--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউক্ৰেইনৰ প্ৰতিৰক্ষা বিভাগে হিন্দু দেৱী মা কালীক উপহাস কৰা বিষয়টোত ভাৰতে লাভ কৰিছে ৰাছিয়াৰ সমৰ্থন। ইউক্ৰেইনৰ এই কাৰ্যক ৰাছিয়াই গৰিহণা দি ইউক্ৰেইনক নাজীবাদৰ সৈতে তুলনা কৰিছে। ইউক্ৰেইনৰ প্ৰতিৰক্ষা বিভাগে শেহতীয়াকৈ এটা টুইট কৰিছিল, য’ত বিস্ফোৰণৰ পিছত বাঢ়ি অহা ধোঁৱাক মা কালী হিচাপে প্ৰদৰ্শন কৰা হৈছিল আৰু হিন্দু বিশ্বাসক ঠাট্টা কৰা হৈছিল। অৱশ্যে এই বিতৰ্ক তীব্ৰতৰ হোৱাৰ পিছত ইউক্ৰেইনে এই টুইটটো ডিলিট কৰিছিল।

ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ প্ৰতিনিধি দিমিত্ৰী পলিনস্কিয়ে কয় যে ‘কিয়ভ চৰকাৰে হিন্দু, মুছলমান বা খ্ৰীষ্টান অৰ্থডক্স হওক, কাৰো বিশ্বাসৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে। ইউক্ৰেইনৰ সৈন্যই কোৰআন জ্বলাই মা কালীক উপহাস কৰি অৰ্থডক্স খ্ৰীষ্টানৰ পবিত্ৰ স্থান ধ্বংস কৰিছে। তেওঁ কেৱল নাজী মতাদৰ্শত বিশ্বাস কৰে। তেওঁ ইউক্ৰেইনক সকলোতকৈ ওপৰত গণ্য কৰে।

ইউক্ৰেইন চৰকাৰেও নিজৰ প্ৰতিৰক্ষা বিভাগৰ এই টুইটৰ বাবে ক্ষমা বিচাৰিছে। ইউক্ৰেইনৰ উপ-বিদেশ মন্ত্ৰী এমিন জাপ্ৰ’ভাই এক বিবৃতি প্ৰকাশ কৰি কৈছিল যে ‘হিন্দু দেৱী মা কালীক ভুলকৈ দেখুৱাই আমি আৰু আমাৰ প্ৰতিৰক্ষা বিভাগে লাজ পাইছো। ইউক্ৰেইন আৰু ইউক্ৰেইনৰ জনসাধাৰণে ভাৰতীয় সংস্কৃতিক সন্মান কৰে আৰু তেওঁলোকৰ সহায়ৰ শলাগ লয়। সেই ফটোখন আঁতৰাই দিয়া হৈছে আৰু আমি পাৰস্পৰিক সহযোগিতা আৰু পাৰস্পৰিক সন্মান বৃদ্ধিৰ বাবে উৎসৰ্গিত হৈ আছো।"













FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস