--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউৰো কাপৰ সময়তে ফুটবলাৰসকলক মানসিকভাৱে সতেজ কৰি ৰাখিবলৈ ইংলেণ্ডৰ প্ৰশিক্ষক গেৰেথ চাউথগেটে এদিনৰ ছুটী দিছে। টিম হোটেলখনৰ দুৱাৰ মুকলি কৰি দিয়া হৈছিল হেৰী কেনৰ পত্নী, প্ৰেমিকাসকলৰ বাবে। ইংলেণ্ডৰ ফুটবলাৰসকলে তাৰ সুযোগো গ্ৰহণ কৰে। কেৱল ব্যতিক্ৰম আছিল জুড বেলিংহাম। মাক-দেউতাকৰ লগত সময় কটালে। তেওঁৰ প্ৰেমিকা লৰা চেলিয়া ভ্লক পেৰিছত আছে।

নেদাৰলেণ্ডৰ মডেলগৰাকী কিয় জাৰ্মানীলৈ যোৱা নাছিল সেই বিষয়ে কৌতুহলৰ সৃষ্টি হয়। ৰিয়েল মাদ্রিদৰ ফুটবলাৰগৰাকীৰ সৈতে সঁচাকৈয়ে সম্পৰ্ক আছেনে তেওঁৰ? নহয়। আচলতে তেওঁলোকৰ মাজত কোনো সম্পৰ্ক নাছিল। ইংৰাজ মিডফিল্ডাৰগৰাকীয়ে এক বিশেষ কাৰণত সুন্দৰী মডেলগৰাকীৰ সৈতে ৰোমান্টিক অভিনয় কৰিছিল।

ইংলেণ্ডৰ ফুটবলাৰৰ পত্নী, প্ৰেমিকা সকলো এতিয়া জাৰ্মানীত। প্ৰশিক্ষকৰ অনুমতি পোৱাৰ পিছত যোৱা বুধবাৰে তেওঁলোক সকলোৱে দলীয় হোটেললৈ গৈছিল। সেইবাবেই লৰাৰ অনুপস্থিতি অধিক লক্ষ্যণীয়। পেৰিছত তেওঁৰ পেছাদাৰী কামত ব্যস্ত। 

বেলিংহামৰ সৈতে তেওঁৰ সম্পৰ্কৰ খবৰে কিছুদিন পূৰ্বে ইংৰাজী প্ৰেছত ধুমুহাৰ সৃষ্টি কৰিছিল। ২৫ বছৰীয়া মিডফিল্ডাৰগৰাকীয়ে পিতৃ-মাতৃৰ সৈতে সময় কটোৱা দেখি আৰম্ভ হয় অনুসন্ধান।

বেলিংহামৰ কোনো প্ৰেমিকা নাই। তেওঁক ডেটিং এপতো দেখা যায়। ইংৰাজ মিডফিল্ডাৰগৰাকীয়ে তাত প্ৰেমিকা বিচাৰিছে। কিন্তু ইউৰোৰ প্ৰথমখন খেলত গ’ল দিয়া ফুটবলাৰগৰাকীয়ে এতিয়াও বিচাৰি পোৱা নাই হৃদয়ৰ মানুহ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ