--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ য়শস্বী জয়ছোৱাল। ৰাজস্থান ৰয়েলছৰ দূৰ্দান্ত অপেনিং বেটাৰ। আই পি এলত সুন্দৰ প্ৰদৰ্শন কৰি আহিছে জয়ছোৱালে। তাৰমাজতে এইবাৰৰ আইপিএলত তৃতীয় শতক অৰ্জন কৰে বেটাৰগৰাকীয়ে।

মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে চলা খেলখনত শতক অৰ্জন কৰে জয়ছৱালে। মুম্বাইৰ ৱানখেডেৰ এই শতকটোৰ পূৰ্বে এইবাৰৰ আই পি এলত হেৰী ব্ৰুক আৰু বেংকটেশ আয়াৰে শতক অৰ্জন কৰিছিল।

উল্লেখ্য যে এইখন মেচ আছিল আই পি এলৰ ১০০০তম মেচ। তাক স্মৰণীয় কৰি তুলিলে জয়ছোৱালে। দেওবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ইনিংছ মুকলি কৰিবলৈ অন্তিম অভাৰলৈকে থাকে ২১ বছৰীয়া অপেনাৰগৰাকী।

২০২০ চনত যসাশৱীয়ে ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত ভাৰতৰ হৈ খেলি থাকোঁতেই দৃষ্টি আকৰ্ষণ কৰিছিল। উত্তৰ প্ৰদেশত জন্ম হ’লেও তেওঁ মুম্বাইত ক্ৰিকেটৰ প্ৰশিক্ষণ লৈছিল। সেই দলৰ হৈ ঘৰুৱা ক্ৰিকেট খেলিছিল। ইয়াৰ পূৰ্বে আই পি এলত ৩৫টা ইনিংছ খেলিছে। এইবাৰ প্ৰথমবাৰৰ বাবে শতক অৰ্জন কৰে।

৬২টা বলত ১২৪ ৰান সংগ্ৰহ কৰে ইয়াছাছৱীয়ে। দূৰ্দান্ত ইনিংছটো সজায় ১৬টা চাৰি আৰু ৮টা ছয়েৰে। অৱশেষত ১৯ অভাৰৰ চতুৰ্থটো বলত আৰ্শ্বদ খানৰ বলত আউট বেটাৰগৰাকী।

নিৰ্ধাৰিত অভাৰত ৭টা উইকেট হেৰুৱাই ৰাজস্থান ৰয়েলছে সংগ্ৰহ কৰে ২১২ ৰাণ। জয়ছোৱালৰ বাদে আন কোনো বেটাৰে দীঘলিয়া ইনিংছ খেলিবলৈ সক্ষম নহ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে