--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জামু খাই সকলোৱে ভালপায়। জামু সমগ্ৰ ভাৰতৰ প্ৰায় সকলো ৰাজ্যতে পোৱা যায়।  মধুমেহত ভোগা ৰোগীৰ বাবে ই প্ৰকৃতিৰ এক অনুপম উপহাৰস্বৰূপ। আয়ুৰ্বেদ শাস্ত্ৰত ইয়াক উদৰ ৰোগ নাশক, হজমী কাৰক(পাচক), কৃমি, কফ, পিত্ত আৰু দেহৰ পোৰণি প্ৰশমক বুলি কোৱা হৈছে। জামু ঔষধি গুণেৰে ভৰপূৰ। 

জামুত পোৱা পুষ্টিকৰ উপাদান

জামু দেখাত সৰু হ’ব পাৰে, কিন্তু তাত পুষ্টিকৰ উপাদানৰ অভাৱ নাই। জামু খালে শৰীৰত প্ৰচুৰ পৰিমাণে আইৰণ, কেলচিয়াম, ফছফৰাছ, ছডিয়াম, মেগনেছিয়াম, ভিটামিন বি আৰু ভিটামিন চি পোৱা যায়।

জামু খোৱাৰ উপকাৰিতা

আমি সকলোৱে জামু খোৱা উচিত কাৰণ ইয়াৰ জৰিয়তে তেজৰ চেনি নিয়ন্ত্ৰণ কৰা, ৰক্তচাপ নিয়ন্ত্ৰণ কৰা, দাঁত পৰিষ্কাৰ কৰা, ৰক্তক্ষৰণ বন্ধ হোৱা, ওজন কমোৱা সহজ হৈ পৰে। 

জামুৰ লগত ৩টা বস্তু খাব নালাগে

কিছুমান বিশেষ বস্তু জামুৰ লগত খাব নালাগে, জানো আহক সেই খাদ্য সামগ্ৰী কি কি।

হালধি- হালধি আয়ুৰ্বেদিক ঔষধ যিটো আমাৰ শৰীৰৰ বাবে অতি উপকাৰী, কিন্তু ইয়াক কেতিয়াও জামুৰ লগত খাব নালাগে কাৰণ এই দুটা বস্তুৱে ইটোৱে সিটোৰ লগত প্ৰতিক্ৰিয়া কৰি পেটৰ বিষ, অস্থিৰতা সৃষ্টি কৰিব পাৰে। আৰু ইয়াৰ এলাৰ্জি হোৱা আশংকাও আছে।

গাখীৰ- জামুৰ লগত কেতিয়াও গাখীৰ বা গাখীৰৰ পৰা তৈয়াৰী খাদ্য খাব নালাগে কাৰণ তেনে কৰিলে পেটৰ বিষ হ’ব পাৰে। আপোনাৰ বদহজম, গেছ, পেটৰ বিষ হব পাৰে। সেইবাবেই জামু খোৱাৰ আগতে বা খোৱাৰ লগে লগে গাখীৰ খাব নালাগে।

আচাৰ- আচাৰ খালে খাদ্যৰ সোৱাদ বৃদ্ধি পায়, কিন্তু বেছিভাগ খাদ্য বিশেষজ্ঞই ইয়াক স্বাস্থ্যকৰ বুলি নাভাবে। জামু খোৱাৰ আগতে বা পাছত আচাৰ সেৱন কৰিলে বমি, গেছ আৰু জ্বলন হ’ব পাৰে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক