--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চুৰি গৰু, অবৈধভাৱে মজুত ৰখা গো-মাংস আৰক্ষীক ধৰাই দিয়াৰ বাবেই জাকিৰ হুছেইন আৰু আনোৱাৰ হুছেইনে প্ৰাঞ্জল শৰ্মা বৰুৱা নামৰ গাওঁৰক্ষী বাহিনীৰ সদস্যজনক আক্ৰমণ কৰে।

ডিজিটেল ডেস্ক: শিৱসাগৰ কোঁৱৰপুৰ গেমন দলঙৰ সমীপৰ ব্ৰাক্ষ্মণ গাঁৱত যোৱা নিশা গৰু চুৰি, সৰবৰাহত অভিযুক্ত দুই ভাই-ককায়ে চলাই তাণ্ডৱ।


গাওঁৰক্ষী বাহিনীৰ সদস্যক চোকা তৰোৱালেৰে আক্ৰমণ দুই ভাতৃ জাকিৰ হুছেইন আৰু আনোৱাৰ হুছেইনৰ।


চুৰি গৰু, অবৈধভাৱে মজুত ৰখা গো-মাংস আৰক্ষীক ধৰাই দিয়াৰ বাবেই জাকিৰ হুছেইন আৰু আনোৱাৰ হুছেইনে প্ৰাঞ্জল শৰ্মা বৰুৱা নামৰ গাওঁৰক্ষী বাহিনীৰ সদস্যজনক আক্ৰমণ কৰে।


জয়া দলং গাওঁৰক্ষী বাহিনীৰ সদস্য প্ৰাঞ্জল শৰ্মা বৰুৱা নিশা এখন সভাৰ পৰা আহি ঘৰৰ পদূলি পোৱাৰ সময়তে পূৰ্বৰে পৰা খাপ পিটি থকা জাকিৰ আৰু আনোৱৰ হুছেইনে চোকা তৰোৱালেৰে আক্ৰমণ কৰে।


তৰোৱালৰ ঘাপত মূৰত গুৰুতৰভাৱে আঘাত পায় প্ৰাঞ্জল শৰ্মা বৰুৱাই। নিশাই প্ৰাঞ্জল শৰ্মা বৰুৱাক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও আঘাত গুৰুতৰ হোৱাত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।


অন্যহাতে আনোৱাৰ হুছেইনক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে যদিও পলাতক অৱস্থাত আছে মূল কালপ্ৰিট জাকিৰ হুছেইন।


উল্লেখ্য যে যোৱা ৩১ আগষ্টৰ নিশা জাকিৰ হুছেইনৰ বাসগৃহত শিৱসাগৰ সদৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছিল দুখন বিলাসী বাহন, স্কুটীসহ নিষিদ্ধ গো-মাংস।


গাওঁৰক্ষী বাহিনীৰ এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে অভিযান চলোৱাৰ বাবেই বৰ্তমান প্ৰাঞ্জল শৰ্মা বৰুৱাক প্ৰাণে মৰাৰ লক্ষ্যৰে তৰোৱালেৰে আক্ৰমণ কৰে দুই হুছেইন ভাতৃয়ে।


এই অভিযোগ গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়াসকলৰ লগতে আহত প্ৰাঞ্জল শৰ্মা বৰুৱাৰ ।


এই ঘটনাৰে জড়িত দুয়ো ভাই-ককাই জাকিৰ হুছেইন ,আনোৱাৰ হুছেইনক গ্ৰেপ্তাৰৰ দাবী জনাইছে গাঁওৰক্ষী বাহিনীৰ মহকুমা উপদেষ্টা বিশ্ব ভূঞাই।


ঘটনাটোক লৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন