--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
কালী পূজা যোৱাৰ পিছতে লাহে লাহে ধৰালৈ শীতৰ আগমন ঘটিছে৷  শীতকাল মানেই উমাল  চুৱেটাৰ, জেকেট পিন্ধাৰ দিন৷কম্বল,লেপ বনোৱা দোকানসমূহত ভিৰ বাঢ়ে৷ 

ৰঙা কাপোৰ আৱৰণ থকা উমাল লেপসমূহ শীতকালৰ চিনাকি দৃশ্য৷আপুনি  যিমানেই বিলাসী কম্বল ব্যৱহাৰ নকৰক কিয়, লেপৰ আমেজ সদায় সুকীয়া। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে , লেপত কিয়  ৰঙা কাপোৰ ব্যৱহাৰ কৰা হয়? ইয়াৰ আঁৰত কোনো নিৰ্দিষ্ট কাৰণ আছে নেকি? নে ইয়াৰ আঁৰত আন এটা ইতিহাস আছে? এই সকলো প্ৰশ্নৰ উত্তৰ দিব আমাৰ এই লেখাই৷ 

এসময়ত মুৰ্শিদাবাদৰ সকলো ঠাইতে লেপৰ নিজা নাম আছিল।আৰু নিজা ধৰণেৰে প্ৰস্তুত কৰা হৈছিল৷ লেপ তৈয়াৰ কৰিবলৈ সেই সময়ত বহুতে ভেলভটৰ কাপোৰ ব্যৱহাৰ কৰা হৈছিল৷ এতিয়া, অৱশ্যে উচ্চ মূল্যৰ বাবে ভেলভেট কাপোৰ ব্যৱহাৰ কৰা নহয়। কিন্তু ৰঙা কাপোৰ ব্যৱহাৰ কৰাৰ প্ৰথা আজিও অব্যাহত আছে। যদিও কোনো নিয়ম নাই, শিল্পীসকলে এতিয়াও ৰঙা কাপোৰত আৱৰণ প্ৰস্তুত কৰে।

বংগ, বিহাৰ আৰু উৰিষ্যাৰ প্ৰথম নৱাব মুৰ্ছিদ কুলি খানৰ সময়ৰ পৰা, পৰম্পৰা অনুসৰি ৰঙা ভেলভেট কাপোৰ ব্যৱহাৰ কৰি লেপৰ আৱৰণ কৰা হৈছিল। মুৰ্ছিদ কুলি খানৰ জীয়ৰীৰ জামাই নৱাব সুজাউদ্দিনে মখমলৰ সলনি ৰেচমৰ কাপোৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল।

আনহাতে, বাংলাদেশৰ ঢাকাৰ লেপ ব্যৱসায়ীসকলে কয় যে নৱাবসকলেও এই শৈলী আৰু আৱৰণত ৰঙৰ ব্যৱহাৰ অনুসৰণ কৰিছিল। তেতিয়াৰ পৰা, ৰঙা কাপোৰত লেপৰ আৱৰণ  বনোৱাৰ পৰম্পৰা চলি আহিছে। ইয়াৰ আন এক কাৰণো আছে৷ তাৰে এটা হ'ল আৱৰণটো কেতিয়াও ধুব নোৱাৰি। আৰু ৰঙা কাপোৰৰ ব্যৱহাৰৰ বাবে কিমান লেতেৰা হয় সেইয়া সহজে দৃশ্যমান নহয়। 

বহুলোকে ভাবে যে ব্যৱসায়ৰ বাবে ক্ৰেতাৰ মনোযোগ আকৰ্ষণ কৰিবলৈ লেপৰ আৱৰণ ৰঙা কাপোৰৰে প্ৰস্তুত কৰা হয়৷  ফলস্বৰূপে, ই দূৰৰ পৰা ক্ৰেতাৰ মনোযোগ আকৰ্ষণ কৰিব পাৰে। যদিও এই কথাা  কোনো নিৰ্দিষ্ট প্ৰমাণ নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু