--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশান্ত মণিপুৰত আন এটা বেংক লুট কৰাৰ অভিযোগ উঠিছে। দুৰ্বৃত্তই কাংপোকপি জিলাৰ মণিপুৰ ষ্টেট কোঅপাৰেটিভ বেংকৰ এটা শাখাত কম্পিউটাৰকে ধৰি ইলেক্ট্ৰনিক সামগ্ৰী লুটি নিয়া বুলি জানিব পৰা গৈছে। লুণ্ঠন কৰা সামগ্ৰীৰ বজাৰ মূল্য প্ৰায় ১ কোটি টকা। 

ঘটনাটো শুক্ৰবাৰে পোহৰলৈ আহিছে।উত্তৰ-পূবৰ ৰাজ্যখন দুমাহৰো অধিক সময় ধৰি অস্থিৰ হৈ আছে। গোষ্ঠী সংঘৰ্ষত ১৫০ ৰো অধিক লোক নিহত হৈছে। এতিয়া  বেংক লুটৰ দৰে ঘটনা পোহৰলৈ আহিছে। কাংপোকপিত সমবায় বেংকৰ শাখা ৪ মে'ৰ পৰা বন্ধ আছিল। আৰক্ষীয়ে জনোৱা অনুসৰি বেংকৰ  কৰ্মচাৰীসকলে তিনিদিন আগতে বেংকত প্ৰৱেশ কৰি চুৰিৰ বিষয়ে জানিব পাৰিছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি বেংকৰ 'কেছ ভল্ট' ভঙা অৱস্থাত পোৱা গৈছে। অৱশ্যে বেংকৰ কৰ্মচাৰীসকলে ইতিমধ্যে তাৰ পৰা টকাখিনি আঁতৰাই নিছিল। দুৰ্বৃত্তই ছটা কম্পিউটাৰ, প্ৰিণ্টাৰ আৰু অন্যান্য ইলেক্ট্ৰনিক সামগ্ৰী লুটি নিয়ে  বুলি অভিযোগ কৰা হৈছে। কাংপোকপি আৰক্ষী থানাত এই সন্দৰ্ভত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

১০ জুলাইত মণিপুৰত আন এটা বেংক ডকাইতিৰ ঘটনা পোহৰলৈ আহিছিল। চুৰাচান্দপুৰৰ এটা ব্যক্তিগত বেংকৰ পৰা ২.২৫ কোটি টকাৰ গহনা লুটি নিয়া হৈছিল বুলি অভিযোগ উঠিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস