--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেষৰটো বলত প্ৰয়োজন আছিল তিনি ৰান। এটা চাৰি কোবালেই শক্তিশালী চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে বিজয়লক্ষ্যত উপনীত হ’ব পাঞ্জাৱ কিংছ ইলেভেন। ষ্ট্ৰাইকিং এণ্ডত আছে জিম্বাবুৱে’ৰ তাৰকা বেটাৰ ছিকন্দৰ ৰাজা। চেন্নাইৰ হৈ  অন্তিমটো বল কৰিব শ্ৰীলংকাৰ ফাষ্ট বলাৰ মথীষা পথিৰানাই।

ৰোমাঞ্চকৰ হৈ পৰিল অন্তিমটো বল। অৱশেষত বিজয় লক্ষ্যত উপনীত হ’ল পাঞ্জাৱ। ছিকন্দৰ ৰাজাই এটা সুন্দৰ পুল শ্বটেৰে স্কোৱাৰ লেগৰ বাউণ্ডেৰীৰ ফালে বলটো ঠেলি পঠায়। ফিল্ডাৰ মহীষ থিকছানাই বাউণ্ডেৰী বচালেও বেটাৰদ্বয় ৰাজা আৰু শ্বাহৰুখ খানে সংগ্ৰহ কৰে তিনি ৰাণ। শেষ হাঁহি মাৰে পাঞ্জাৱে।

পাঞ্জাৱ কিংছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছে টছত জয়লাভ কৰি বেটিঙৰ সিদ্ধান্ত লয়। আৰম্ভণিৰে পৰাই আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰা চেন্নাইৰ হৈ ডেভন কনৱে’ই ৯২, ৰুতুৰাজ গাইকোৱাডে ৩৭ ৰাণৰ বৰঙনি আগবঢ়ায়। শেষৰ অভাৰত চাৰিটা বলৰ সন্মুখিন হৈ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে দুটা ছিক্সাৰসহ ১৩ ৰাণৰ বৰঙণি আগবঢ়ায়। মুঠ ২০০ ৰাণ সংগ্ৰহ কৰে চেন্নাইয়ে।

২০১ ৰাণৰ লক্ষ্য আগত লৈ পাঞ্জাৱেও কৰে সুন্দৰ আৰম্ভণি। অপেনাৰদ্বয় প্ৰভছিমৰণ সিঙে ৪২ আৰু শিখৰ ধাৱানে ২৮ ৰাণৰ বৰঙণি আগবঢ়ায়। লিয়াম লিভিংষ্টনে কৰে ৪০ ৰাণ। বিজয়লক্ষ্যত উপনীত কৰোৱা ছিকন্দৰ ৰেজাই ৭ টা বলত ১৩  ৰাণ সংগ্ৰহ কৰে। চেন্নাইৰ হৈ তুষাৰ দেশপাণ্ডেই ৩টা আৰু ৰবীন্দ্ৰ জাডেজাই ২টাকৈ উইকেট লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে