--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে শেষবাৰৰ বাবে ইউৰো খেলি আকৌ এবাৰ হতাশ হৈ উভতি আহিব লগা হ’ল। যোৱা শুকুৰবাৰে কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্সৰ হাতত পৰাস্ত হৈ পৰ্তুগালে ইউৰো কাপ এৰে। ইমান সোনকালে তেওঁলোক যাব লাগিব বুলি ৰোনাল্ডোৱে ভবা নাছিল। তেওঁ আৰু আগবাঢ়ি যাব বিচাৰিছিল। ইউৰোৰ পৰা ওলাই অহাৰ দুদিন পিছত চি আৰ ৭ হতাশ হয়।

 

পৰ্তুগালৰ বিদায়ৰ পিছত ৰোনাল্ডোৱে নিজৰ এক্স (প্ৰাক্তন টুইটাৰ) হেণ্ডেলত লিখিছে, ‘আমি আৰু আগবাঢ়িব বিচাৰিছিলো। আমি আৰু আগবাঢ়িব লাগিছিল। পৰ্তুগালৰ বাবে, আপোনালোক সকলোৰে বাবে। মই পোৱা সকলো মৰমৰ বাবে আপোনালোকৰ ওচৰত কৃতজ্ঞ। মই নিশ্চিত, অনাগত দিনতো আমি একেদৰেই আগবাঢ়িম। একেলগে।"

 

২০২২ চনৰ ফিফা বিশ্বকাপৰ সময়ত জল্পনা-কল্পনা আৰম্ভ হৈছিল যে ৰোনাল্ডো দলৰ বাকীসকলৰ সৈতে ভাল সম্পৰ্ক নাই। ব্ৰুনো ফাৰ্নাণ্ডেছে কৰা গ’লটো ৰোনাল্ডোৱে দাবী কৰিছিল। ৰেফাৰীৰ সৈতেও তেওঁ তৰ্ক কৰিছিল। সেই ঘটনাক কেন্দ্ৰ কৰি জল্পনা-কল্পনা বাঢ়িছিল। অৱশ্যে এইবাৰ ৰোনাল্ডোৰ বিৰুদ্ধে তেনে কোনো অভিযোগ নাছিল।

 

এইবাৰৰ ইউৰো কাপত পৰ্তুগালে দল হিচাপে খেলিছিল। মেচৰ পূৰ্বে আৰু পিছত সতীৰ্থক সাৱটি ধৰা দেখা গৈছিল ৰোনাল্ডোক। কথা পাতিছে আৰু যেতিয়া স্লোভেনিয়াৰ বিৰুদ্ধে পেনাল্টি শ্বুটআউটত ৰোনাল্ডো চকুলোৰে ভাঙি পৰিছিল, তেতিয়া বাকীসকলে তেওঁক ধৰি ৰাখিছিল। যোৱাৰ পিছতো সেই দলটোৰ কথা ৰোনাল্ডোৰ মুখত উঠি আহিল। তেওঁ নিজৰ হতাশাক ধৰি ৰাখিব নোৱাৰিলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু