--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউটিউব চেনেল, ফেচবুক পেজৰ পৰা আয় কমিছে। সেয়ে এইবাৰ হিৰো আলমে চোৰাংচোৱা আৰক্ষীৰ আশ্ৰয় ল’বলৈ বাধ্য হয়। শনিবাৰে তেওঁ ঢাকা ডিটেক্টিভ পুলিচ (ডি বি)ৰ কাৰ্যালয়ত উপস্থিত হয়। ঢাকা মহানগৰ আৰক্ষীৰ ডি বি প্ৰধান মহম্মদ হাৰুণ অৰ ৰছিদৰ সৈতে কথা পাকে। সমস্যা সমাধানৰ বাবে তেওঁৰ পৰা আশ্বাস লয়। চোৰাংচোৱা বিষয়াগৰাকীয়ে লগতে কয় যে হিৰোৱে পৰৱৰ্তী নিৰ্বাচনত থিয় দিব বিচাৰে আৰু তেওঁ তাতো সহযোগ কৰিব।

শেহতীয়াকৈ হিৰোৱে তেওঁৰ অসহায়তাৰ বিষয়ে এটা ভিডিঅ’ পোষ্ট কৰিছিল। কেপচনত লিখে- "আজি মই অসহায় অনুভৱ কৰি ডি বি অফিচলৈ গ'লোঁ।’’ ভিডিঅ'টো প্ৰায় ৮ মিনিটৰ। হিৰো আলমে কয়, “মোৰ মাত্ৰ এটা ইউটিউব চেনেল, এটা ফেচবুক পেজ আছে; ইয়াক আঘাত কৰি ধ্বংস কৰিবলৈ চেষ্টা কৰা হৈছে।’’

হিৰোৱে সুধিলে, "ডি বি অফিচলৈ যাবলৈ মন যোৱা নাছিল, কাৰো বিৰুদ্ধে অভিযোগ দিব বিচৰা নাছিলো, কাৰো আদালতলৈও নাযাওঁ। সহায় বিচাৰি কাৰো ওচৰলৈ যাব নিবিচাৰো। তেনেহ’লে সকলো সময়তে কিয় মোক মানসিকভাৱে অত্যাচাৰ কৰি আছে?”

উল্লেখ্য যে আশ্ৰাফুল হোছেইন আলম ওৰফে হিৰো আলমৰ উত্থানক লৈ সহিব পৰা নাই বাংলাদেশৰ শিল্পীসকলে। তেওঁৰ চেহেৰা আৰু স্বাস্থ্যক লৈ বিভিন্ন ধৰণৰ ঠাট্টা-মস্কৰাৰ সন্মুখীন হ’বলগীয়া হয়। বাংলাদেশৰ অধিকাংশ অভিনেতা-পৰিচালক তেওঁৰ বিৰোধী। শেহতীয়াকৈ নায়ক আলমৰ উত্থানক অসংস্কৃতি, নিৰক্ষৰ আৰু কুৎসিত বুলি মন্তব্য কৰিছে বাংলাদেশৰ প্ৰবীণ নাট্য ব্যক্তিত্ব মামুনুৰ ৰছিদে।

ইয়াৰ প্ৰতুত্তৰ দিছে হিৰো আলমেও। তেওঁৰ ভাষাত, "মইও আন দহজন ল'ৰাৰ দৰে তাকিব বিচাৰো। মানুহৰ মাজত থাকিব বিচাৰো।’’ সেই ভিডিঅ' বাৰ্তাত তেওঁ কয়ৃ "মই আজি এক অৱহেলিত পাত্ৰ।" কোৱাচোন মানুহে মোক কিয় ঘৃণা কৰে? অৱহেলা কিয়?"

ডিবিৰ মুৰব্বী হাৰুণ আল ৰছিদক সাক্ষাৎ কৰাৰ পাছত শনিবাৰে বিয়লি সাংবাদিকৰ মুখামুখি হয় হিৰো। ক'লে, "আপোনালোকে দেখিছে যে  ছবিজগতৰ কিছুমান মানুহে ক'ব নোৱাৰা ভাষাত মোৰ কথা কৈছে। আগতে কোনোবাই বকাবকি কৰিলেও মই প্ৰতিবাদ কৰা নাছিলো। একাংশ চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু অভিনেতা-অভিনেত্ৰীয়ে মোৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শব্দ বিয়পাইছে। তেওঁলোকৰ বিৰুদ্ধে লিখিত অভিযোগ ডি বি অফিচলৈ লৈ আহিলোঁ।”

কাৰ বিৰুদ্ধে তেওঁৰ অভিযোগ - সাংবাদিকসকলৰ এই প্ৰশ্নৰ উত্তৰত হিৰোৱে কয়, "মই দুই এজনৰ নাম উল্লেখ কৰি অভিযোগ কৰিছো। ইয়াত মোৰ বিষয়ে বিভিন্ন কথা কোৱা সকলৰ নাম সন্নিবিষ্ট কৰা হৈছে। ইয়াৰ বাহিৰেও মোৰ কন্টেন্ট ৰিপৰ্ট কৰা লোকৰ নামো আছে।” অৱশ্যে তেওঁ কাৰো নাম বেলেগে ল’ব বিচৰা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ