--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৬ মে’ত ব্ৰিটেইনৰ ৰজা চাৰ্লছ তৃতীয়ৰ ৰাজ অভিষেক। ৰাজ অভিষেকৰ পূৰ্বে ব্ৰিটেইনত মুকলি হ’ল ৪টা বিশেষ স্মাৰক ডাক টিকট। 

ব্ৰিটেইনৰ ৰাজকীয় ডাক টিকটত স্থান পালে হিন্দু, শিখ, ইছলাম আদি ধৰ্মৰ বিভিন্ন স্মাৰকে। ৪টা বিশেষ ডাক টিকটত স্থান লাভ কৰিছে হিন্দু, শিখ, ইছলাম, বৌদ্ধ, খ্ৰীষ্টান, ইহুদী ধৰ্মৰ উপাসনাস্থলীসমূহে৷ ব্ৰিটেইনৰ সাংস্কৃতিক বিচিত্ৰতা প্ৰতিফলিত কৰিবলৈকে এইদৰে ডাক টিকটত স্থান দিয়া হৈছে এই উপাসনাস্থলীসমূহক। 

ব্ৰিটেইনৰ ডাক বিভাগে এই পৰ্যন্ত ৩বাৰহে স্মাৰক ডাক টিকট জাৰি কৰিছে। ইয়াৰ পূৰ্বে ১৯৩৭ চনত ৰজা ষষ্ঠ জৰ্জৰ অভিষেকত জাৰি কৰিছিল ডাক টিকট। ১৯৫৩ চনত ৰাণী এলিজাবেথ দ্বিতীয়ৰ অভিষেকতো জাৰি কৰিছিল স্মাৰক ডাক টিকট। এইবাৰ বহুকেইটা দিশৰ পৰা বিশেষ এই ৰাজ অভিষেকৰ কাৰ্যসূচী। 

প্ৰথমবাৰলৈ সকলো ধৰ্মৰ প্ৰতিনিধিয়ে অংশ ল’ব এই কাৰ্যসূচীত। খ্ৰীষ্টান ধৰ্মৰ বাহিৰেও হিন্দু, মুছলমানৰ প্রতিনিধিয়ে প্ৰথমবাৰলৈ অংশ ল’ব এই কাৰ্যসূচীত। ব্ৰিটেইনৰ ইতিহাসত প্ৰথমবাৰলৈ এই অনুষ্ঠানত বাইবেলৰ কিয়দাংশ পাঠ কৰিব এগৰাকী হিন্দুই। খ্ৰীষ্টান ধৰ্মৰ পৱিত্ৰ গ্ৰন্থ বাইবেলৰ কিয়দাংশ পাঠ কৰিব ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি চুনাকে। সেই দিশৰ পৰাও বিশেষ এইবাৰৰ ৰাজ অভিষেক। 

ইপিনে, ৰাজ অভিষেকৰ অনুষ্ঠানক লৈ ব্ৰিটেইনত সৃষ্টি হৈছে বিতৰ্কৰ। আৰ্থিক দুৰ্যোগৰ সময়তে বৃহৎ অৰ্থৰ ব্যয়ৰে অনুষ্ঠান আয়োজন কৰিব লোৱাক লৈ সৃষ্টি হৈছে সমালোচনাৰ। চাৰ্লছ তৃতীয়ৰ ৰাজ অভিষেকত ব্যয় হ’ব প্ৰায় ১ হাজাৰ ২১ কোটি টকা। যাৰ বাবে ব্ৰিটেইনবাসীৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে ৰাজ পৰিয়াল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস