱাৰীত হঠাতে আক্ৰমণ কৰে ইউক্ৰেইনৰ ওপৰত। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পাছতেই ৰাছিয়াৰ সেনাই আক্ৰমণ কৰিছে ইউক্ৰেইনক। আকাশমাৰ্গৰ পৰা ৰাছিয়াৰ সেনাই ইউক্ৰেইনত আৰম্ভ কৰিছে ধাৰাসাৰ বোমাবৰ্ষণ। ৰাষ্ট্ৰপতি পুটিনৰ নিৰ্দেশৰ প্ৰায় ৩০ মিনিটৰ ভিতৰতে ৰকেট আক্ৰমণ আৰম্ভ কৰে ৰাছিয়াৰ সেনাই। ইউক্ৰেইনৰ সেনাক অতি সোনকালে আত্মসমৰ্পণ কৰিবলৈ সকিয়নি দিছে ৰাছিয়াই। ইফালে ইউক্ৰেইনত আৱদ্ধ হৈ আছে প্ৰায় ২০ হাজাৰ ভাৰতীয়। বৃহস্পতিবাৰে পুৱা ৰাছিয়াই যুদ্ধ ঘোষণা কৰাৰ পিছতেই ইউক্ৰেইনে আকাশীপথ বন্ধ কৰি দিয়ে। ইয়াৰ ফলত ইউক্ৰেইনত আৱদ্ধ হৈ পৰা ভাৰতীয়সকলক দেশলৈ ওভতাই অনাৰ পথ বন্ধ হৈ পৰে। ইউক্ৰেইনত যিসকল আৱদ্ধ হৈ আছে তেওঁলোকক ওভতাই অনাৰ বাবে ভাৰত চৰকাৰে বিকল্প উপায়ৰ সন্ধান কৰিছে। কিন্তু সেই উপায় অৱলম্বন কৰি আৱদ্ধ ভাৰতীয়সকলকলক উদ্ধাৰ কৰাৰ আগলৈকে তেওঁলোকক সাৱধানে থকাৰ পৰামৰ্শ দিয়া হৈছে। পৰিস্থিতিৰ অধিক অৱনতি ঘটিলে গুগল মেপ চাই নিৰাপদ আশ্ৰয় বিচাৰি ল’বলৈ ভাৰতীয়সকলক পৰামৰ্শ দিছে ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে। ভাৰতীয় দূতাবাসৰ পৰা জাৰি কৰা এক নিৰ্দেশনাত কোৱা হৈছে যে ইউক্ৰেইনৰ সুৰংগ মেট্ৰ’ ষ্টেশ্যনসমূহ বোমা আক্ৰমণৰ পৰা সুৰক্ষিত থকাৰ ক্ষেত্ৰত উপযোগী হ’ব পাৰে। কোনো ভাৰতীয় যাতে অপ্ৰয়োজনত ঘৰৰ বাহিৰলৈ ওলাই নাহে তাৰবাবে বাৰে বাৰে আহ্বান জনাইছে ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে। আৰু পঢ়কঃ আজিৰ দিনটো শুভ নে অশুভ? কি কয় ৰাশিফলে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক