--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় প্ৰাক্তন দ্ৰুত বলাৰ জাহিৰ খানে আজি অৰ্থাৎ ২০২২ চনৰ ৭ অক্টোবৰত ৪৪ সংখ্যক জন্মদিন উদযাপন কৰিছে। মহাৰাষ্ট্ৰৰ শ্ৰীৰামপুৰত জন্মগ্ৰহণ কৰা জাহীৰ খানক জেক নামেৰেও জনা যায়। আনকি প্ৰাক্তন ক্ৰিকেটাৰ জাহিৰ খানক ২০১১ চনৰ বিশ্বকাপৰ সময়ত বলিংৰ শচীন টেণ্ডুলকাৰ হিচাপে গণ্য কৰা হৈছিল কাৰণ সেই প্ৰতিযোগিতাত তেওঁৰ প্ৰদৰ্শন অতি উত্তম আছিল আৰু তেওঁ বলিং বিভাগত প্ৰতিবাৰেই দলটোৰ বাবে ট্ৰাবলশ্বুটাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল।

কেৱল ভাৰততে নহয়, বিশ্বৰ বেগী বলাৰসকলৰ মাজতো জাহিৰ খানক সৰ্বকালৰ শ্ৰেষ্ঠ বলাৰৰ ভিতৰত গণ্য কৰা হয়। দেশৰ হৈ ৯২ খন টেষ্ট, ২০০ খন ৱান ডে ইণ্টাৰনেশ্যনেল আৰু ১৭ খন টি-২০ ইণ্টাৰনেশ্যনেল খেলা জাহিৰ খানে সেই সময়ত বিশ্বৰ প্ৰতিখন ক্ৰিকেট খেলা দেশতে নিজৰ বলিংঙেৰে শ্ৰেষ্ঠতাৰ প্ৰমাণ কৰিছিল। তেওঁ সমগ্ৰ দেশতে পৰিচিতি আছিল কেৱল বলিংৰ বাবেহে।

ভাৰতৰ হৈ এতিয়ালৈকে কেইবা ডজন দ্ৰুত বলাৰ আছে যদিও জাহিৰ খান একমাত্ৰ ভাৰতীয় বলাৰ যিয়ে ইনিংছৰ প্ৰথমটো বলত এবাৰ বা দুবাৰ নহয়, চাৰিবাৰকৈ উইকেট দখল কৰিছে। ৱান ডে ইণ্টাৰনেশ্যনেল ক্ৰিকেটত তেওঁ চাৰিবাৰকৈ ইনিংছৰ প্ৰথম বলত বিপক্ষ দলৰ অ’পেনাৰক আউট কৰিছে। তেওঁলোকৰ বাহিৰেও দেৱাশীষ মহন্ত আৰু প্ৰবীণ কুমাৰে এবাৰকৈ এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে।

জাহিৰ খানে ৯২ খন টেষ্ট মেচত ৩১১ টা উইকেট দখল কৰে। আজিও ভাৰতৰ হৈ টেষ্ট ক্ৰিকেটত দ্বিতীয় সৰ্বাধিক উইকেট দখল কৰা বলাৰগৰাকী হৈছে জাহিৰ খান। 

টি-২০ ইণ্টাৰনেশ্যনেল ক্ৰিকেটত ১৭খন মেচত ১৭টা উইকেট দখল কৰাৰ অভিলেখ তেওঁৰ হাতত আছে। একে সময়তে তেওঁ আই পি এলৰ ১০০ খন খেলত ১০২ টা উইকেট দখল কৰে। উইকেট লোৱাৰ পৰিসংখ্যালৈ চালে জাহিৰ খান যে নিজস্ব ৰূপত এজন মহান বলাৰ হৈ আহিছে তাত কোনো সন্দেহ নাই। বিশ্বকাপ ২০১১ৰ নায়ক হিচাপেও ৯খন মেচত ২১টা উইকেট দখল কৰিছিল জাহিৰ খান। অৱশ্যে মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ আছিল যুৱৰাজ সিং।













FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু