--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৬ মে’ত ব্ৰিটেইনৰ ৰজা চাৰ্লছ তৃতীয়ৰ ৰাজ অভিষেক। ৰাজ অভিষেকৰ পূৰ্বে ব্ৰিটেইনত মুকলি হ’ল ৪টা বিশেষ স্মাৰক ডাক টিকট। 

ব্ৰিটেইনৰ ৰাজকীয় ডাক টিকটত স্থান পালে হিন্দু, শিখ, ইছলাম আদি ধৰ্মৰ বিভিন্ন স্মাৰকে। ৪টা বিশেষ ডাক টিকটত স্থান লাভ কৰিছে হিন্দু, শিখ, ইছলাম, বৌদ্ধ, খ্ৰীষ্টান, ইহুদী ধৰ্মৰ উপাসনাস্থলীসমূহে৷ ব্ৰিটেইনৰ সাংস্কৃতিক বিচিত্ৰতা প্ৰতিফলিত কৰিবলৈকে এইদৰে ডাক টিকটত স্থান দিয়া হৈছে এই উপাসনাস্থলীসমূহক। 

ব্ৰিটেইনৰ ডাক বিভাগে এই পৰ্যন্ত ৩বাৰহে স্মাৰক ডাক টিকট জাৰি কৰিছে। ইয়াৰ পূৰ্বে ১৯৩৭ চনত ৰজা ষষ্ঠ জৰ্জৰ অভিষেকত জাৰি কৰিছিল ডাক টিকট। ১৯৫৩ চনত ৰাণী এলিজাবেথ দ্বিতীয়ৰ অভিষেকতো জাৰি কৰিছিল স্মাৰক ডাক টিকট। এইবাৰ বহুকেইটা দিশৰ পৰা বিশেষ এই ৰাজ অভিষেকৰ কাৰ্যসূচী। 

প্ৰথমবাৰলৈ সকলো ধৰ্মৰ প্ৰতিনিধিয়ে অংশ ল’ব এই কাৰ্যসূচীত। খ্ৰীষ্টান ধৰ্মৰ বাহিৰেও হিন্দু, মুছলমানৰ প্রতিনিধিয়ে প্ৰথমবাৰলৈ অংশ ল’ব এই কাৰ্যসূচীত। ব্ৰিটেইনৰ ইতিহাসত প্ৰথমবাৰলৈ এই অনুষ্ঠানত বাইবেলৰ কিয়দাংশ পাঠ কৰিব এগৰাকী হিন্দুই। খ্ৰীষ্টান ধৰ্মৰ পৱিত্ৰ গ্ৰন্থ বাইবেলৰ কিয়দাংশ পাঠ কৰিব ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি চুনাকে। সেই দিশৰ পৰাও বিশেষ এইবাৰৰ ৰাজ অভিষেক। 

ইপিনে, ৰাজ অভিষেকৰ অনুষ্ঠানক লৈ ব্ৰিটেইনত সৃষ্টি হৈছে বিতৰ্কৰ। আৰ্থিক দুৰ্যোগৰ সময়তে বৃহৎ অৰ্থৰ ব্যয়ৰে অনুষ্ঠান আয়োজন কৰিব লোৱাক লৈ সৃষ্টি হৈছে সমালোচনাৰ। চাৰ্লছ তৃতীয়ৰ ৰাজ অভিষেকত ব্যয় হ’ব প্ৰায় ১ হাজাৰ ২১ কোটি টকা। যাৰ বাবে ব্ৰিটেইনবাসীৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে ৰাজ পৰিয়াল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প