--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ য়শস্বী জয়ছোৱাল। ৰাজস্থান ৰয়েলছৰ দূৰ্দান্ত অপেনিং বেটাৰ। আই পি এলত সুন্দৰ প্ৰদৰ্শন কৰি আহিছে জয়ছোৱালে। তাৰমাজতে এইবাৰৰ আইপিএলত তৃতীয় শতক অৰ্জন কৰে বেটাৰগৰাকীয়ে।

মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে চলা খেলখনত শতক অৰ্জন কৰে জয়ছৱালে। মুম্বাইৰ ৱানখেডেৰ এই শতকটোৰ পূৰ্বে এইবাৰৰ আই পি এলত হেৰী ব্ৰুক আৰু বেংকটেশ আয়াৰে শতক অৰ্জন কৰিছিল।

উল্লেখ্য যে এইখন মেচ আছিল আই পি এলৰ ১০০০তম মেচ। তাক স্মৰণীয় কৰি তুলিলে জয়ছোৱালে। দেওবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ইনিংছ মুকলি কৰিবলৈ অন্তিম অভাৰলৈকে থাকে ২১ বছৰীয়া অপেনাৰগৰাকী।

২০২০ চনত যসাশৱীয়ে ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত ভাৰতৰ হৈ খেলি থাকোঁতেই দৃষ্টি আকৰ্ষণ কৰিছিল। উত্তৰ প্ৰদেশত জন্ম হ’লেও তেওঁ মুম্বাইত ক্ৰিকেটৰ প্ৰশিক্ষণ লৈছিল। সেই দলৰ হৈ ঘৰুৱা ক্ৰিকেট খেলিছিল। ইয়াৰ পূৰ্বে আই পি এলত ৩৫টা ইনিংছ খেলিছে। এইবাৰ প্ৰথমবাৰৰ বাবে শতক অৰ্জন কৰে।

৬২টা বলত ১২৪ ৰান সংগ্ৰহ কৰে ইয়াছাছৱীয়ে। দূৰ্দান্ত ইনিংছটো সজায় ১৬টা চাৰি আৰু ৮টা ছয়েৰে। অৱশেষত ১৯ অভাৰৰ চতুৰ্থটো বলত আৰ্শ্বদ খানৰ বলত আউট বেটাৰগৰাকী।

নিৰ্ধাৰিত অভাৰত ৭টা উইকেট হেৰুৱাই ৰাজস্থান ৰয়েলছে সংগ্ৰহ কৰে ২১২ ৰাণ। জয়ছোৱালৰ বাদে আন কোনো বেটাৰে দীঘলিয়া ইনিংছ খেলিবলৈ সক্ষম নহ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন