--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউক্ৰেইনৰ প্ৰতিৰক্ষা বিভাগে হিন্দু দেৱী মা কালীক উপহাস কৰা বিষয়টোত ভাৰতে লাভ কৰিছে ৰাছিয়াৰ সমৰ্থন। ইউক্ৰেইনৰ এই কাৰ্যক ৰাছিয়াই গৰিহণা দি ইউক্ৰেইনক নাজীবাদৰ সৈতে তুলনা কৰিছে। ইউক্ৰেইনৰ প্ৰতিৰক্ষা বিভাগে শেহতীয়াকৈ এটা টুইট কৰিছিল, য’ত বিস্ফোৰণৰ পিছত বাঢ়ি অহা ধোঁৱাক মা কালী হিচাপে প্ৰদৰ্শন কৰা হৈছিল আৰু হিন্দু বিশ্বাসক ঠাট্টা কৰা হৈছিল। অৱশ্যে এই বিতৰ্ক তীব্ৰতৰ হোৱাৰ পিছত ইউক্ৰেইনে এই টুইটটো ডিলিট কৰিছিল।

ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ প্ৰতিনিধি দিমিত্ৰী পলিনস্কিয়ে কয় যে ‘কিয়ভ চৰকাৰে হিন্দু, মুছলমান বা খ্ৰীষ্টান অৰ্থডক্স হওক, কাৰো বিশ্বাসৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে। ইউক্ৰেইনৰ সৈন্যই কোৰআন জ্বলাই মা কালীক উপহাস কৰি অৰ্থডক্স খ্ৰীষ্টানৰ পবিত্ৰ স্থান ধ্বংস কৰিছে। তেওঁ কেৱল নাজী মতাদৰ্শত বিশ্বাস কৰে। তেওঁ ইউক্ৰেইনক সকলোতকৈ ওপৰত গণ্য কৰে।

ইউক্ৰেইন চৰকাৰেও নিজৰ প্ৰতিৰক্ষা বিভাগৰ এই টুইটৰ বাবে ক্ষমা বিচাৰিছে। ইউক্ৰেইনৰ উপ-বিদেশ মন্ত্ৰী এমিন জাপ্ৰ’ভাই এক বিবৃতি প্ৰকাশ কৰি কৈছিল যে ‘হিন্দু দেৱী মা কালীক ভুলকৈ দেখুৱাই আমি আৰু আমাৰ প্ৰতিৰক্ষা বিভাগে লাজ পাইছো। ইউক্ৰেইন আৰু ইউক্ৰেইনৰ জনসাধাৰণে ভাৰতীয় সংস্কৃতিক সন্মান কৰে আৰু তেওঁলোকৰ সহায়ৰ শলাগ লয়। সেই ফটোখন আঁতৰাই দিয়া হৈছে আৰু আমি পাৰস্পৰিক সহযোগিতা আৰু পাৰস্পৰিক সন্মান বৃদ্ধিৰ বাবে উৎসৰ্গিত হৈ আছো।"













FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা