--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইটালীৰ ইউৰো কাপৰ খেলৰ দিনা ইটালীৰ প্রাক্তন ফুটবলাৰ ৰবার্টো বাজিঅ’ নিজৰ ঘৰতে আহত হৈছে৷ আঘাতপ্ৰাপ্ত হৈ তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ডকাইতৰ দলটোৱে তেওঁৰ ঘৰত আক্ৰমণ কৰে। বাজিঅ’ই ডকাইতৰ চেষ্টা বিফল কৰে। জানিব পৰা মতে ডকাইতৰ দলে তেওঁক আগ্নেয়াস্ত্ৰৰে প্ৰহাৰ কৰে।

বৃহস্পতিবাৰে আছিল ইটালী-স্পেইনৰ খেল। ফলত ইটালীৰ ৰাজপথ খালী হৈ পৰিল। প্ৰায় সকলোৱে টেলিভিছনৰ সন্মুখত বহি আছিল। সেই উপলক্ষে এদল অস্ত্ৰধাৰী অপৰাধীয়ে বাজিঅ’ৰ ঘৰত লুটি নিয়াৰ চেষ্টা চলাইছিল। ৫৭ বছৰীয়া প্ৰাক্তন ফুটবল খেলুৱৈ আলটাভিলা ভিচেন্টিনাৰ ঘৰত প্ৰায় ৪০ মিনিট ধৰি লুটপাত কৰে দুষ্কৃতিকাৰীয়ে। 

ইটালীৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি বাজিঅ’ই অকলেই পাঁচজন অপৰাধীৰ সৈতে যুঁজিছিল। অৱশেষত দুস্কৃতিকাৰীয়ে তেওঁক আৰু তেওঁৰ পত্নীক বান্ধি সামগ্ৰী লৈ পলায়ন কৰে। কেইবাটাও ঘড়ী আৰু গহনা লৈ গ’ল। ডকাইত কেইটা যোৱাৰ পিছত বাজিঅ’ই কেনেবাকৈ নিজকে মুক্ত কৰি আৰক্ষীক ফোন কৰে। আৰক্ষীয়ে আহি আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়লৈ লৈ যায়। স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বাজিঅ’। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

ইটালীৰ প্ৰাক্তন ষ্ট্ৰাইকাৰগৰাকীয়ে ফুটবল কেৰিয়াৰত জুভেন্টাছ, ইণ্টাৰ মিলান, এচি মিলানত খেলিছিল। ১৯৯৪ চনৰ বিশ্বকাপত তেওঁ নায়ক হিচাপে পৰিগণিত হৈছিল। পাঁচটা গ’ল দিয়ে। প্ৰায় এককভাৱে দলটোক ফাইনেললৈ লৈ যায়। ইটালীয়ে বিশ্বকাপ জয় কৰিব নোৱাৰিলে কাৰণ তেওঁ ফাইনেলত টাইব্ৰেকাৰত পেনাল্টি মিছ কৰিছিল। ব্ৰাজিল আছিল চেম্পিয়ন। ফলত ইটালীৰ ফুটবল দৰ্শকৰ দৃষ্টিত বাজিঅ’ খলনায়ক হৈ পৰিল। বাজিঅ’ই তিনিটা বিশ্বকাপত খেলিছিল — ১৯৯০, ১৯৯৪ আৰু ১৯৯৮ চনত। তিনিখন বিশ্বকাপত গ’ল দিয়া প্ৰথমজন ইটালীৰ ফুটবলাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু