--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অজগৰৰ নাম শুনিলেই ভয় লগাটো স্বাভাৱিক। কিন্তু আমেৰিকাৰ ফ্ল’ৰিডাৰ এজন ব্যক্তিয়ে এডাল অজগৰ লগত এক আচৰিত কাম কৰিছে। এই ব্যক্তিজনে অজগৰ এটাক দাঁতেৰে কামুৰি মূৰটো পৃথক কৰি পেলায়। আচৰিত কথাটো হ’ল এই অজগৰটো এগৰাকী মহিলাৰ পোহনীয়া আছিল আৰু অভিযুক্ত ব্যক্তিজনৰ সেই মহিলাগৰাকীৰ সৈতে কাজিয়া হৈছিল।

আচলতে এই ঘটনা আমেৰিকাৰ ফ্ল’ৰিডাৰ। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অভিযুক্ত ব্যক্তিজনৰ নাম জাষ্টিন আৰু তেওঁ মহিলাগৰাকীৰ বন্ধু। তথ্য অনুসৰি অভিযুক্ত ব্যক্তিজন সেইদিনা মহিলাগৰাকীৰ ফ্লেটলৈ গৈছিল আৰু কোনো এটা বিষয়ক লৈ দুয়োৰে মাজত কাজিয়া হৈছিল। কাজিয়া ইমানেই গৈছিল যে মানুহজনে সেই মহিলাগৰাকীৰ পোহনীয়া অজগৰটোক আক্ৰমণ কৰিছিল। দাঁতেৰে কামুৰি সি অজগৰটোৰ মূৰটো আতৰাই পেলালে।

কেৱল এয়াই নহয়, সেই ব্যক্তিজনৰ মহিলাগৰাকীৰ সৈতে তীব্ৰ কাজিয়াও হৈছিল। কাজিয়াৰ শব্দ শুনি মহিলাগৰাকীৰ ওচৰ-চুবুৰীয়াই তাত গোট খাই আৰক্ষীক খবৰ দিয়ে। সেই ব্যক্তিজন পুলিচ অহাৰ আগতেই তাৰ পৰা পলায়ন কৰে। আৰক্ষীৰ দলটোৱে তাত উপস্থিত হোৱাৰ লগে লগে অজগৰটো আৰু তাৰ কটা মূৰটোহে পাইছিল। 

পাছত আৰক্ষীৰ দলটোৱে এই ঘটনাৰ তদন্তত দেখা গ’ল যে মহিলাগৰাকী আৰু অভিযুক্ত দুয়োজনেই ইতিমধ্যে চিনাকি আছিল। ঘটনাৰ সময়ত দুয়ো একেলগে উপস্থিত আছিল। তাৰ পাছত কোনো এটা বিষয়ক লৈ দুয়োৰে মাজত কাজিয়া হ’ল। বৰ্তমান আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে মহিলাগৰাকীকো এই সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ