--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ নিৰ্বাচনী ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ অংশ হ’ল EVM৷এই EVM হেকিঙৰ প্ৰসংগ দেশত চৰ্চা চলি থকাৰ মাজতে এক নতুন বিতৰ্কৰ সূত্ৰপাত হৈছে৷মিছন ছেভ কনষ্টিটিউচন (এম এছ চি)ৰ মূল সমিতিৰ সদস্য তথা উচ্চতম ন্যায়ালয়ৰ অধিবক্তা মেহমুদ প্ৰচা , ভানু প্ৰতাপ আৰু বাবাচাহেব আম্বেদকাৰৰ নাতি প্ৰকাশ আম্বেদকাৰ আৰক্ষীৰ বিভিন্ন বাধাৰ সন্মুখীন হোৱাৰ পাছতো ইভিএম হেক হ’ব পাৰে বুলি আনুষ্ঠানিকভাৱে প্ৰমাণ কৰিবলৈ ওলাইছে৷

প’লষ্টাৰৰ ভৱিষ্যদ্বাণীৰ বিপৰীতে ছত্তীশগড়, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে জয়লাভ  কৰাৰ পাছত শাসকীয় দলৰ বিৰুদ্ধে ইভিএম টেম্পাৰিঙৰ অভিযোগ গণ আন্দোলনলৈ পৰিণত হৈছে।

বিশেষকৈ আগতীয়া লোকসভা নিৰ্বাচনৰ লগে লগে ইভিএমৰ বিৰুদ্ধে যুঁজখন কমি যোৱাৰ কোনো লক্ষণ দেখা যোৱা নাই, সেয়েহে ইভিএমৰ ব্যৱহাৰৰ বিৰুদ্ধে দেশজোৰা অভিযানৰ নেতৃত্ব দিবলৈ এখন সমিতিৰ গঠন কৰা হয়।

উল্লেখ্য যে, প্ৰথমে ৫ জানুৱাৰীৰ সন্ধিয়া পাটিয়ালা হাউছ কোৰ্টৰ ৪ নম্বৰ গেটত এক সমাৱেশৰ কথা আছিল। পৰিকল্পনা আছিল যে প্ৰতিনিধি দলটোৱে তাৰ পৰা খোজ কাঢ়ি ভাৰতীয় নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ গৈ মুখ্য নিৰ্বাচন আয়ুক্ত (চিইচি) আৰু ইচিআইৰ অন্যান্য সদস্যসকলৰ সৈতে আলোচনা কৰিব।প্ৰতিনিধি দলটোৱে নাগৰিক আৰু কম্পিউটাৰ/ইভিএম/নিৰ্বাচন প্ৰযুক্তিৰ বিশেষজ্ঞসকলৰ মাজত ব্যাপক অনাস্থাৰ বিষয়ে ক’ব বিচাৰিছিল৷কিন্তু প্ৰতিবাদ আৰম্ভ হোৱাৰ লগে লগে আৰক্ষীয়ে হস্তক্ষেপ কৰি পথ অৱৰোধ কৰি গেটৰ বাহিৰত ৰখাই থোৱা এখন আৰক্ষী বাছত প্ৰতিবাদকাৰীক আটক কৰি ৰাখে। বিশৃংখলতাৰ মাজতে অধিবক্তা প্ৰচা আৰু প্ৰতাপে দাবী কৰিছিল যে বিজেপি চৰকাৰৰ পৰিকল্পনা হৈছে ইভিএমৰ ব্যৱহাৰৰ ফলত দলটোৱে লাভৱান হোৱাৰ বাবে ইভিএমৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাত বাধা দিয়া।সেয়েহে মিছন চেভ কনষ্টিটিউছনৰ অধীনত শনিবাৰে এক বৃহৎ প্ৰতিবাদৰ পৰিকল্পনা যুগুত কৰা হৈছে৷


অৱশ্যে এই সমগ্ৰ অভিযোগ নস্যাৎ কৰে নিৰ্বাচন আয়োগে৷বহুতো ৰাজনৈতিক বিশ্লেষকে দাবী কৰে যে বিৰোধীৰ নিজৰ ভুলৰ বাবেহে বিধানসভা নিৰ্বাচনত পৰাজয় বৰণ কৰিছে৷ইয়াৰ বাবে ইভিএম দায়ী নহয়৷কাৰণ তেলেংগানা আৰু কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত ইতিমধ্যে কংগ্ৰেছ ইভিএমৰ দ্বাৰাই জয়ী হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক