--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কুন্দুলী এবিধ লতাজাতীয় উদ্ভিদ, যাৰ বহুতো ঔষধি গুণ আছে। কুন্দুলী মানুহে ভাজি খাই বা দাইলত দিয়ো খায়। কুন্দুলী কেঁচাকৈও খাব পাৰি।

ডিজিটেল ডেস্কঃ আপুনি কুন্দুলী খাই ভালপায় নে? কুন্দুলী এবিধ লতাজাতীয় উদ্ভিদ, যাৰ বহুতো ঔষধি গুণ আছে। কুন্দুলী মানুহে ভাজি খাই বা দাইলত দিয়ো খায়। কুন্দুলী কেঁচাকৈও খাব পাৰি। ইয়াৰ পাত, গা-গছ আৰু ফল বিভিন্ন ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। প্ৰথমতে ইয়াক এছিয়া আৰু আফ্ৰিকাৰ কিছুমান দেশত খেতি কৰা হৈছিল, কিন্তু সময়ৰ লগে লগে এই পাচলিবিধ সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল। কুন্দুলী বহুতো পুষ্টিৰে সমৃদ্ধ পাচলি। 


কুন্দুলীৰ মুখ্য উপকাৰিতাসমূহ হৈছে


১. কুন্দুলীৰ পাত থেঁতালি ৰস উলিয়াই ছালৰ ৰোগ, যেনে খজুৱতি আদিত লগালে আৰাম পোৱা যায়। ইয়াৰ উপৰিও জন্তুৱে কামোৰা ঠাইত লগালে সোনকালে আৰাম পোৱা যায়।


২. কুন্দুলীৰ গা-গছ খুন্দি ৰস উলিয়াই খালে ব্ৰংকাইটিছ ৰোগত উপকাৰ পোৱা যায়।


৩. কুন্দুলী পেট চলা ৰোগত উপকাৰী।


৪.  ডায়েবেটিক ৰোগীৰ বাবে কুন্দুলীৰ ব্যৱহাৰ উপকাৰী হ’ব পাৰে। কুন্দুলীত এণ্টি-হাইপাৰগ্লাইচেমিক প্ৰভাৱ পোৱা যায়, যি তেজত শৰ্কৰাৰ স্তৰ সন্তুলিত ৰাখিবলৈ কাম কৰিব পাৰে, যাৰ ফলত ডায়েবেটিচৰ সমস্যা নিয়ন্ত্ৰণ হয়।


৫. কুন্দুলীৰ পাতৰ ৰস গনোৰিয়া ৰোগীৰ বাবেও উপকাৰী।


৬. কুন্দুলী গৰ্ভৱতী মহিলাৰ বাবেও উপকাৰী পাচলি।


৭. আয়ৰণৰ অভাৱত শৰীৰ দুৰ্বল হ'লে কুন্দুলীৰ ৰস খালে উপকৃত হ'ব পাৰি।


৮. কুন্দুলী মৃগী ৰোগীৰ বাবেও উপকাৰী।


৯. কুন্দুলী ক্ৰনিক ডিচেণ্ট্ৰী ৰোগতো উপকাৰী।


১০. কুন্দুলী সেৱন কৰি হজম প্ৰক্ৰিয়া উন্নত কৰিব পাৰি।


১১. কুন্দুলীত কৰ্কট ৰোধী গুণাগুণ পোৱা যায়, যি এই ৰোগ হোৱা প্ৰতিহত কৰাত সহায় কৰিব পাৰে।


১২.  কিডনীৰ পাথৰ আঁতৰাবলৈ কুন্দুলীৰ ব্যৱহাৰ কৰা হয়। দৰাচলতে, কুন্দুলীত কেলচিয়ামৰ পৰিমান যথেষ্ট পোৱা যায়। কেলচিয়ামে পাচন তন্ত্ৰত পাথৰ হোৱাৰ সকলো সম্ভাৱনা কম কৰিব পাৰে।


১৩. কুন্দুলী বহু পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ। যিয়ে হৃদয় স্বাস্থ্যবান কৰি ৰখাত সহায় কৰে।


১৪. প্ৰায়ভাগ ৰোগ বিয়পোৱাৰ মুখ্য কাৰণ হয় সংক্ৰমণ। কিন্তু কুন্দুলী সেৱন কৰিলে সংক্ৰমণ ৰখাব পৰা যায়।


১৫.  ওজন হ্ৰাস কৰাতো সহায়ক কুন্দুলী। কুন্দুলীত ফাইবাৰৰ পৰিমান যথেষ্ট থাকে, যিয়ে ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ