--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
কালী পূজা যোৱাৰ পিছতে লাহে লাহে ধৰালৈ শীতৰ আগমন ঘটিছে৷  শীতকাল মানেই উমাল  চুৱেটাৰ, জেকেট পিন্ধাৰ দিন৷কম্বল,লেপ বনোৱা দোকানসমূহত ভিৰ বাঢ়ে৷ 

ৰঙা কাপোৰ আৱৰণ থকা উমাল লেপসমূহ শীতকালৰ চিনাকি দৃশ্য৷আপুনি  যিমানেই বিলাসী কম্বল ব্যৱহাৰ নকৰক কিয়, লেপৰ আমেজ সদায় সুকীয়া। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে , লেপত কিয়  ৰঙা কাপোৰ ব্যৱহাৰ কৰা হয়? ইয়াৰ আঁৰত কোনো নিৰ্দিষ্ট কাৰণ আছে নেকি? নে ইয়াৰ আঁৰত আন এটা ইতিহাস আছে? এই সকলো প্ৰশ্নৰ উত্তৰ দিব আমাৰ এই লেখাই৷ 

এসময়ত মুৰ্শিদাবাদৰ সকলো ঠাইতে লেপৰ নিজা নাম আছিল।আৰু নিজা ধৰণেৰে প্ৰস্তুত কৰা হৈছিল৷ লেপ তৈয়াৰ কৰিবলৈ সেই সময়ত বহুতে ভেলভটৰ কাপোৰ ব্যৱহাৰ কৰা হৈছিল৷ এতিয়া, অৱশ্যে উচ্চ মূল্যৰ বাবে ভেলভেট কাপোৰ ব্যৱহাৰ কৰা নহয়। কিন্তু ৰঙা কাপোৰ ব্যৱহাৰ কৰাৰ প্ৰথা আজিও অব্যাহত আছে। যদিও কোনো নিয়ম নাই, শিল্পীসকলে এতিয়াও ৰঙা কাপোৰত আৱৰণ প্ৰস্তুত কৰে।

বংগ, বিহাৰ আৰু উৰিষ্যাৰ প্ৰথম নৱাব মুৰ্ছিদ কুলি খানৰ সময়ৰ পৰা, পৰম্পৰা অনুসৰি ৰঙা ভেলভেট কাপোৰ ব্যৱহাৰ কৰি লেপৰ আৱৰণ কৰা হৈছিল। মুৰ্ছিদ কুলি খানৰ জীয়ৰীৰ জামাই নৱাব সুজাউদ্দিনে মখমলৰ সলনি ৰেচমৰ কাপোৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল।

আনহাতে, বাংলাদেশৰ ঢাকাৰ লেপ ব্যৱসায়ীসকলে কয় যে নৱাবসকলেও এই শৈলী আৰু আৱৰণত ৰঙৰ ব্যৱহাৰ অনুসৰণ কৰিছিল। তেতিয়াৰ পৰা, ৰঙা কাপোৰত লেপৰ আৱৰণ  বনোৱাৰ পৰম্পৰা চলি আহিছে। ইয়াৰ আন এক কাৰণো আছে৷ তাৰে এটা হ'ল আৱৰণটো কেতিয়াও ধুব নোৱাৰি। আৰু ৰঙা কাপোৰৰ ব্যৱহাৰৰ বাবে কিমান লেতেৰা হয় সেইয়া সহজে দৃশ্যমান নহয়। 

বহুলোকে ভাবে যে ব্যৱসায়ৰ বাবে ক্ৰেতাৰ মনোযোগ আকৰ্ষণ কৰিবলৈ লেপৰ আৱৰণ ৰঙা কাপোৰৰে প্ৰস্তুত কৰা হয়৷  ফলস্বৰূপে, ই দূৰৰ পৰা ক্ৰেতাৰ মনোযোগ আকৰ্ষণ কৰিব পাৰে। যদিও এই কথাা  কোনো নিৰ্দিষ্ট প্ৰমাণ নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement