--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইটালীৰ ইউৰো কাপৰ খেলৰ দিনা ইটালীৰ প্রাক্তন ফুটবলাৰ ৰবার্টো বাজিঅ’ নিজৰ ঘৰতে আহত হৈছে৷ আঘাতপ্ৰাপ্ত হৈ তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ডকাইতৰ দলটোৱে তেওঁৰ ঘৰত আক্ৰমণ কৰে। বাজিঅ’ই ডকাইতৰ চেষ্টা বিফল কৰে। জানিব পৰা মতে ডকাইতৰ দলে তেওঁক আগ্নেয়াস্ত্ৰৰে প্ৰহাৰ কৰে।

বৃহস্পতিবাৰে আছিল ইটালী-স্পেইনৰ খেল। ফলত ইটালীৰ ৰাজপথ খালী হৈ পৰিল। প্ৰায় সকলোৱে টেলিভিছনৰ সন্মুখত বহি আছিল। সেই উপলক্ষে এদল অস্ত্ৰধাৰী অপৰাধীয়ে বাজিঅ’ৰ ঘৰত লুটি নিয়াৰ চেষ্টা চলাইছিল। ৫৭ বছৰীয়া প্ৰাক্তন ফুটবল খেলুৱৈ আলটাভিলা ভিচেন্টিনাৰ ঘৰত প্ৰায় ৪০ মিনিট ধৰি লুটপাত কৰে দুষ্কৃতিকাৰীয়ে। 

ইটালীৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি বাজিঅ’ই অকলেই পাঁচজন অপৰাধীৰ সৈতে যুঁজিছিল। অৱশেষত দুস্কৃতিকাৰীয়ে তেওঁক আৰু তেওঁৰ পত্নীক বান্ধি সামগ্ৰী লৈ পলায়ন কৰে। কেইবাটাও ঘড়ী আৰু গহনা লৈ গ’ল। ডকাইত কেইটা যোৱাৰ পিছত বাজিঅ’ই কেনেবাকৈ নিজকে মুক্ত কৰি আৰক্ষীক ফোন কৰে। আৰক্ষীয়ে আহি আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়লৈ লৈ যায়। স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বাজিঅ’। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

ইটালীৰ প্ৰাক্তন ষ্ট্ৰাইকাৰগৰাকীয়ে ফুটবল কেৰিয়াৰত জুভেন্টাছ, ইণ্টাৰ মিলান, এচি মিলানত খেলিছিল। ১৯৯৪ চনৰ বিশ্বকাপত তেওঁ নায়ক হিচাপে পৰিগণিত হৈছিল। পাঁচটা গ’ল দিয়ে। প্ৰায় এককভাৱে দলটোক ফাইনেললৈ লৈ যায়। ইটালীয়ে বিশ্বকাপ জয় কৰিব নোৱাৰিলে কাৰণ তেওঁ ফাইনেলত টাইব্ৰেকাৰত পেনাল্টি মিছ কৰিছিল। ব্ৰাজিল আছিল চেম্পিয়ন। ফলত ইটালীৰ ফুটবল দৰ্শকৰ দৃষ্টিত বাজিঅ’ খলনায়ক হৈ পৰিল। বাজিঅ’ই তিনিটা বিশ্বকাপত খেলিছিল — ১৯৯০, ১৯৯৪ আৰু ১৯৯৮ চনত। তিনিখন বিশ্বকাপত গ’ল দিয়া প্ৰথমজন ইটালীৰ ফুটবলাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement