--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় প্ৰাক্তন দ্ৰুত বলাৰ জাহিৰ খানে আজি অৰ্থাৎ ২০২২ চনৰ ৭ অক্টোবৰত ৪৪ সংখ্যক জন্মদিন উদযাপন কৰিছে। মহাৰাষ্ট্ৰৰ শ্ৰীৰামপুৰত জন্মগ্ৰহণ কৰা জাহীৰ খানক জেক নামেৰেও জনা যায়। আনকি প্ৰাক্তন ক্ৰিকেটাৰ জাহিৰ খানক ২০১১ চনৰ বিশ্বকাপৰ সময়ত বলিংৰ শচীন টেণ্ডুলকাৰ হিচাপে গণ্য কৰা হৈছিল কাৰণ সেই প্ৰতিযোগিতাত তেওঁৰ প্ৰদৰ্শন অতি উত্তম আছিল আৰু তেওঁ বলিং বিভাগত প্ৰতিবাৰেই দলটোৰ বাবে ট্ৰাবলশ্বুটাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল।

কেৱল ভাৰততে নহয়, বিশ্বৰ বেগী বলাৰসকলৰ মাজতো জাহিৰ খানক সৰ্বকালৰ শ্ৰেষ্ঠ বলাৰৰ ভিতৰত গণ্য কৰা হয়। দেশৰ হৈ ৯২ খন টেষ্ট, ২০০ খন ৱান ডে ইণ্টাৰনেশ্যনেল আৰু ১৭ খন টি-২০ ইণ্টাৰনেশ্যনেল খেলা জাহিৰ খানে সেই সময়ত বিশ্বৰ প্ৰতিখন ক্ৰিকেট খেলা দেশতে নিজৰ বলিংঙেৰে শ্ৰেষ্ঠতাৰ প্ৰমাণ কৰিছিল। তেওঁ সমগ্ৰ দেশতে পৰিচিতি আছিল কেৱল বলিংৰ বাবেহে।

ভাৰতৰ হৈ এতিয়ালৈকে কেইবা ডজন দ্ৰুত বলাৰ আছে যদিও জাহিৰ খান একমাত্ৰ ভাৰতীয় বলাৰ যিয়ে ইনিংছৰ প্ৰথমটো বলত এবাৰ বা দুবাৰ নহয়, চাৰিবাৰকৈ উইকেট দখল কৰিছে। ৱান ডে ইণ্টাৰনেশ্যনেল ক্ৰিকেটত তেওঁ চাৰিবাৰকৈ ইনিংছৰ প্ৰথম বলত বিপক্ষ দলৰ অ’পেনাৰক আউট কৰিছে। তেওঁলোকৰ বাহিৰেও দেৱাশীষ মহন্ত আৰু প্ৰবীণ কুমাৰে এবাৰকৈ এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে।

জাহিৰ খানে ৯২ খন টেষ্ট মেচত ৩১১ টা উইকেট দখল কৰে। আজিও ভাৰতৰ হৈ টেষ্ট ক্ৰিকেটত দ্বিতীয় সৰ্বাধিক উইকেট দখল কৰা বলাৰগৰাকী হৈছে জাহিৰ খান। 

টি-২০ ইণ্টাৰনেশ্যনেল ক্ৰিকেটত ১৭খন মেচত ১৭টা উইকেট দখল কৰাৰ অভিলেখ তেওঁৰ হাতত আছে। একে সময়তে তেওঁ আই পি এলৰ ১০০ খন খেলত ১০২ টা উইকেট দখল কৰে। উইকেট লোৱাৰ পৰিসংখ্যালৈ চালে জাহিৰ খান যে নিজস্ব ৰূপত এজন মহান বলাৰ হৈ আহিছে তাত কোনো সন্দেহ নাই। বিশ্বকাপ ২০১১ৰ নায়ক হিচাপেও ৯খন মেচত ২১টা উইকেট দখল কৰিছিল জাহিৰ খান। অৱশ্যে মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ আছিল যুৱৰাজ সিং।













FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement