--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আঘাতৰ সমস্যাই বাৰুকৈয়ে জুৰুলা কৰিছে ভাৰতীয় ক্ৰিকেট দলক। আগন্তুক টি-২০ বিশ্বকাপত আঘাতৰ বাবেই দুই তাৰকা খেলুৱৈ যশপ্ৰীত বুমৰাহ আৰু ৰবীন্দ্ৰ জাদেজা ভাৰতীয় দলৰ পৰা বাহিৰ হ'বলগীয়া হোৱাৰ পিছত বিশ্বকাপত বুমৰাহৰ স্থান লোৱাৰ সম্ভাৱনা থকা আন এগৰাকী তাৰকা দীপক চাহাৰো আঘাতৰ সন্মুখীন হৈছে। গোৰোহাৰ আঘাতৰ বাবে চাহাৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলিত এদিনীয়া শৃংখলাৰ অন্তিম দুখন এদিনীয়াত অনিশ্চিত হৈ পৰিছে। 

লক্ষ্ণৌত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন মেচত মূল একাদশত নাছিল চাহাৰ। আজি বিচিচিআইৰ এক সূত্ৰই জানিবলৈ দিয়া মতে মেচখনৰ পূৰ্বে আঘাত পোৱাৰ বাবেই চাহাৰক মূল দলত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। "দীপক চাহাৰে গোৰোহাত আঘাতত ভুগি আছে। অৱশ্যে এই আঘাত অত্যাধিক গুৰুতৰ নহয় যদিও কিছুদিনৰ বিশ্ৰাম দিয়া উচিত হ'ব পাৰে।"- সংবাদ মাধ্যমৰ আগত বিষয়াগৰাকীয়ে কয়। 

উল্লেখ্য যে দীপক চাহাৰক টি-২০ বিশ্বকাপত ভাৰতীয় দলৰ ষ্টেণ্ডবাই হিচাপে ৰখা হৈছিল। শেহতীয়াকৈ তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহ আঘাতৰ বাবে বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ পিছত মহম্মদ ছামিৰ লগতে দীপক চাহাৰৰ নামো বুমৰাহৰ বিকল্প হিচাপে চৰ্চিত হৈছিল। সেয়ে বিশ্বকাপলৈ মাত্ৰ আঠটা দিন বাকী থকা অৱস্থাত চাহাৰৰ আঘাত যথেষ্ট চিন্তনীয় বিবেচিত হৈছে। 

অৱশ্যে টি-২০ বিশ্বকাপৰ দলত যশপ্ৰীত বুমৰাহৰ স্থানত মহম্মদ ছামিৰ অন্তৰ্ভুক্তিৰ সম্ভাৱনা অধিক আছে। ক’ভিদৰ পৰা সুস্থ হৈ উঠাৰ পিছত ছামি শেহতীয়াকৈ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত ফিটনেছ টেষ্টতো অৱতীৰ্ণ হৈছিল বুলি খবৰ প্ৰকাশিত হৈছিল। চাহাৰতকৈ ছামিয়ে বিশ্বকাপৰ মূল দলত অগ্ৰাধিকাৰ পাব পাৰে আৰু যদি সেয়ে হয়  যি অহা তিনিৰ পৰা চাৰি দিনৰ ভিতৰত ভাৰতীয় দলত যোগ দিয়াৰ বাবে ছামি অষ্ট্ৰেলিয়ালৈ উৰা মাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু