--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আলবেনিয়ান ফুটবলাৰ মিৰ্লিণ্ড ডাকুক দুখন মেচৰ বাবে বিতাড়িত কৰা হৈছে। ছাৰ্বিয়া বিৰোধী শ্লোগান দিয়াৰ বাবে শাস্তি প্ৰদান কৰিছে ইউএফএই। সমৰ্থকসকলৰ সৈতে যোগ দি ডাকুৱে ছাৰ্বিয়া বিৰোধী শ্লোগান দিছিল৷

যোৱা বুধবাৰে আলবেনিয়াই ক্ৰ’ৱেচিয়াৰ সৈতে ২-২ গ’লত ড্র কৰিছিল। খেলৰ পিছত আলবেনিয়ান অনুৰাগীসকলৰ মাজত আনন্দৰ সৃষ্টি হয়। সেই সময়ত সমৰ্থকৰ এটা দলে গেলেৰীত ছাৰ্বিয়া বিৰোধী ৰাজনৈতিক শ্লোগান ধ্বনি দিছিল। ছাৰ্বসকলক হত্যাৰ ভাবুকিও দিয়া হৈছিল। ডাকুৱে সিহঁতৰ ফালে আগবাঢ়ি গৈ মেগাফোন লৈ তেওঁক নেতৃত্ব দিয়া দেখা গৈছিল। উত্তৰ মেচিডোনিয়াৰ বিৰুদ্ধে শ্লোগানেৰে উত্তাল কৰি তোলে। মন কৰিবলগীয়া যে আলবেনিয়াৰ সৈতে এই দুয়োখন দেশৰ সম্পৰ্ক ৰাজনৈতিক কাৰণত অতি জটিল।

ফিফা, ইউএফএৰ দৰে ফুটবল শাসকীয় সংস্থাই খেলপথাৰত এনে ৰাজনৈতিক শ্লোগান বা কাৰ্যকলাপ সহ্য নকৰে। ইউৰো কাপৰ আয়োজক আৰু ইউএফএৰ বিষয়াসকলে ডাকুৰ ভূমিকা ভালদৰে গ্ৰহণ কৰা নাই। ইউৰো কাপৰ অনুশাসন সমিতিয়ে কঠোৰ সিদ্ধান্তৰ ইংগিত দিছে। একেদৰে দেওবাৰে দুখন মেচৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছে ডাকুক। একে সময়তে আলবেনিয়াৰ ফুটবল ফেডাৰেচনক ৪৭,২৫০ ইউৰো (প্ৰায় ৪২,৩২০,০০০ টাকা) জৰিমনা বিহা হৈছে।

ইউএফএই কয়- ‘‘আচৰণ বিধিৰ সাধাৰণ নীতি উলংঘা কৰা হৈছে। এনে আচৰণ শালীনতাৰ বিপৰীত। খেলপথাৰখনৰ পৰিৱেশ বিনষ্ট হৈছে। সম্পূৰ্ণ অক্ৰিড়াবিদ মনোভাৱ প্ৰকাশ পাইছে। মুঠতে ফুটবলক অসন্মান কৰা হৈছে।’’

ইয়াৰ পূৰ্বে এই ঘটনাৰ পৰিপ্ৰেক্ষিতত ছাৰ্বিয়াই প্ৰতিযোগিতাৰ পৰা আঁতৰি অহাৰ হুংকাৰ দিছিল। ছাৰ্বিয়াৰ ফুটবল সন্থাই অভিযুক্তক শাস্তি প্ৰদানৰ দাবী জনাইছে। পিছত ডাকুৱে ছ’চিয়েল মিডিয়াত নিজৰ এই কাৰ্যৰ বাবে ক্ষমা বিচাৰিলে। ইউএফএৰ ওচৰত ক্ষমা বিচাৰিব। কিন্তু কাম নহ’ল। শাস্তিৰ বাবে মঙলবাৰে স্পেইনৰ বিৰুদ্ধে ডাকু খেলিব নোৱাৰিব আলবেনিয়াই। ইউৰো কাপৰ পৰৱৰ্তী ৰাউণ্ডলৈ দলটোৱে আগবাঢ়িলে ২৬ বছৰীয়া ষ্ট্ৰাইকাৰগৰাকীয়ে খেলিব নোৱাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ