--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰ জ্বলিয়েই আছে। হিংসা যেন এতিয়াও নিৰ্বাপিত হোৱা নাই। আমেৰিকাই প্ৰয়োজনত মণিপুৰক সহায় কৰিব বুলি ঘোষণা কৰাৰ সময়তে ইউৰোপীয় সংসদেও মণিপুৰত জাতিগত হিংসাৰ বিষয়ত  এটা প্ৰস্তাৱ গৃহীত কৰিছে। এইবাৰ ভাৰতে ইউৰোপীয় সংসদৰ প্ৰস্তাৱ গ্ৰহণৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । নতুন দিল্লীয়ে ইউৰোপীয় সংসদৰ ভূমিকাক সমালোচনা কৰি কয় যে এয়া "ঔপনিৱেশিক মানসিকতা"।

উল্লেখ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ফ্ৰান্স ভ্ৰমণলৈ গৈছে । একেদিনাই ষ্ট্ৰাছবাৰ্গৰ সংসদত মণিপুৰৰ মানৱ অধিকাৰ সংকট সম্পৰ্কে আলোচনা কৰা হয়। এই সন্দৰ্ভত এটা প্ৰস্তাৱো গৃহীত কৰা হয়।প্ৰস্তাৱটোত কোৱা হৈছে "ধৰ্মীয় আৰু জাতিগত সংখ্যালঘুসকলক সুৰক্ষিত কৰা উচিত" । এনে প্ৰস্তাৱ গ্ৰহণৰ পিছতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয়, "ভাৰতৰ আভ্যন্তৰীণ বিষয়ত এনে ধৰণৰ হস্তক্ষেপ গ্ৰহণযোগ্য নহয়। সংসদৰ প্ৰস্তাৱটোৱে ঔপনিৱেশিক মানসিকতাক প্ৰতিফলিত কৰিছে। "

তেওঁ লগতে ইউৰোপীয় সংসদক সমালোচনা কৰি কয় যে তেওঁলোকে তেওঁলোকৰ নিজৰ আভ্যন্তৰীণ সংকটৰ বিষয়ে আলোচনা কৰাত  অধিক সময় ব্যয় কৰা উচিত। বৈদেশিক সচিব বিনয় কাটৰায়ো মণিপুৰ সংকটক দেশৰ "আভ্যন্তৰীণ" বিষয় বুলি অভিহিত কৰিছে। উল্লেখ্য ইউৰোপীয় সংসদ ইউৰোপীয় ইউনিয়নৰ নিৰ্বাচিত দেশৰ সদস্যৰে গঠিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ