--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কঁঠালত ভিটামিন, খনিজ পদাৰ্থ, বি ভিটামিন যেনে ৰাইবোফ্লেভিন, থাইয়ামিনৰ লগতে মেগনেছিয়াম, পটাছিয়াম, কপাৰ, মেংগানিজ আৰু আঁহ আদি থাকে।

ডিজিটেল ডেস্কঃ কঁঠাল কেঁচাই হওক বা পকা, দুয়োটা অৱস্থাতে অতি উপকাৰী। কেঁচা কঁঠালত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে, আনহাতে পকা কঁঠালত কাৰ্বহাইড্ৰেট থাকে। সেয়েহে, আপুনি আপোনাৰ পছন্দ অনুযায়ী কঁঠাল খাব পাৰে। কঁঠালৰ বীজবোৰো বৰ উপকাৰী। ইয়াক ভাজি, পূৰি বা সিজাই খাব পাৰি।


কঁঠালৰ বীজত প্ৰটিন, আঁহ আৰু বিভিন্ন খনিজ পদাৰ্থ থাকে। ইয়াৰ উপৰিও কঁঠালত ভিটামিন, খনিজ পদাৰ্থ, বি ভিটামিন যেনে ৰাইবোফ্লেভিন, থাইয়ামিনৰ লগতে মেগনেছিয়াম, পটাছিয়াম, কপাৰ, মেংগানিজ আৰু আঁহ আদিও থাকে। এইবাৰো উপাদান আমাৰ শৰীৰৰ বাবে অতি উপকাৰী।


ইয়াৰ কিছুমান বিশেষ উপকাৰিতা এনেধৰণৰ:


হজম শক্তি বৃদ্ধি: কঁঠালত থকা আঁহে হজম শক্তি বৃদ্ধি কৰে আৰু কোষ্ঠকাঠিন্য দূৰ কৰে।


ওজন নিয়ন্ত্ৰণ: কঁঠালত কম কেলৰি আৰু কম চৰ্বি থাকে, যাৰ ফলত ই ওজন নিয়ন্ত্ৰণত সহায় কৰে।


ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি: কঁঠালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, কাৰণ ইয়াত যথেষ্ট পৰিমাণে ভিটামিন A আৰু C থাকে।


হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী: কঁঠালত পটাছিয়াম থাকে, যি হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী।


ছাল আৰু চুলিৰ বাবে ভাল: কঁঠালে ছাল আৰু চুলিৰ স্বাস্থ্য উন্নত কৰে।


চকুৰ বাবে ভাল: কঁঠালে দৃষ্টিশক্তি উন্নত কৰে।


অন্ত্ৰৰ স্বাস্থ্য: কঠালত আঁহৰ উপস্থিতিয়ে অন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে আৰু কোষ্ঠকাঠিন্য দূৰ কৰে ।


ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে: কঁঠালত আঁহ থাকে যিয়ে তেজৰ চেনি নিয়ন্ত্ৰণত সহায় কৰে আৰু ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে ।


বাৰ্ধক্য প্ৰতিৰোধী গুণ: কঁঠালত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে ছালখনক ডেকা আৰু সুস্থ কৰি ৰখাত সহায় কৰে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ