--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকুখ্যাত জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ  বাবে ৰাণী এলিজাবেথক হত্যাৰ ভাবুকি  দিছিল এজন  ব্ৰিটিছ  শিখ লোকে৷ ২০২১ চনৰ খ্ৰীষ্টমাছৰ দিনা ৰাণী দ্বিতীয় এলিজাবেথক হত্যা কৰিব বিচৰা আৰু এনে ভাবুকি দিয়াৰ পিছতে  উইণ্ডছৰ কেচেলৰ খেলপথাৰত ধৰা পৰা এজন ব্ৰিটিছ শিখ ব্যক্তিয়ে   দেশদ্ৰোহী আইনৰ অধীনত দোষ স্বীকাৰ কৰিছে।

 ২১ বছৰীয়া যশৱন্ত সিং চাইলে হাতত অস্ত্ৰ লৈ   মুখা পিন্ধি আহিছিল আৰু কৈছিল  "মই ইয়ালৈ ৰাণীক হত্যা কৰিবলৈ আহিছোঁ"। তেওঁ দুৰ্গৰ খেলপথাৰত প্ৰৱেশ কৰাৰ আগতে এটা ভিডিঅ' ৰেকৰ্ড কৰিছিল, যিটো তেওঁ গ্ৰেপ্তাৰ হোৱাৰ প্ৰায় ১০ মিনিট আগতে আন বহুতলৈ প্ৰেৰণ কৰিছিল। "মই যি কৰিছো আৰু কি কৰিম তাৰ বাবে মই দুঃখিত। মই ৰাজপৰিয়ালৰ ৰাণী এলিজাবেথক হত্যা কৰাৰ চেষ্টা কৰিম," তেওঁ ভিডিঅ'টোত কৈছিল।" 

" যিসকলে ১৯১৯ চনৰ গণহত্যাত মৃত্যুবৰণ কৰিছিল তেওঁলোকৰ বাবেই মই ৰাণীক হত্যা কৰিম৷," চাইলে লগতে কৈছিল। উল্লেখ্য  ব্ৰিটিছ ঔপনিৱেশিক সৈন্যই ভাৰতৰ অমৃতসৰত প্ৰায় ৪০০ শিখক গুলীয়াই হত্যা কৰিছিল। ভাৰতীয়সকলে দীৰ্ঘদিন ধৰি ব্ৰিটেইনৰ পৰা এই বিষয়ত  আনুষ্ঠানিকভাবে  ক্ষমা বিচাৰিছিল৷  এই নহত্যাক  ১৯১৯ চনৰ জালিয়ানৱালাবাগ গণহত্যা বুলি কোৱা হয় ৷ ব্ৰিটিছ বাহিনীয়ে ঔপনিৱেশিক আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সমবেত হোৱা নিৰস্ত্ৰ ভাৰতীয় নাগৰিকসকলৰ ওপৰত গুলীচালনা কৰিছিল।

 ইয়াৰ প্ৰতিশোধ স্বৰূপেই লোকজনে ৰাণীক হত্যা কৰিবলৈ বিচাৰিছিল৷চাইলই   শুক্ৰবাৰে লণ্ডনৰ ওল্ড বেইলী আদালতত যুক্তৰাজ্য খনৰ  দেশদ্ৰোহী আইনৰ অধীনত অপৰাধ স্বীকাৰ কৰে । ১৯৮১ চনৰ পিছত দেশদ্ৰোহৰ বাবে দোষী সাব্যস্ত হোৱা তেওঁ ব্ৰিটেইনৰ  প্ৰথম ব্যক্তি। তেওঁক ৩১ মাৰ্চত আদালতে দণ্ডিত কৰিব৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ