--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে থমাছ মুলাৰে। ২০১৪ চনত বিশ্বকাপ জয় কৰা ফুটবলাৰগৰাকীয়ে ইউৰো কাপৰ ফাইনেলৰ পিছত ভিডিঅ’ বাৰ্তাযোগে অৱসৰৰ কথা ঘোষণা কৰে। ইউৰো কাপৰ কোৱাৰ্টাৰ ফাইনেলত স্পেইনৰ বিৰুদ্ধে শেষৰখন খেল খেলিছিল।

ইউৰো কাপৰ পৰা জাৰ্মানীয়ে বাহিৰ হোৱাৰ পিছৰে পৰা গুঞ্জৰিত হৈ আহিছে এই অৱসৰৰ কথা। জাৰ্মান ষ্ট্ৰাইকাৰগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। জাতীয় দলৰ হৈ ১৩১খন খেল খেলি ৪৫টা গ’ল দিয়ে। ২০১০ চনত আৰ্জেণ্টিনাৰ বিৰুদ্ধে অভিষেক ঘটায় মুলাৰে। জাৰ্মানীৰ হৈ সৰ্বাধিক খেলৰ তালিকাত তৃতীয় স্থানত আছে ৩৪ বছৰীয়া ফুটবলাৰগৰাকী। দেশৰ হৈ সৰ্বাধিক ১৫০খন খেল খেলিছিল লোথাৰ মেথিউছে।

২০১০ চনৰ বিশ্বকাপত যুৱ মুলাৰে চকু কপালত তুলিছিল। জাৰ্মানীয়ে ছেমি ফাইনেললৈ যোৱাৰ পথত তেওঁৰ ভৰিৰ পৰা ৫টা গ’ল। তেওঁ শীৰ্ষ গ’লদাতাৰ বাবে গোল্ডেন বুট লাভ কৰে। ২০১৪ চনৰ বিশ্বকাপতো তেওঁ ৫টা গ’ল দিছিল। গ্ৰুপ পৰ্যায়ত পৰ্তুগালৰ বিৰুদ্ধে হেট্ৰিক অৰ্জন কৰে। সেইবাৰৰ ছেমি ফাইনেলত ব্ৰাজিলৰ বিৰুদ্ধে জাৰ্মানীয়ে ৭-১ গ’লত জয়লাভ কৰাতো মুলাৰে অৰিহণা যোগাইছিল।

আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ পিছতো ক্লাবৰ হৈ খেলি থাকিব মুলাৰে। ২০২৫ চনলৈকে বায়াৰ্ন মিউনিখৰ সৈতে তেওঁৰ চুক্তি আছে। এইবাৰ ইউৰো কাপত দুখন মেচ খেলিছিল মুলাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু