--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰেও ভাৰত আৰু মালদ্বীপৰ মাজত কূটনৈতিক বিবাদ অব্যাহত আছে। ইফালে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে মস্কৰা কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভয়ৰ সৃষ্টি কৰে।

মল্লিকাৰ্জুন খৰ্গেয়ে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো কথা ব্যক্তিগতভাৱে লয়। আমি আমাৰ ওচৰ-চুবুৰীয়াৰ সৈতে সু-সম্পৰ্ক বজাই ৰখা উচিত। আমি সময় অনুযায়ী কাম কৰা উচিত। মোদীয়ে আৱেগ আৰু ভয়ৰ সৃষ্টি কৰে।দৰাচলতে মালদ্বীপৰ যুৱ মন্ত্ৰালয়ৰ মন্ত্ৰী মালছা শ্বৰীফ, মৰিয়াম শ্বুনা আৰু আব্দুল্লা মাহজুম মজিদে প্ৰধানমন্ত্ৰী মোদীৰ লক্ষদ্বীপ ভ্ৰমণ সন্দৰ্ভত মন্তব্য কৰিছিল। ইয়াৰ পাছত মালদ্বীপ চৰকাৰে তিনিওজনৰ বক্তব্যৰ পৰা আঁতৰি আহি মন্ত্ৰী পদৰ পৰা নিলম্বন কৰে।

মালছা শ্বৰীফ, মৰিয়াম শ্বুনা আৰু আব্দুল্লা মাহজুম মজিদে লক্ষ্যদ্বীপ ভ্ৰমণৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে মন্তব্য কৰি এই কেন্দ্ৰীয় শাসিত অঞ্চলক মালদ্বীপৰ বাবে বিকল্প পৰ্যটন স্থলী হিচাপে উপস্থাপন কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে বুলি অভিযোগ কৰিছিল।

মালদ্বীপৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত কয়, ‘বিদেশী নেতা আৰু উচ্চ পদস্থ লোকৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত কৰা অপমানজনক মন্তব্যৰ বিষয়ে মালদ্বীপ চৰকাৰে অৱগত। এই মতামতসমূহ ব্যক্তিগত আৰু ই মালদ্বীপ চৰকাৰৰ মতামতক প্ৰতিনিধিত্ব নকৰে।সোমবাৰে (৮ জানুৱাৰী) মালদ্বীপৰ ৰাষ্ট্ৰদূতক তলব কৰি ভাৰতে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে কৰা মন্তব্যক লৈ তীব্ৰ উদ্বেগ প্ৰকাশ কৰে। ভাৰতীয় উচ্চায়ুক্ত মুনু মুহাৱৰক মালদ্বীপ চৰকাৰে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে কৰা মন্তব্যই চৰকাৰৰ স্থিতি প্ৰতিফলিত নকৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক