--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেষৰটো বলত প্ৰয়োজন আছিল তিনি ৰান। এটা চাৰি কোবালেই শক্তিশালী চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে বিজয়লক্ষ্যত উপনীত হ’ব পাঞ্জাৱ কিংছ ইলেভেন। ষ্ট্ৰাইকিং এণ্ডত আছে জিম্বাবুৱে’ৰ তাৰকা বেটাৰ ছিকন্দৰ ৰাজা। চেন্নাইৰ হৈ  অন্তিমটো বল কৰিব শ্ৰীলংকাৰ ফাষ্ট বলাৰ মথীষা পথিৰানাই।

ৰোমাঞ্চকৰ হৈ পৰিল অন্তিমটো বল। অৱশেষত বিজয় লক্ষ্যত উপনীত হ’ল পাঞ্জাৱ। ছিকন্দৰ ৰাজাই এটা সুন্দৰ পুল শ্বটেৰে স্কোৱাৰ লেগৰ বাউণ্ডেৰীৰ ফালে বলটো ঠেলি পঠায়। ফিল্ডাৰ মহীষ থিকছানাই বাউণ্ডেৰী বচালেও বেটাৰদ্বয় ৰাজা আৰু শ্বাহৰুখ খানে সংগ্ৰহ কৰে তিনি ৰাণ। শেষ হাঁহি মাৰে পাঞ্জাৱে।

পাঞ্জাৱ কিংছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছে টছত জয়লাভ কৰি বেটিঙৰ সিদ্ধান্ত লয়। আৰম্ভণিৰে পৰাই আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰা চেন্নাইৰ হৈ ডেভন কনৱে’ই ৯২, ৰুতুৰাজ গাইকোৱাডে ৩৭ ৰাণৰ বৰঙনি আগবঢ়ায়। শেষৰ অভাৰত চাৰিটা বলৰ সন্মুখিন হৈ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে দুটা ছিক্সাৰসহ ১৩ ৰাণৰ বৰঙণি আগবঢ়ায়। মুঠ ২০০ ৰাণ সংগ্ৰহ কৰে চেন্নাইয়ে।

২০১ ৰাণৰ লক্ষ্য আগত লৈ পাঞ্জাৱেও কৰে সুন্দৰ আৰম্ভণি। অপেনাৰদ্বয় প্ৰভছিমৰণ সিঙে ৪২ আৰু শিখৰ ধাৱানে ২৮ ৰাণৰ বৰঙণি আগবঢ়ায়। লিয়াম লিভিংষ্টনে কৰে ৪০ ৰাণ। বিজয়লক্ষ্যত উপনীত কৰোৱা ছিকন্দৰ ৰেজাই ৭ টা বলত ১৩  ৰাণ সংগ্ৰহ কৰে। চেন্নাইৰ হৈ তুষাৰ দেশপাণ্ডেই ৩টা আৰু ৰবীন্দ্ৰ জাডেজাই ২টাকৈ উইকেট লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ