--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকুখ্যাত জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ  বাবে ৰাণী এলিজাবেথক হত্যাৰ ভাবুকি  দিছিল এজন  ব্ৰিটিছ  শিখ লোকে৷ ২০২১ চনৰ খ্ৰীষ্টমাছৰ দিনা ৰাণী দ্বিতীয় এলিজাবেথক হত্যা কৰিব বিচৰা আৰু এনে ভাবুকি দিয়াৰ পিছতে  উইণ্ডছৰ কেচেলৰ খেলপথাৰত ধৰা পৰা এজন ব্ৰিটিছ শিখ ব্যক্তিয়ে   দেশদ্ৰোহী আইনৰ অধীনত দোষ স্বীকাৰ কৰিছে।

 ২১ বছৰীয়া যশৱন্ত সিং চাইলে হাতত অস্ত্ৰ লৈ   মুখা পিন্ধি আহিছিল আৰু কৈছিল  "মই ইয়ালৈ ৰাণীক হত্যা কৰিবলৈ আহিছোঁ"। তেওঁ দুৰ্গৰ খেলপথাৰত প্ৰৱেশ কৰাৰ আগতে এটা ভিডিঅ' ৰেকৰ্ড কৰিছিল, যিটো তেওঁ গ্ৰেপ্তাৰ হোৱাৰ প্ৰায় ১০ মিনিট আগতে আন বহুতলৈ প্ৰেৰণ কৰিছিল। "মই যি কৰিছো আৰু কি কৰিম তাৰ বাবে মই দুঃখিত। মই ৰাজপৰিয়ালৰ ৰাণী এলিজাবেথক হত্যা কৰাৰ চেষ্টা কৰিম," তেওঁ ভিডিঅ'টোত কৈছিল।" 

" যিসকলে ১৯১৯ চনৰ গণহত্যাত মৃত্যুবৰণ কৰিছিল তেওঁলোকৰ বাবেই মই ৰাণীক হত্যা কৰিম৷," চাইলে লগতে কৈছিল। উল্লেখ্য  ব্ৰিটিছ ঔপনিৱেশিক সৈন্যই ভাৰতৰ অমৃতসৰত প্ৰায় ৪০০ শিখক গুলীয়াই হত্যা কৰিছিল। ভাৰতীয়সকলে দীৰ্ঘদিন ধৰি ব্ৰিটেইনৰ পৰা এই বিষয়ত  আনুষ্ঠানিকভাবে  ক্ষমা বিচাৰিছিল৷  এই নহত্যাক  ১৯১৯ চনৰ জালিয়ানৱালাবাগ গণহত্যা বুলি কোৱা হয় ৷ ব্ৰিটিছ বাহিনীয়ে ঔপনিৱেশিক আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সমবেত হোৱা নিৰস্ত্ৰ ভাৰতীয় নাগৰিকসকলৰ ওপৰত গুলীচালনা কৰিছিল।

 ইয়াৰ প্ৰতিশোধ স্বৰূপেই লোকজনে ৰাণীক হত্যা কৰিবলৈ বিচাৰিছিল৷চাইলই   শুক্ৰবাৰে লণ্ডনৰ ওল্ড বেইলী আদালতত যুক্তৰাজ্য খনৰ  দেশদ্ৰোহী আইনৰ অধীনত অপৰাধ স্বীকাৰ কৰে । ১৯৮১ চনৰ পিছত দেশদ্ৰোহৰ বাবে দোষী সাব্যস্ত হোৱা তেওঁ ব্ৰিটেইনৰ  প্ৰথম ব্যক্তি। তেওঁক ৩১ মাৰ্চত আদালতে দণ্ডিত কৰিব৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন