--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কুন্দুলী এবিধ লতাজাতীয় উদ্ভিদ, যাৰ বহুতো ঔষধি গুণ আছে। কুন্দুলী মানুহে ভাজি খাই বা দাইলত দিয়ো খায়। কুন্দুলী কেঁচাকৈও খাব পাৰি।

ডিজিটেল ডেস্কঃ আপুনি কুন্দুলী খাই ভালপায় নে? কুন্দুলী এবিধ লতাজাতীয় উদ্ভিদ, যাৰ বহুতো ঔষধি গুণ আছে। কুন্দুলী মানুহে ভাজি খাই বা দাইলত দিয়ো খায়। কুন্দুলী কেঁচাকৈও খাব পাৰি। ইয়াৰ পাত, গা-গছ আৰু ফল বিভিন্ন ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। প্ৰথমতে ইয়াক এছিয়া আৰু আফ্ৰিকাৰ কিছুমান দেশত খেতি কৰা হৈছিল, কিন্তু সময়ৰ লগে লগে এই পাচলিবিধ সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল। কুন্দুলী বহুতো পুষ্টিৰে সমৃদ্ধ পাচলি। 


কুন্দুলীৰ মুখ্য উপকাৰিতাসমূহ হৈছে


১. কুন্দুলীৰ পাত থেঁতালি ৰস উলিয়াই ছালৰ ৰোগ, যেনে খজুৱতি আদিত লগালে আৰাম পোৱা যায়। ইয়াৰ উপৰিও জন্তুৱে কামোৰা ঠাইত লগালে সোনকালে আৰাম পোৱা যায়।


২. কুন্দুলীৰ গা-গছ খুন্দি ৰস উলিয়াই খালে ব্ৰংকাইটিছ ৰোগত উপকাৰ পোৱা যায়।


৩. কুন্দুলী পেট চলা ৰোগত উপকাৰী।


৪.  ডায়েবেটিক ৰোগীৰ বাবে কুন্দুলীৰ ব্যৱহাৰ উপকাৰী হ’ব পাৰে। কুন্দুলীত এণ্টি-হাইপাৰগ্লাইচেমিক প্ৰভাৱ পোৱা যায়, যি তেজত শৰ্কৰাৰ স্তৰ সন্তুলিত ৰাখিবলৈ কাম কৰিব পাৰে, যাৰ ফলত ডায়েবেটিচৰ সমস্যা নিয়ন্ত্ৰণ হয়।


৫. কুন্দুলীৰ পাতৰ ৰস গনোৰিয়া ৰোগীৰ বাবেও উপকাৰী।


৬. কুন্দুলী গৰ্ভৱতী মহিলাৰ বাবেও উপকাৰী পাচলি।


৭. আয়ৰণৰ অভাৱত শৰীৰ দুৰ্বল হ'লে কুন্দুলীৰ ৰস খালে উপকৃত হ'ব পাৰি।


৮. কুন্দুলী মৃগী ৰোগীৰ বাবেও উপকাৰী।


৯. কুন্দুলী ক্ৰনিক ডিচেণ্ট্ৰী ৰোগতো উপকাৰী।


১০. কুন্দুলী সেৱন কৰি হজম প্ৰক্ৰিয়া উন্নত কৰিব পাৰি।


১১. কুন্দুলীত কৰ্কট ৰোধী গুণাগুণ পোৱা যায়, যি এই ৰোগ হোৱা প্ৰতিহত কৰাত সহায় কৰিব পাৰে।


১২.  কিডনীৰ পাথৰ আঁতৰাবলৈ কুন্দুলীৰ ব্যৱহাৰ কৰা হয়। দৰাচলতে, কুন্দুলীত কেলচিয়ামৰ পৰিমান যথেষ্ট পোৱা যায়। কেলচিয়ামে পাচন তন্ত্ৰত পাথৰ হোৱাৰ সকলো সম্ভাৱনা কম কৰিব পাৰে।


১৩. কুন্দুলী বহু পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ। যিয়ে হৃদয় স্বাস্থ্যবান কৰি ৰখাত সহায় কৰে।


১৪. প্ৰায়ভাগ ৰোগ বিয়পোৱাৰ মুখ্য কাৰণ হয় সংক্ৰমণ। কিন্তু কুন্দুলী সেৱন কৰিলে সংক্ৰমণ ৰখাব পৰা যায়।


১৫.  ওজন হ্ৰাস কৰাতো সহায়ক কুন্দুলী। কুন্দুলীত ফাইবাৰৰ পৰিমান যথেষ্ট থাকে, যিয়ে ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু