--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আঘাতৰ সমস্যাই বাৰুকৈয়ে জুৰুলা কৰিছে ভাৰতীয় ক্ৰিকেট দলক। আগন্তুক টি-২০ বিশ্বকাপত আঘাতৰ বাবেই দুই তাৰকা খেলুৱৈ যশপ্ৰীত বুমৰাহ আৰু ৰবীন্দ্ৰ জাদেজা ভাৰতীয় দলৰ পৰা বাহিৰ হ'বলগীয়া হোৱাৰ পিছত বিশ্বকাপত বুমৰাহৰ স্থান লোৱাৰ সম্ভাৱনা থকা আন এগৰাকী তাৰকা দীপক চাহাৰো আঘাতৰ সন্মুখীন হৈছে। গোৰোহাৰ আঘাতৰ বাবে চাহাৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলিত এদিনীয়া শৃংখলাৰ অন্তিম দুখন এদিনীয়াত অনিশ্চিত হৈ পৰিছে। 

লক্ষ্ণৌত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন মেচত মূল একাদশত নাছিল চাহাৰ। আজি বিচিচিআইৰ এক সূত্ৰই জানিবলৈ দিয়া মতে মেচখনৰ পূৰ্বে আঘাত পোৱাৰ বাবেই চাহাৰক মূল দলত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। "দীপক চাহাৰে গোৰোহাত আঘাতত ভুগি আছে। অৱশ্যে এই আঘাত অত্যাধিক গুৰুতৰ নহয় যদিও কিছুদিনৰ বিশ্ৰাম দিয়া উচিত হ'ব পাৰে।"- সংবাদ মাধ্যমৰ আগত বিষয়াগৰাকীয়ে কয়। 

উল্লেখ্য যে দীপক চাহাৰক টি-২০ বিশ্বকাপত ভাৰতীয় দলৰ ষ্টেণ্ডবাই হিচাপে ৰখা হৈছিল। শেহতীয়াকৈ তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহ আঘাতৰ বাবে বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ পিছত মহম্মদ ছামিৰ লগতে দীপক চাহাৰৰ নামো বুমৰাহৰ বিকল্প হিচাপে চৰ্চিত হৈছিল। সেয়ে বিশ্বকাপলৈ মাত্ৰ আঠটা দিন বাকী থকা অৱস্থাত চাহাৰৰ আঘাত যথেষ্ট চিন্তনীয় বিবেচিত হৈছে। 

অৱশ্যে টি-২০ বিশ্বকাপৰ দলত যশপ্ৰীত বুমৰাহৰ স্থানত মহম্মদ ছামিৰ অন্তৰ্ভুক্তিৰ সম্ভাৱনা অধিক আছে। ক’ভিদৰ পৰা সুস্থ হৈ উঠাৰ পিছত ছামি শেহতীয়াকৈ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত ফিটনেছ টেষ্টতো অৱতীৰ্ণ হৈছিল বুলি খবৰ প্ৰকাশিত হৈছিল। চাহাৰতকৈ ছামিয়ে বিশ্বকাপৰ মূল দলত অগ্ৰাধিকাৰ পাব পাৰে আৰু যদি সেয়ে হয়  যি অহা তিনিৰ পৰা চাৰি দিনৰ ভিতৰত ভাৰতীয় দলত যোগ দিয়াৰ বাবে ছামি অষ্ট্ৰেলিয়ালৈ উৰা মাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক