--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰ জ্বলিয়েই আছে। হিংসা যেন এতিয়াও নিৰ্বাপিত হোৱা নাই। আমেৰিকাই প্ৰয়োজনত মণিপুৰক সহায় কৰিব বুলি ঘোষণা কৰাৰ সময়তে ইউৰোপীয় সংসদেও মণিপুৰত জাতিগত হিংসাৰ বিষয়ত  এটা প্ৰস্তাৱ গৃহীত কৰিছে। এইবাৰ ভাৰতে ইউৰোপীয় সংসদৰ প্ৰস্তাৱ গ্ৰহণৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । নতুন দিল্লীয়ে ইউৰোপীয় সংসদৰ ভূমিকাক সমালোচনা কৰি কয় যে এয়া "ঔপনিৱেশিক মানসিকতা"।

উল্লেখ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ফ্ৰান্স ভ্ৰমণলৈ গৈছে । একেদিনাই ষ্ট্ৰাছবাৰ্গৰ সংসদত মণিপুৰৰ মানৱ অধিকাৰ সংকট সম্পৰ্কে আলোচনা কৰা হয়। এই সন্দৰ্ভত এটা প্ৰস্তাৱো গৃহীত কৰা হয়।প্ৰস্তাৱটোত কোৱা হৈছে "ধৰ্মীয় আৰু জাতিগত সংখ্যালঘুসকলক সুৰক্ষিত কৰা উচিত" । এনে প্ৰস্তাৱ গ্ৰহণৰ পিছতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয়, "ভাৰতৰ আভ্যন্তৰীণ বিষয়ত এনে ধৰণৰ হস্তক্ষেপ গ্ৰহণযোগ্য নহয়। সংসদৰ প্ৰস্তাৱটোৱে ঔপনিৱেশিক মানসিকতাক প্ৰতিফলিত কৰিছে। "

তেওঁ লগতে ইউৰোপীয় সংসদক সমালোচনা কৰি কয় যে তেওঁলোকে তেওঁলোকৰ নিজৰ আভ্যন্তৰীণ সংকটৰ বিষয়ে আলোচনা কৰাত  অধিক সময় ব্যয় কৰা উচিত। বৈদেশিক সচিব বিনয় কাটৰায়ো মণিপুৰ সংকটক দেশৰ "আভ্যন্তৰীণ" বিষয় বুলি অভিহিত কৰিছে। উল্লেখ্য ইউৰোপীয় সংসদ ইউৰোপীয় ইউনিয়নৰ নিৰ্বাচিত দেশৰ সদস্যৰে গঠিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস