--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে থমাছ মুলাৰে। ২০১৪ চনত বিশ্বকাপ জয় কৰা ফুটবলাৰগৰাকীয়ে ইউৰো কাপৰ ফাইনেলৰ পিছত ভিডিঅ’ বাৰ্তাযোগে অৱসৰৰ কথা ঘোষণা কৰে। ইউৰো কাপৰ কোৱাৰ্টাৰ ফাইনেলত স্পেইনৰ বিৰুদ্ধে শেষৰখন খেল খেলিছিল।

ইউৰো কাপৰ পৰা জাৰ্মানীয়ে বাহিৰ হোৱাৰ পিছৰে পৰা গুঞ্জৰিত হৈ আহিছে এই অৱসৰৰ কথা। জাৰ্মান ষ্ট্ৰাইকাৰগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। জাতীয় দলৰ হৈ ১৩১খন খেল খেলি ৪৫টা গ’ল দিয়ে। ২০১০ চনত আৰ্জেণ্টিনাৰ বিৰুদ্ধে অভিষেক ঘটায় মুলাৰে। জাৰ্মানীৰ হৈ সৰ্বাধিক খেলৰ তালিকাত তৃতীয় স্থানত আছে ৩৪ বছৰীয়া ফুটবলাৰগৰাকী। দেশৰ হৈ সৰ্বাধিক ১৫০খন খেল খেলিছিল লোথাৰ মেথিউছে।

২০১০ চনৰ বিশ্বকাপত যুৱ মুলাৰে চকু কপালত তুলিছিল। জাৰ্মানীয়ে ছেমি ফাইনেললৈ যোৱাৰ পথত তেওঁৰ ভৰিৰ পৰা ৫টা গ’ল। তেওঁ শীৰ্ষ গ’লদাতাৰ বাবে গোল্ডেন বুট লাভ কৰে। ২০১৪ চনৰ বিশ্বকাপতো তেওঁ ৫টা গ’ল দিছিল। গ্ৰুপ পৰ্যায়ত পৰ্তুগালৰ বিৰুদ্ধে হেট্ৰিক অৰ্জন কৰে। সেইবাৰৰ ছেমি ফাইনেলত ব্ৰাজিলৰ বিৰুদ্ধে জাৰ্মানীয়ে ৭-১ গ’লত জয়লাভ কৰাতো মুলাৰে অৰিহণা যোগাইছিল।

আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ পিছতো ক্লাবৰ হৈ খেলি থাকিব মুলাৰে। ২০২৫ চনলৈকে বায়াৰ্ন মিউনিখৰ সৈতে তেওঁৰ চুক্তি আছে। এইবাৰ ইউৰো কাপত দুখন মেচ খেলিছিল মুলাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ