--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশান্ত মণিপুৰত আন এটা বেংক লুট কৰাৰ অভিযোগ উঠিছে। দুৰ্বৃত্তই কাংপোকপি জিলাৰ মণিপুৰ ষ্টেট কোঅপাৰেটিভ বেংকৰ এটা শাখাত কম্পিউটাৰকে ধৰি ইলেক্ট্ৰনিক সামগ্ৰী লুটি নিয়া বুলি জানিব পৰা গৈছে। লুণ্ঠন কৰা সামগ্ৰীৰ বজাৰ মূল্য প্ৰায় ১ কোটি টকা। 

ঘটনাটো শুক্ৰবাৰে পোহৰলৈ আহিছে।উত্তৰ-পূবৰ ৰাজ্যখন দুমাহৰো অধিক সময় ধৰি অস্থিৰ হৈ আছে। গোষ্ঠী সংঘৰ্ষত ১৫০ ৰো অধিক লোক নিহত হৈছে। এতিয়া  বেংক লুটৰ দৰে ঘটনা পোহৰলৈ আহিছে। কাংপোকপিত সমবায় বেংকৰ শাখা ৪ মে'ৰ পৰা বন্ধ আছিল। আৰক্ষীয়ে জনোৱা অনুসৰি বেংকৰ  কৰ্মচাৰীসকলে তিনিদিন আগতে বেংকত প্ৰৱেশ কৰি চুৰিৰ বিষয়ে জানিব পাৰিছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি বেংকৰ 'কেছ ভল্ট' ভঙা অৱস্থাত পোৱা গৈছে। অৱশ্যে বেংকৰ কৰ্মচাৰীসকলে ইতিমধ্যে তাৰ পৰা টকাখিনি আঁতৰাই নিছিল। দুৰ্বৃত্তই ছটা কম্পিউটাৰ, প্ৰিণ্টাৰ আৰু অন্যান্য ইলেক্ট্ৰনিক সামগ্ৰী লুটি নিয়ে  বুলি অভিযোগ কৰা হৈছে। কাংপোকপি আৰক্ষী থানাত এই সন্দৰ্ভত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

১০ জুলাইত মণিপুৰত আন এটা বেংক ডকাইতিৰ ঘটনা পোহৰলৈ আহিছিল। চুৰাচান্দপুৰৰ এটা ব্যক্তিগত বেংকৰ পৰা ২.২৫ কোটি টকাৰ গহনা লুটি নিয়া হৈছিল বুলি অভিযোগ উঠিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ